• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Jiophone Next: JIO আৰু GOOGLEৰ নতুন স্মাৰ্টফোন, দীপাৱলীৰ পূৰ্বেই গ্ৰাহকৰ হাতত!

Jiophone Next: JIO আৰু GOOGLEৰ নতুন স্মাৰ্টফোন, দীপাৱলীৰ পূৰ্বেই গ্ৰাহকৰ হাতত!

স্মাৰ্টফোনটো দুয়োটা প্ৰতিষ্ঠানে যুটীয়া ভাবে নিৰ্মাণ কৰিছে।

স্মাৰ্টফোনটো দুয়োটা প্ৰতিষ্ঠানে যুটীয়া ভাবে নিৰ্মাণ কৰিছে।

স্মাৰ্টফোনটো দুয়োটা প্ৰতিষ্ঠানে যুটীয়া ভাবে নিৰ্মাণ কৰিছে।

  • Share this:
জিও আৰু গুগলে আজি ঘোষণা কৰে যে, তেওঁলোকৰ বহু প্ৰতীক্ষিত JioPhone Next মুকলিৰ দিশৰ ক্ষীপ্ৰতাৰে আগবাঢ়িছে। ভাৰতীয়ৰ বাবে স্মাৰ্টফোনটো দুয়োটা প্ৰতিষ্ঠানে যুটীয়া ভাবে নিৰ্মাণ কৰিছে।

জিঅ' ফোন নেক্সট প্ৰথম ডিভাইচ য'ত এণ্ড্ৰইড আৰু প্লে ষ্টোৰ বেচড অপ্টিমাইজড অপাৰেটিং চিষ্টেম আছে। ডিভাইচ আৰু অপাৰেটিং চিষ্টেমে প্ৰিমিয়াম ক্ষমতা প্ৰদান কৰিব। যি এতিয়ালৈকে শক্তিশালী স্মাৰ্টফোনৰ সৈতে সম্পৰ্কিত হৈ আছে। ইয়াৰ ভিতৰত আছে ভইচ-ফাৰ্ষ্ট, যি মানুহক সমল ব্যৱহাৰ কৰিবলৈ আৰু ফোনটো নিজে নেভিগেট কৰিবলৈ সক্ষমতা প্ৰদান কৰে। এক উৎকৃষ্ট কেমেৰা আৰু শেহতীয়া এণ্ড্ৰইড সুবিধা আৰু সুৰক্ষা প্ৰদান কৰিব এই স্মৰ্টফোনটোৱে।

যোৱা বছৰেই ৰিলায়েন্স জিঅ'ই গুগলৰ সৈতে অংশীদাৰীত্ব ঘোষণা কৰিছিল। গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে নতুন স্মাৰ্টফোনটোৰ বিষয়ে কৈছিল যে, "আমাৰ পৰৱৰ্তী পদক্ষেপ গুগল আৰু জিঅ'ৰ সহযোগত নিৰ্মাণ কৰা এটা নতুন, সুলভ জিঅ' স্মাৰ্টফোনৰ সৈতে আৰম্ভ হয়। এইটো ভাৰতৰ বাবে প্ৰস্তুত কৰা হৈছে। এই স্মাৰ্টফোনে লাখ লাখ নতুন ব্যৱহাৰকাৰীৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিব, যিয়ে প্ৰথমবাৰৰ বাবে ইণ্টাৰনেটৰ অভিজ্ঞতা লাভ কৰি। গুগল ক্লাউড আৰু জিঅ'ৰ মাজত এক নতুন 5জি অংশীদাৰীত্বৰে এক বিলিয়নতকৈও অধিক ভাৰতীয়ক দ্ৰুত ইণ্টাৰনেটৰ সৈতে সংযোগ কৰাত সহায় কৰিব আৰু ভাৰতৰ ডিজিটাইজেচনৰ পৰৱৰ্তী পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰিব।"
Published by:Himangshu Bhuyan
First published: