চন্দ্ৰযান ২–এ সংগ্ৰহ কৰিলে চন্দ্ৰপৃষ্ঠৰ গুৰুত্বপূৰ্ণ ফটো, ফটোত দেখা গৈছে ভাৰতীয় বৈজ্ঞানিকৰ নামেৰে নামকৰণ কৰা গাঁত

‘মিত্ৰা’ নামৰ বিশাল গাঁতটোৰ নাম ভাৰতীয় ভৌতিক বিজ্ঞানী আৰু পদ্মভূষণ সন্মানেৰে সন্মানিত প্ৰফেছৰ শিশিৰ কুমাৰ মিত্ৰাৰ নামেৰে ৰখা হৈছে।

News18-Assam
Updated:August 27, 2019, 9:16 AM IST
চন্দ্ৰযান ২–এ সংগ্ৰহ কৰিলে চন্দ্ৰপৃষ্ঠৰ গুৰুত্বপূৰ্ণ ফটো, ফটোত দেখা গৈছে ভাৰতীয় বৈজ্ঞানিকৰ নামেৰে নামকৰণ কৰা গাঁত
‘মিত্ৰা’ নামৰ বিশাল গাঁতটোৰ নাম ভাৰতীয় ভৌতিক বিজ্ঞানী আৰু পদ্মভূষণ সন্মানেৰে সন্মানিত প্ৰফেছৰ শিশিৰ কুমাৰ মিত্ৰাৰ নামেৰে ৰখা হৈছে।
News18-Assam
Updated: August 27, 2019, 9:16 AM IST
ISRO–এ সোমবাৰে কয় যে বৰ্তমান চন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থকা চন্দ্ৰযান ২–এ চন্দ্ৰপৃষ্ঠৰ আৰু কেতবোৰ ফটো সংগ্ৰহ কৰিছে। এই ফটোত চন্দ্ৰপৃষ্ঠত থকা বহু বিশাল বিশাল গাঁত প্ৰত্যক্ষ কৰা হৈছে।

ISRO–এ এই ফটো প্ৰকাশ কৰি এক বিবৃতিত কয় যে চন্দ্ৰযান ২ৰ দ্বাৰা যি ফটো সংগ্ৰহ কৰা হৈছে সেয়া ‘সোমৰফেল্ড’, ‘কিৰ্কউড’, ‘জেকছন’, ‘মাক’, ‘কোৰোলেৱ’, ‘মিত্ৰা’, ‘প্লাছকেট’, ‘ৰোজদেস্তভেংস্কী’ আৰু ‘হৰ্মাইট’ নামৰ বিশাল গাঁতৰ। এই বিশাল গাঁতসমূহৰ নাম মহান বিজ্ঞানী, মহাকাশচাৰী আৰু ভৌতিক বিজ্ঞানীসকলৰ নামেৰে ৰখা হৈছে।

‘মিত্ৰা’ নামৰ বিশাল গাঁতটোৰ নাম ভাৰতীয় ভৌতিক বিজ্ঞানী আৰু পদ্মভূষণ সন্মানেৰে সন্মানিত প্ৰফেছৰ শিশিৰ কুমাৰ মিত্ৰাৰ নামেৰে ৰখা হৈছে। আয়নমণ্ডল আৰু ৰেডিঅ’ফিজিক্সৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে জনাজাত প্ৰফেছৰ মিত্ৰা।

ISROৰ মতে, চন্দ্ৰপৃষ্ঠৰ এই ফটো ২৩ আগষ্টত চন্দ্ৰযান ২ৰ টেৰেন মেপিং কেমেৰা–২ৰে প্ৰায় ৪৩৭৫ কিলোমিটাৰ উচ্চতাৰ পৰা লোৱা হৈছে। চন্দ্ৰযান ২ৰ দ্বাৰা লোৱা প্ৰথম ফটো ISRO–এ ২২ আগষ্টত প্ৰকাশ কৰিছিল। ২ ছেপ্টেম্বৰত কক্ষপথৰ পৰা বিচ্ছিন্ন হ’৸ব চন্দ্ৰযান ২ৰ লেণ্ডাৰ। ৭ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব চন্দ্ৰযান ২–এ।
আৰু চাওক পৰৱৰ্তী বাতৰি