চন্দ্ৰমাৰ আৰু কাষ চাপিল চন্দ্ৰযান–২, অৰ্বিটাৰৰ পৰা বিচ্ছিন্ন হ’ল লেণ্ডাৰ ‘বিক্ৰম’

এতিয়া ৭ ছেপ্টেম্বৰৰ পুৱতিনিশা ১.৩০ বজাৰ পৰা ২.৩০ বজাৰ ভিতৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান–২।

News18-Assam
Updated:September 2, 2019, 2:47 PM IST
চন্দ্ৰমাৰ আৰু কাষ চাপিল চন্দ্ৰযান–২, অৰ্বিটাৰৰ পৰা বিচ্ছিন্ন হ’ল লেণ্ডাৰ ‘বিক্ৰম’
এতিয়া ৭ ছেপ্টেম্বৰৰ পুৱতিনিশা ১.৩০ বজাৰ পৰা ২.৩০ বজাৰ ভিতৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান–২।
News18-Assam
Updated: September 2, 2019, 2:47 PM IST
ISRO–এ সফলভাৱে সম্পন্ন কৰিলে অৰ্বিটাৰৰ পৰা লেণ্ডাৰ ‘বিক্ৰম’ক বিচ্ছিন্ন কৰাৰ প্ৰক্ৰিয়া। ইয়াৰ পিছতে চন্দ্ৰৰ আৰু কাষ চাপিল চন্দ্ৰযান–২। দুপৰীয়া ১২.৪৫ বজাৰ পৰা ১.৪৫ বজাৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পন্ন কৰে ISRO–এ। ISROৰ ফালৰ পৰা দিয়া তথ্য অনুসৰি, ১.১৫ বজাত লেণ্ডাৰ ‘বিক্ৰম’ বিচ্ছিন্ন হয় অৰ্বিটাৰৰ পৰা। এতিয়া ৭ ছেপ্টেম্বৰৰ পুৱতিনিশা ১.৩০ বজাৰ পৰা ২.৩০ বজাৰ ভিতৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান–২।

২০ আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল চন্দ্ৰযান–২। লেণ্ডাৰ ‘বিক্ৰম’ অৰ্বিটাৰৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত ৭ ছেপ্টেম্বৰত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব। এয়া সফলভাৱে সম্পন্ন হ’লে ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰৱেশ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ব। ভাৰতৰ পূৰ্বে ৰাছিয়া, আমেৰিকা আৰু চীনে চন্দ্ৰলৈ গৈছে যদিও দক্ষিণ মেৰুত প্ৰৱেশ কৰিব পৰা নাছিল। লেণ্ডাৰ ‘বিক্ৰম’ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছতে ‘প্ৰজ্ঞান’ নামৰ ৰ’ভাৰ বাহিৰলৈ ওলাব। ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত চলাব পৰীক্ষা–নিৰীক্ষা।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি