অশ্লীল বিজ্ঞাপন কিয় দিছে? গ্ৰাহকক চুঙা চাই সোপা IRCTC–ৰ!

নিজৰ ‘Search History’ ডিলিট কৰি আমাৰ ৱেৱচাইট দৰ্শন কৰক! এগৰাকী যুৱকে IRCTCৰ ৱেৱচাইটত পৰ্ণগ্ৰাফীক বিজ্ঞাপন থকাৰ অভিযোগৰ সন্দৰ্ভত প্ৰত্যুত্তৰ IRCTC-ৰ ।

news18assam
Updated:May 30, 2019, 4:49 PM IST
অশ্লীল বিজ্ঞাপন কিয় দিছে? গ্ৰাহকক চুঙা চাই সোপা IRCTC–ৰ!
নিজৰ ‘Search History’ ডিলিট কৰি আমাৰ ৱেৱচাইট দৰ্শন কৰক! এগৰাকী যুৱকে IRCTCৰ ৱেৱচাইটত পৰ্ণগ্ৰাফীক বিজ্ঞাপন থকাৰ অভিযোগৰ সন্দৰ্ভত প্ৰত্যুত্তৰ IRCTC-ৰ ।
news18assam
Updated: May 30, 2019, 4:49 PM IST
ভাৰতীয় ৰেলৱেৰ অনলাইন টিকটৰ বাবে ব্যৱহাৰ কৰা এটা আগশাৰীৰ ৱেবচাইট IRCTC। কোনো বিষয়ত IRCTC ক অভিযোগ দিলে, ওলোতাই IRCTC–এ অভিযোগকাৰীৰ গাত সমস্ত দোষ জাপি দিয়াৰ উদাহৰণ কোনো দিন শুনা নাযায়। কিন্তু এনেধৰণৰ এক অবাঞ্চিত পৰিস্থিতিৰে মুখামুখি হবলগীয়া হ’ল এগৰাকী ব্যক্তি। এগৰাকী ব্যক্তিয়ে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে IRCTCৰ ৱেবচাইটত অশ্লীল বিজ্ঞাপন দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ অশ্লীল বিজ্ঞাপনটোৰ স্ক্ৰিন শ্বট মাৰি নিজৰ টুইটাৰত পষ্ট কৰি লিখিছিল যে, ‘ এইটো বিজ্ঞাপন মই IRCTC ৰ ৱেবচাইটত দেখিছিলো। যেতিয়া মই RCTC ৱেবচাইট লগ ইন কৰো তেতিয়া বিভিন্ন ধৰণৰ পৰ্ণগ্ৰাফীক মেটেৰিয়েল প্ৰত্যক্ষ কৰো। এনেদৰে IRCTC–ৰ ৱেবচাইটত পৰ্ণগ্ৰাফীক মেটেৰিয়েল দেখাতো অত্যন্ত লজ্জাজনক।’ বিষয়টোত ৰেলমন্ত্ৰী পিয়ুষ গোৱেলৰ হস্তক্ষেপো বিচাৰে অভিযুক্ত ব্যক্তিজনে।

ব্যক্তিজনৰ কৰা টুইটৰ লগে লগে প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় ৰেলৱে সেৱাই। টুইটাৰ জৰিয়তে ভাৰতীয় ৰেলৱে সেৱাই লোকজনক কয় যে IRCTC এ বিজ্ঞাপনৰ বাবে Google আৰু Serving tool ADX ব্যৱহাৰ কৰে। আৰু এই বিজ্ঞাপনবোৰে উপভোক্তাসকলক আকৰ্ষণ কৰিবলৈ ‘Cookies’ ব্যৱহাৰ কৰে। উপভোক্তাৰ ইতিহাস আৰু ‘browsing behaviour’ ৰ আধাৰত বিজ্ঞাপন সমূহ দেখুওৱা হয়। অনুগ্ৰহ কৰি নিজৰ ‘Search History’ ডিলিট কৰি আমাৰ ৱেৱচাইট দৰ্শন কৰক!

আৰু চাওক পৰৱৰ্তী বাতৰি