ডিজিটেল পৃথিৱীত সকলো কামেই সহজ হৈ পৰিছে যদিও আমাৰ ব্যক্তিগত তথ্যৰ বাবে ই বিপজ্জনক ৰূপেও দেখা দিছে। প্ৰতিদিনেই কোনো নহয় কোনো প্লেটফৰ্মৰ পৰা মানুহৰ ব্যক্তিগত তথ্য চুৰি হোৱাৰ খবৰ আহি থাকে। বৰ্তমান প্ৰযুক্তিৰ যুগত মানুহ যিমানেই স্মাৰ্ট হৈছে, হেকাৰেও সিমানেই স্মাৰ্ট কৌশল অৱলম্বন কৰিছে। কেতিয়াবা যদি এপ কোনো ডাউনলোড কৰাই প্ৰৱঞ্চনা কৰিছে, কেতিয়াবা আকৌ মানুহক বুৰ্বক বনাই লুটিছে ধন।
এনেধৰণৰ এক খবৰ পোহৰলৈ আহিছে। ৰাজস্থানৰ জয়পুৰৰ ৰিয়া নামৰ এগৰাকী যুৱতীৰ একাউণ্টৰ পৰা হেকাৰে লুটি নিলে ৪৬ হাজাৰ টকা। ভাস্কৰৰ খবৰ অনুসৰি, বৈশালী নগৰৰ ৰিয়া শৰ্মা নামৰ যুৱতীগৰাকীয়ে ইনষ্টাগ্ৰামত কোনো সমীক্ষাত নিজৰ তথ্য দাখিল কৰিছিল, য’ত নিজৰ ফোন নম্বৰো দিছিল। কোৱা হৈছে যে যুৱতীগৰাকীৰ নম্বৰটো এটা WhatsApp গ্ৰুপত এড কৰা হৈছিল, য’ত আগৰে পৰাই চাৰিজন লোক এড হৈ আছিল।
গ্ৰুপটোত ডিছকাউণ্টত কাপোৰ, জোতা, গহণা আদিৰ পোষ্টাৰ শ্বেয়াৰ কৰা হৈছিল। ৰিয়াই তাৰ পৰা দুটা বেগ অৰ্ডাৰ কৰিছিল। তাৰ পিছতে পে’মেণ্টৰ বাবে গ্ৰুপ এডমিনে যুৱতীগৰাকীক PhonePay ডাউনলোট কৰিবলৈ কৈছিল, যাৰ বাবে এটা লিংক দিছিল এডমিনে। লিংকটোত ক্লিক কৰাৰ পিছতে ৰিয়াৰ বেংক একাউণ্টৰ পৰা হৰলুকী হৈছিল ৪৬ হাজাৰ টকা।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|