মোবাইল ফোন নিৰ্মাণত আত্মনিৰ্ভৰশীল ভাৰত! হৈছেগৈ বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ নির্মাণকাৰী দেশ

ৰবি শংকৰ প্ৰসাদে এই কথা ঘোষণা কৰি কয় – যোৱা ৫ বছৰত ২০০ মোবাইল কোম্পানীয়ে ভাৰতত কাৰখানা পাতিছে।
ৰবি শংকৰ প্ৰসাদে এই কথা ঘোষণা কৰি কয় – যোৱা ৫ বছৰত ২০০ মোবাইল কোম্পানীয়ে ভাৰতত কাৰখানা পাতিছে।
- News18 Assam
- Last Updated: June 1, 2020, 7:51 PM IST
তেওঁ লগতে কয় এই সময়ছোৱাত দেশত ৩৩ কোটি মোবাইল ফোন নিৰ্মাণ হৈছে আৰু এই নির্মাণৰ মূল্য হৈছে ৩০ মিলিয়ন ডলাৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোম্পানী সমূহক ভাৰতবর্ষত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। কালিলৈ দিনৰ ১২ বজাত কেন্দ্ৰীয় চৰকাৰে নতুন বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি নীতি ঘোষণা কৰিব। নতুন নীতিৰ যোগেদি বিদেশী তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ আকৰ্ষিত কৰিবলৈ বহু কেইটা পদক্ষেপৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে।