নেটৱৰ্ক দুৰ্বল হ’লে আন অপাৰেটৰৰ পৰা হ’ব সংযোগ, ইণ্টাৰনেট সেৱাত নাহিব বাধা!

News18 Assam | News18-Assam
Updated:March 25, 2020, 11:23 PM IST
নেটৱৰ্ক দুৰ্বল হ’লে আন অপাৰেটৰৰ পৰা হ’ব সংযোগ, ইণ্টাৰনেট সেৱাত নাহিব বাধা!
এয়াৰটেলে ইয়াৰ আৰম্ভণি কৰাৰ বাবে ভোডাফোন আইডিয়াৰ সৈতে লিখিতভাৱে কথা পাতিছে।

এয়াৰটেলে ইয়াৰ আৰম্ভণি কৰাৰ বাবে ভোডাফোন আইডিয়াৰ সৈতে লিখিতভাৱে কথা পাতিছে।

  • Share this:
কোৰোণা ভাইৰাছৰ বাবে লকডাউনক লৈ দেশৰ টেলিকম কোম্পানীসমূহে ইণ্ট্রা–ছাৰ্কল ৰোমিং বন্ধ কৰাৰ দাবী তুলিছে। ইয়াৰ দ্বাৰা বেয়া নেটৱৰ্কৰ সমস্যাত ভুগিলে গ্ৰাহকে আন অপাৰেটৰৰ নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰিব। টেলিকম কোম্পানীৰ বিষয়ববীয়াই টাইমছ অব ইণ্ডিয়াৰ সৈতে বাৰ্তালাপত কয় যে দূৰসংযোগ কোম্পানীয়ে এডিচনেল নেটৱৰ্কৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ পৰা অস্থায়ীভাৱে হাই বেণ্ডৱিথৰ দাবী কৰিছে।

উদাহৰণস্বৰূপে দুৰ্বল বা নেটৱৰ্ক নাহিলে এয়াৰটেলৰ গ্ৰাহক নিজে নিজে ভোডাফোনৰ নেটৱৰ্কলৈ স্থানান্তৰিত হৈ যাব। এনেদৰে বাকী নেটৱৰ্কৰ ক্ষেত্ৰতো একেই কাম কৰিব।

ডাটা আৰু ভইচ কল সেৱাত কোনোধৰণৰ সমস্যা যাতে নহয়, তাৰ বাবে এয়া এক উত্তম উপায়। দেশজুৰি লকডাউনৰ সময়ত টেলিকম কোম্পানীৰ মাজত সহযোগিতাই গ্ৰাহকসকলৰ সমস্যা দূৰ কৰিব। লগতে যিকোনো সমস্যা হ’লে তাক শীঘ্ৰে সমাধান কৰিব পৰা যাব। জানিব পৰা মতে, এয়াৰটেলে ইয়াৰ আৰম্ভণি কৰাৰ বাবে ভোডাফোন আইডিয়াৰ সৈতে লিখিতভাৱে কথা পাতিছে।

এই বিষয়ে তথ্য সংগ্ৰহৰ বাবে যেতিয়া ভোডাফোন আইডিয়াৰ সৈতে সম্পৰ্ক কৰা হৈছিল তেতিয়া তেওঁলোকে জনায় যে এই সম্পৰ্কত বিবেচনা কৰি থকা হৈছে। বিশেষকৈ নেটৱৰ্ক সম্পৰ্কীয় বাধা দূৰ কৰাৰ বাবে এই পদক্ষেপৰ ওপৰত বিবেচনা কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি