মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»যদি আপোনাৰ ফোনত দেখিছে এই ১০টা লক্ষণ, বুজি ল’ব যে হেক হৈছে আপোনাৰ স্মাৰ্টফোন!

যদি আপোনাৰ ফোনত দেখিছে এই ১০টা লক্ষণ, বুজি ল’ব যে হেক হৈছে আপোনাৰ স্মাৰ্টফোন!

News18 Assam | News18-Assam
Updated:July 22, 2021, 2:15 PM IST
যদি আপোনাৰ ফোনত দেখিছে এই ১০টা লক্ষণ, বুজি ল’ব যে হেক হৈছে আপোনাৰ স্মাৰ্টফোন!
এই স্পাই এপ আৰু টুলে আপোনাৰ ডিভাইচৰ ভিতৰত সোমাই পৰে আৰু সহজতে দেখা হোৱা নাযায়।

এই স্পাই এপ আৰু টুলে আপোনাৰ ডিভাইচৰ ভিতৰত সোমাই পৰে আৰু সহজতে দেখা হোৱা নাযায়।

  • Share this:
পেগাছাছ বিবাদে পুনৰ এবাৰ মোবাইল স্পাইৰ আশংকা প্ৰকট কৰি তুলিছে। সাধাৰণ ইণ্টাৰনেট ব্যৱহাৰকাৰীক পেগাছাছৰ দৰে স্পাই টুলক লৈ ভয় কৰাৰ কাৰণ নাই, কিন্তু আন হেকিং আৰু স্পাই ছফটৱেৰ আৰু এপৰ পৰা সাৱধান হোৱা প্ৰয়োজন। কিছুমান এপে আপোনাৰ ফোনত ফাইনেন্স সম্বন্ধীয় তথ্য চুৰি কৰাৰ চেষ্টা কৰে। আনহাতে, কিছুমান ফটো গেলাৰী, কল, মেছেজ আৰু আন তথ্য চুৰি কৰিব পাৰে। এই স্পাই এপ আৰু টুলে আপোনাৰ ডিভাইচৰ ভিতৰত সোমাই পৰে আৰু সহজতে দেখা হোৱা নাযায়। আপোনাক জনাবলৈ লৈছো ১০টা লক্ষণ যাৰ দ্বাৰা আপোনাৰ ফোনত এই স্পাই টুলছ আৰু এপৰ বিষয়ে জানিব পাৰিব।

১. যদি আপোনাৰ ফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুতগতিত শেষ হৈছে, তেন্তে ফোনত স্পাই এপ বা স্পাই টুল থকাৰ সম্ভাৱনা থাকিব পাৰে। এই স্পাই টুল চেক কৰাৰ পূৰ্বে প্ৰথমে ফোনৰ বেকগ্ৰাউণ্ডত চলি থকা এপৰ পৰীক্ষা কৰক। বেকগ্ৰাউণ্ডত চলি থকা বহুত এপে বেটাৰীৰ চাৰ্জ শেষ কৰে। সেইবাবে সেইবোৰ প্ৰথমে বন্ধ কৰক।

২. আপোনাৰ ফোনত এনেকুৱা এপ আছে নেকি পৰীক্ষা কৰক, যিবোৰ আপুনি ডাউনলোড কৰা নাই। এনে এপ হেকাৰে আপোনাৰ ফোনত ডাউনলোড কৰিব পাৰে। এনেকুৱা এপ থাকিলে শীঘ্ৰে ডিলিট কৰক।

৩. যদি আপোনাৰ ফোন বহু শ্ল’ হৈ যায় আৰু ৰৈ ৰৈ কাম কৰে, তেন্তে আপোনাৰ ফোনৰ বেকগ্ৰাউণ্ডত ষ্টীল্থ মলৱেয়ৰ থাকিব পাৰে।

৪. যদি আপোনাৰ ডাটা ব্যৱহাৰ হঠাৎ বাঢ়ি যায় বা পৰিমাণতকৈ অধিক ব্যৱহাৰ হৈ আছে, তেন্তে আপোনাৰ ফোনত স্পাই এপ বা ছফটৱেৰে আপোনাৰ ডাটা ব্যৱহাৰ কৰি থাকিব পাৰে, কাৰণ তেওঁলোকে ইণ্টাৰনেট ব্যৱহাৰ কৰি আপোনাৰ গতিবিধি ট্ৰেক কৰে।

৫. আপোনাৰ ফোনত কেতবোৰ আচৰিত ধৰণৰ ঘটনা ঘটিছে নেকি? নিজে নিজে এপ ক্ৰেছ হৈ যা বা লোড হোৱাত সমস্যা হয় নেকি? কিছুমান ছাইট সাধাৰণতকৈ বেলেগ দেখিছে? এয়া আপোনাৰ ফোনত স্পাই এপে কাম কৰাৰ সংকেত।

৬. যদি আপুনি দেখিছে যে আপোনাৰ ফোনৰ স্ক্ৰীণত বহুতো পপআপ আহিছে, এয়া এডৱেয়ৰৰ কাৰণ হ’ব পাৰে। এয়া একপ্ৰকাৰৰ ছফটৱেৰ, যিয়ে আপোনাৰ ডিভাইচ বিজ্ঞাপনেৰে ভৰাই পেলায়। এনেকুৱা লিংকত কেতিয়াও ক্লিক নকৰিব।

৭. যদি আপোনাৰ ফটো গেলেৰীত এনেকুৱা ফটো বা ভিডিঅ’ দেখে যিবোৰ আপুনি কেতিয়াও লোৱা নাই, তেন্তে সাৱধান হওক, কিয়নো আপোনাৰ কেমেৰা কাৰোবাৰ দ্বাৰা নিয়ন্ত্ৰণ হ’ব পাৰে।

৮. যদি আপুনি আপোনাৰ ফোন ব্যৱহাৰ নকৰা অৱস্থাত ফ্লেছ লাইট অন হৈ থাকে, এয়া আন এক সংকেত। এনেকুৱা হ’ব পাৰে যে কোনো লোকে আপোনাৰ ডিভাইচ নিয়ন্ত্ৰণ কৰি আছে।

৯. দীঘলীয়া সময়লৈ ব্যৱহাৰ কৰাৰ ফলত ফোন গৰম হ’ব পাৰে, যেনে ঘণ্টা ঘণ্টা গেমিং কৰিলে বা নেভিগেচন এপ চলালে আদি। যদি আপোনাৰ ফোন ব্যৱহাৰ নহ’লেও গৰম হয়, তেন্তে এই সম্ভাৱনা থাকে যে হেকাৰে নিজৰ কাম কৰি আছে।

১০. যদি আপোনাৰ কল বা মেছেজ লগত আপুনি এনে তথ্য দেখিছে, যিবোৰ আপুনি প্ৰেৰণ কৰা নাই, তেন্তে এনেকুৱা হ’ব পাৰে যে হেকাৰে আপোনাৰ ফোন ব্যৱহাৰ কৰি আছে।
Published by: Sanjay Kumar Das
First published: July 22, 2021, 2:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি