উদ্ধাৰ কৰা হৈছে বায়ুসেনাৰ AN-32 বিমানৰ ধ্বংসাৱশেষ!

News18-Assam
Updated:June 4, 2019, 8:12 AM IST
উদ্ধাৰ কৰা হৈছে বায়ুসেনাৰ AN-32 বিমানৰ ধ্বংসাৱশেষ!
পায়ুমত উদ্ধাৰ কৰা হৈছে বিমানৰ অৱশিষ্টৰ।উদ্ধাৰৰ খবৰ অস্বীকাৰ ভাৰতীয় বায়ু সেনাৰ!

পায়ুমত উদ্ধাৰ কৰা হৈছে বিমানৰ অৱশিষ্টৰ।উদ্ধাৰৰ খবৰ অস্বীকাৰ ভাৰতীয় বায়ু সেনাৰ!

  • Share this:
সন্ধান পোৱা গৈছে সোমবাৰে যাত্ৰাপথত সন্ধানহীন হোৱা বায়ুসেনাৰ AN-32 বিমানৰ! অৰুণাচলৰ মেচুকাৰ সমীপত সন্ধান লাভ কৰা হৈছে বিমানখনৰ।অঞ্চলটোৰ পায়ুমত সন্ধান পোৱা গৈছে বিমানৰ অৱশিষ্টৰ। বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান। কিন্তু এতিয়ালৈকে বিমানখন সন্ধানপোৱা সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই ভাৰতীয় বায়ু সেনাই।

অৰুণাচলত সন্ধানহীন হৈছিল ভাৰতীয় বায়ুসেনাৰ AN-32 বিমান। যোৰহাটৰ পৰা অৰুণাচললৈ ৰাওনা হোৱাৰ সময়ত নিখোজ হৈছিল বিমানখন। যোৰহাটৰ পৰা দুপৰীয়া ১২.২৫ বজাত মেচুকাৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডলৈ গৈছিল বিমানখন। বিমানখনত আছিল মুঠ ১৩জন বিমানকৰ্মী। উৰণৰ ৫ মিনিট পিছতে সন্ধানহীন হয় বিমানখন। ২০০৯তো একেটা অঞ্চলতে দুৰ্ঘটনা হৈছিল বায়ুসেনাৰ এখন বিমানৰ।  বিমানখনৰ সন্ধানত ছুখই-৩০ কম্বেট এয়াৰক্ৰাফটে বিয়লি ভাগৰ পৰা চলাই আছিল অভিযান।

 
First published: June 3, 2019, 9:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি