এপ নাথাকিলেও ব্যৱহাৰ কৰিব পাৰিব WhatsApp, কেনেকৈ?

আজি আমি আপোনালোকক এনেকুৱা এটা উপায় দিম যাৰ জৰিয়তে WhatsApp ডিলিট কৰিও আপুনি অব্যাহত ৰাখিব পাৰিব মেছেজিং।

news18assam
Updated:June 13, 2019, 11:12 AM IST
এপ নাথাকিলেও ব্যৱহাৰ কৰিব পাৰিব WhatsApp, কেনেকৈ?
আজি আমি আপোনালোকক এনেকুৱা এটা উপায় দিম যাৰ জৰিয়তে WhatsApp ডিলিট কৰিও আপুনি অব্যাহত ৰাখিব পাৰিব মেছেজিং।
news18assam
Updated: June 13, 2019, 11:12 AM IST
আজিকালি বজাৰত উপলব্ধ কোনো স্মাৰ্টফোনতে মেম’ৰি স্পেচৰ অভাৱ অনুভৱ নহয়। কম দামৰ স্মাৰ্টফোনতো অন্তত 8GB ইণ্টাৰনেল মেম’ৰি পোৱা যায়। কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে অধিক ভিডিঅ’ বা ফটো ছেভ কৰাৰ ফলত মেম’ৰিৰ অভাৱ হয়। এনে অৱস্থাত কোনো এপ ডাউনলোড কৰাৰ ক্ষেত্ৰত অসুবিধা আহি পৰে।

এনে অৱস্থাত আপুনি কোনো এপ ডিলিট কৰিবলগীয়া হয়। যদি আপুনি আপোনাৰ ফোনৰ পৰা WhatsApp ডিলিট কৰিবলগীয়া হয়, তেন্তে আপুনি কেনেকৈ মেছেজ কৰিব? আজি আমি আপোনালোকক এনেকুৱা এটা উপায় দিম যাৰ জৰিয়তে WhatsApp ডিলিট কৰিও আপুনি অব্যাহত ৰাখিব পাৰিব মেছেজিং। কেনেকৈ এপ নোহোৱাকৈ ব্যৱহাৰ কৰিব WhatsApp?

আপুনি ফোনৰ পৰা WhatsApp ডিলিট কৰাৰ পূৰ্বে আন এটা ফোনত WhatsApp ডাউনলোড কৰি লওক। ইয়াৰ পিছত ফোনটোত web.whatsapp.com খোলক। আপুনি যিহেতু ম’বাইল ব্যৱহাৰ কৰিছে সেয়ে ম’বাইল ভাৰ্ছন খোল খাব। কিন্তু আপুনি ইয়াক ডেস্কটপ ভাৰ্ছনলৈ সলনি কৰি লওক। এতিয়া আপুনি ৱেবছাইটৰ ডেস্কটপ ভাৰ্ছন দেখা পাব। এই ভাৰ্ছনত আপুনি যিটো QR কোড দেখা পাব তাক আনটো ম’বাইলেৰে স্কেন কৰক। স্কেন কৰাৰ পিছত এই ফোনটোত আপোনাৰ নম্বৰৰ WhatsApp সংযোগ হৈ যাব।
আৰু চাওক পৰৱৰ্তী বাতৰি