মোবাইলৰ পাছৱৰ্ড পাহৰিছে নেকি, এনেদৰে সহজতে কৰক আনলক!

পাছৱৰ্ড দিয়াৰ পিছত কেতিয়াবা পাহৰা যায় স্মাৰ্টফোনত দিয়া পাছৱৰ্ড। যাৰ ফলস্বৰূপে যথেষ্ট চিন্তিত হৈ পৰা যায় যে কিদৰে খুলিব পৰা যাব সেই পাছৱৰ্ড। পিছে এতিয়া চিন্তাৰ কাৰণ নাই

News18-Assam
Updated:August 5, 2019, 3:41 PM IST
মোবাইলৰ পাছৱৰ্ড পাহৰিছে নেকি, এনেদৰে সহজতে কৰক আনলক!
পাছৱৰ্ড দিয়াৰ পিছত কেতিয়াবা পাহৰা যায় স্মাৰ্টফোনত দিয়া পাছৱৰ্ড। যাৰ ফলস্বৰূপে যথেষ্ট চিন্তিত হৈ পৰা যায় যে কিদৰে খুলিব পৰা যাব সেই পাছৱৰ্ড। পিছে এতিয়া চিন্তাৰ কাৰণ নাই
News18-Assam
Updated: August 5, 2019, 3:41 PM IST
আজিকালি প্ৰায় সকলোৱে নিজ নিজ ফোনত লগাই থয় লক। পেটাৰ্ন হওক বা পিন হওক, ফিংগাৰপ্ৰিণ্ট বা পাছৱৰ্ড, ফোন লক কৰি থ’লে আপোনাৰ ফোনত থকা তথ্য অইন লোকে পোৱাৰ ভয় দূৰ হৈ থাকে। পিছে পাছৱৰ্ড দিয়াৰ পিছত কেতিয়াবা পাহৰা যায় স্মাৰ্টফোনত দিয়া পাছৱৰ্ড। যাৰ ফলস্বৰূপে যথেষ্ট চিন্তিত হৈ পৰা যায় যে কিদৰে খুলিব পৰা যাব সেই পাছৱৰ্ড। পিছে এতিয়া চিন্তাৰ কাৰণ নাই কিয়নো আপোনাৰ বাবে আছে কেইটামান টিপ্ছ, যাৰ ফলত মিনিটতে আনলক কৰিব পাৰিব আপোনাৰ স্মাৰ্টফোনটো।

Gmailৰ সহায়ত আনলক কৰক ফোন : কেইবাবাৰো পাছৱৰ্ড পাহৰাৰ পাছতো যদি ফোনত পাছৱৰ্ড দিয়ে তেন্তে তাত ফৰগট পেটাৰ্ন বা ফৰগট পাছৱৰ্ডৰ অপচন আহিব, য’ত ক্লিক কৰিব লাগিব আপুনি। ইয়াৰ পিছত আপোনাৰ গুগল একাউণ্টৰ নাম আৰু পাছৱৰ্ড দি ছাইন ইন কৰিব লাগিব। তাৰ পিছত নতুন পাছৱৰ্ড দি আপুনি আনলক কৰিব পাৰিব আপোনাৰ ফোন।

ফেক্টৰী ৰিছেট কৰক : এই প্ৰক্ৰিয়াৰ জৰিয়তে এপ্লাই কৰাৰ পূৰ্বে এটা কথা মন কৰিবলগীয়া যে ফেক্টৰী ৰিছেটৰ দ্বাৰা ফোনত যি তথ্য বা ফটো আৰু গান আছে সেইসমূহ উপলব্ধ নাথাকিব পৰৱৰ্তী সময়ত। অৰ্থাৎ ফেক্টৰী ৰিছেটৰ দ্বাৰা ফোন আনলক কৰিবলৈ হ’লে ফোনটোৰ পৰা ডিলিট হৈ যাব সকলো তথ্য বা ফটো, গান।

পাছৱৰ্ড দিয়াৰ পিছত কেতিয়াবা পাহৰা যায় স্মাৰ্টফোনত দিয়া পাছৱৰ্ড। যাৰ ফলস্বৰূপে যথেষ্ট চিন্তিত হৈ পৰা যায় যে কিদৰে খুলিব পৰা যাব সেই পাছৱৰ্ড। পিছে এতিয়া চিন্তাৰ কাৰণ নাই কিয়নো আপোনাৰ বাবে আছে কেইটামান টিপ্ছ, যাৰ ফলত মিনিটতে আনলক কৰিব পাৰিব আপোনাৰ স্মাৰ্টফোনটো।

আপুনিও যদি মোবাইলৰ পাছৱৰ্ড পাহৰি চিন্তিত হৈ পৰিছিল কেতিয়াবা তেন্তে অৱলম্বন কৰক এই উপায়। প্ৰথমে মোবাইলটো অফ কৰি ল’ব, ইয়াৰ পিছত ভলিউম বটম আৰু পাৱাৰ বটম দুয়োটা কিছু সময়ৰ বাবে হেঁচি ৰাখক। কেই ছেকেণ্ডমানৰ পিছত ৰিকভাৰী মোডত ছিলেক্ট কৰিব লাগিব আপুনি।

ইয়াৰ পিছত Yes, delete all user data ছিলেক্ট কৰিব লাগিব আপুনি, তাৰ পিছত ফোনটো ৰিবুট কৰক আৰু সহজতে আনলক হৈ যাব আপোনাৰ ফোনটো।

ডিভাইছ মেনেজাৰৰ জৰিয়তে কিদৰে কৰিব?

এই প্ৰক্ৰিয়া সেইসমূহ এণ্ড্ৰয়ড ডিভাইচতহে কাম কৰিব য’ত এণ্ড্ৰয়ড ডিভাইচ মেনেজাৰ এক্টিভ আছে। ইয়াৰ বাবে আপোনাক এণ্ড্ৰয়ড ডিভাইচ মেনেজাৰৰ ৱেবছাইটত গৈ গুগল একাউণ্টেৰে লগ ইন কৰিব লাগিব।

মনত ৰাখিব যে সেইটো একাউণ্ট হ’ব লাগিব, যিটো একাউণ্ট আপোনাৰ মোবাইলত দিয়া আছে। লগ ইনৰ পিছত Eraseত ক্লিক কৰিব, যাৰ দ্বাৰা আপোনাৰ ফেক্টৰ ৰিছেট হৈ যাব আৰু আপুনি পুনৰ পাছৱৰ্ড দিব পাৰিব। পিছে মনত ৰাখিব যে এই প্ৰক্ৰিয়াৰ দ্বাৰা ডিলিট হৈ যাব আপোনাৰ মোবাইলত থকা সকলো তথ্য, ফটো, গান।
আৰু চাওক পৰৱৰ্তী বাতৰি