এনেকৈ পলকতে এটা ব্ৰাঞ্চৰ পৰা আন এটা ব্ৰাঞ্চলৈ ট্ৰান্সফাৰ হ’ব SBIৰ একাউণ্ট

পলকতে এটা ব্ৰাঞ্চৰ পৰা আন এটা ব্ৰাঞ্চলৈ ট্ৰান্সফাৰ হ’ব এছবিআইৰ একাউণ্ট, কেনেকৈ জানো আহক।

News18
Updated:May 10, 2019, 1:41 PM IST
এনেকৈ পলকতে এটা ব্ৰাঞ্চৰ পৰা আন এটা ব্ৰাঞ্চলৈ ট্ৰান্সফাৰ হ’ব SBIৰ একাউণ্ট
পলকতে এটা ব্ৰাঞ্চৰ পৰা আন এটা ব্ৰাঞ্চলৈ ট্ৰান্সফাৰ হ’ব এছবিআইৰ একাউণ্ট, কেনেকৈ জানো আহক।
News18
Updated: May 10, 2019, 1:41 PM IST
পলকতে এটা ব্ৰাঞ্চৰ পৰা আন এটা ব্ৰাঞ্চলৈ ট্ৰান্সফাৰ হ’ব এছবিআইৰ একাউণ্ট, কেনেকৈ জানো আহক। SBI-এ নিজৰ গ্ৰাহকক ঘৰত বহি বহিয়ে এটা নিজ একাউণ্ট ট্ৰান্সফাৰ কৰাৰ সুযোগ প্ৰদান কৰিছে। ইয়াৰ কাৰণে আপোনাৰ কেৱাইচি থকা দৰকাৰ আৰু বেংকত আপোনাৰ ম’বাইল নম্বৰ ৰেজিষ্টাৰ্ড হ’ব লাগিব।

চাকৰি–বাকৰিৰ খাতিৰত বা অন্যান্য বিভিন্ন কাৰণত মানুহে আজিকালি এঠাইৰ পৰা আনঠাইলৈ সঘনাই ঠিকনা কৰিবলগীয়া হয়। ইয়াৰ মাজতে সকলো নথি–পত্ৰও আপুনি সলনি কৰিবলগীয়াত পৰে। এইক্ষেত্ৰত আটাইতকৈ ডাঙৰ সমস্যা হৈ থিয় দিয়ে বেংক একাউণ্ট ট্ৰান্সফাৰ কৰাৰ কাম। কিন্তু যদিহে আপোনাৰ একাউণ্ট  SBIত আছে তেনেহ’লে আপুনি ঘৰত বহি বহিয়ে একাউণ্ট ট্ৰান্সফাৰ কৰি ল’ব পাৰে। ইয়াৰ কাৰণে আপুনি ব্ৰাঞ্চলৈ গৈ আৱেদন নকৰিলেও হয়।  SBI–এ অনলাইন ব্ৰাঞ্চ সলনি কৰাৰ সুযোগ প্ৰদান কৰিছে।

জানি লওক এই কথাঃ SBI–এ নিজৰ গ্ৰাহকক ঘৰত বহি বহি দ্বিতীয় এটা ব্ৰাঞ্চলৈ একাউণ্ট ট্ৰান্সফাৰ কৰাৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ কাৰণে কেৱাইচি লাগিব আৰু বেংকত আপোনাৰ ম’বাইল নম্বৰটো পঞ্জীয়ন হৈ থাকিব লাগিব।

এইকেইটা নিয়ম পালন কৰকছ

SBIৰ ৱেৱছাইট www.onlinesbi.com– ত গৈ ব্যক্তিগত বেংকিঙৰ ইউজাৰ নেম আৰু পাচৱৰ্ড দি লগ ইন কৰক।

ইয়াৰ পিছত  'e services' ৰ অপশ্যনত ক্লিক কৰক। 

ইয়াৰ পিছত 'Transfer of savings account' ত ক্লিক কৰক।

এতিয়া আপুনি নিজৰ একাউণ্ট নম্বৰ আৰু ব্ৰাঞ্চ দেখা পাব। যদি আপোনাৰ এটাতকৈ বেছি একাউণ্ট আছে তেনেহ’লে ট্ৰান্সফাৰ কৰিবলগীয়া একাউণ্টত ক্লিক কৰক।

যিটো ব্ৰাঞ্চলৈ ট্ৰান্সফাৰ কৰিব বিচাৰিছে তাৰ কোড দিয়ক আৰু নিজেই চিষ্টেমে ব্ৰাঞ্চৰ নাম দেখুৱাব। ইয়াত গৈ ক্লিক কৰিক আৰু নিশ্চিত কৰক।

ইয়াৰ পিছত ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰত এটা অটিপি আহব সেয়া দি চাবমিট কৰক।

সৰ্বশেষত এটা মেচেজ আহিব যে যিটো ব্ৰাঞ্চৰ কাৰণে অনুৰোধ কৰিছে সেই অনুৰোধ ৰেজিষ্টাৰ্ড কৰা হৈছে আৰু এসপ্তাহৰ ভিতৰত সেই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। এসপ্তাহৰ ভিতৰত লগ ইন কৰিলে আপুনি একাউণ্টত নতুন ব্ৰাঞ্চৰ নাম দেখা পাব।
আৰু চাওক পৰৱৰ্তী বাতৰি