মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»WhatsApp: টাইপ নকৰাকৈ WhatsAppত প্ৰেৰণ কৰক মেছেজ, জানি লওক সহজ পদ্ধতি

WhatsApp: টাইপ নকৰাকৈ WhatsAppত প্ৰেৰণ কৰক মেছেজ, জানি লওক সহজ পদ্ধতি

News18 Assam | News18-Assam
Updated:September 15, 2021, 2:11 PM IST
WhatsApp: টাইপ নকৰাকৈ WhatsAppত প্ৰেৰণ কৰক মেছেজ, জানি লওক সহজ পদ্ধতি
WhatsAppৰ কিছু ছেটিংছ সলনি কৰিয়ে এই ফিচাৰ ব্যৱহাৰ কৰিব পাৰি। WhatsAppৰ ফালৰ পৰা কোৱা হৈছে যে এই সেৱা সম্পূৰ্ণ সুৰক্ষিত।

WhatsAppৰ কিছু ছেটিংছ সলনি কৰিয়ে এই ফিচাৰ ব্যৱহাৰ কৰিব পাৰি। WhatsAppৰ ফালৰ পৰা কোৱা হৈছে যে এই সেৱা সম্পূৰ্ণ সুৰক্ষিত।

  • News18 Assam
  • Last Updated: September 15, 2021, 2:11 PM IST
  • Share this:
জনপ্ৰিয় সামাজিক মাধ্যম WhatsAppৰ জৰিয়তে এতিয়া আৰু শীঘ্ৰে প্ৰেৰণ কৰিব পাৰিব মেছেজ। WhatsAppৰ নতুন ফিচাৰৰ ফলত টাইপ নকৰাকৈয়ে প্ৰেৰণ কৰিব পাৰিব মেছেজ। WhatsAppৰ এই নতুন ফিচাৰৰ জৰিয়তে নিজৰ বাৰ্তা প্ৰিয়জনলৈ প্ৰেৰণ কৰিবলৈ বেছি সময় নষ্ট কৰিব নালাগে। গুগলে (Google) তেওঁলোকৰ ভইচ এছিষ্টেণ্ট সেৱা ‘গুগল এছিষ্টেণ্ট (Google Assistant) আৰম্ভ কৰিছিল ২০১৫ চনত। টাইপ নকৰাকৈ মুখেৰে কৈয়ে নিজৰ পছন্দৰ বিষয়বস্তু সন্মুখত ওলাই পৰে। গুগলৰ এই সেৱা খুব কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰে। টাইপ নকৰাকৈ মুখেৰে কোৱা জনপ্ৰিয় এই সেৱা হোৱাট্ছএপেও আৰম্ভ কৰিছে।

WhatsAppৰ কিছু ছেটিংছ সলনি কৰিয়ে এই ফিচাৰ ব্যৱহাৰ কৰিব পাৰি। WhatsAppৰ ফালৰ পৰা কোৱা হৈছে যে এই সেৱা সম্পূৰ্ণ সুৰক্ষিত। ব্যৱহাৰকাৰীৰ নিজৰ তথ্য তেওঁলোকৰ ডাটাবেছতে মজুত থাকিব যিটো আন কোনোৱে দেখা নাপায়। WhatsAppৰ এই ফিচাৰত প্লেবেক স্পীডৰ প্ৰয়োগ কৰা হৈছে যিয়ে এই ফিচাৰটো আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে।

WhatsAppত ইমানদিনে ভইচ মেছেজ প্ৰেৰণ কৰিব পৰা গৈছিল যদিও সেই ভইচ মেছেজ ফিচাৰ আৰু আধুনিক আৰু উন্নত কৰা হৈছে। WhatsAppৰ এই ভইচ মেছেজক আকৰ্ষণীয় কৰি তুলিবলৈ আহিছে একেবাৰে নতুন ফিচাৰ ভইচ মেছেজ ট্ৰান্সস্ক্ৰিপচন (Voice Message Transcription)। এই নতুন ফিচাৰৰ জৰিয়তে নিজৰ কোৱা কথাখিনি টেক্সটৰূপে আনলৈ প্ৰেৰণ কৰিব পাৰিব। ইমানদিনে যিটো ভইচ মেছেজ ৰূপে প্ৰেৰণ কৰা হৈছিল। এই ফিচাৰৰ ফলত মেছেজ প্ৰেৰণ কৰা এতিয়া আৰু অধিক সহজ হৈ পৰিল। ইয়াৰ জৰিয়তে সহজতে ডাঙৰ মেছেজো অডিঅ’ ফাইলৰ জৰিয়তে খুব সহজতে প্ৰেৰণ কৰিব পৰা যাব।


Published by: Sanjay Kumar Das
First published: September 15, 2021, 2:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি