Aadhaar আৰু PAN কাৰ্ডত বেলেগ বেলেগ নাম আছে নেকি? কেনেকৈ ঠিক কৰিব?

সাধাৰণতে আধাৰ কাৰ্ড আবেদন কৰাৰ ৯০ দিনৰ পিছত জেনেৰেট হয়। কিন্তু আপুনি নিজৰ আধাৰ সম্পৰ্কে কেইবাটাও পদ্ধতিৰে পাব পাৰে।

News18-Assam
Updated:August 25, 2019, 6:16 PM IST
Aadhaar আৰু PAN কাৰ্ডত বেলেগ বেলেগ নাম আছে নেকি? কেনেকৈ ঠিক কৰিব?
সাধাৰণতে আধাৰ কাৰ্ড আবেদন কৰাৰ ৯০ দিনৰ পিছত জেনেৰেট হয়। কিন্তু আপুনি নিজৰ আধাৰ সম্পৰ্কে কেইবাটাও পদ্ধতিৰে পাব পাৰে।
News18-Assam
Updated: August 25, 2019, 6:16 PM IST
আধাৰ কাৰ্ড আৰু PAN কাৰ্ডত বেলেগ বেলেগ নামৰ অভিযোগ প্ৰায়ে শুনা যায়। প্ৰায়ে আধাৰ কাৰ্ড আৰু পান কাৰ্ডত ভুলকৈ নাম ছপা হয় বহুতৰে। এনেকুৱা হ’লে আপোনাৰ আধাৰ আৰু PAN কাৰ্ড সংযোগৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়।

কিন্তু এই সমস্যাৰ সমাধান কঠিন নহয়। যদি আপোনাৰ নাম ভুলকৈ ছপা হৈছে তেন্তে ইয়াক কেনেকৈ ঠিক কৰিব সেই সম্পৰ্কে জানো আহক।

>> PAN কাৰ্ডত নাম ঠিক কৰিবলৈ আপুনি www.onlineservices.nsdl.com/paam/endUserRegisterContact.htmlত যাব লাগিব।

>> ইয়াত আপুনি Changes or Correction in existing PAN Data অপচন বাছনি কৰিব লাগিব।
>> ইয়াৰ পিছত আপুনি এপ্লিকেচনত টাইটেল, লাষ্ট নেম, ফাৰ্ষ্ট নেম, ডেট অৱ বাৰ্থ, ই–মেইল আই ডি আৰু পেন নম্বৰ ভৰ্তি কৰিব লাগিব।
>> ইয়াৰ পিছত আপুনি নিজৰ ৰাষ্ট্ৰীয়তা আৰু captcha কোট ছাবমিট কৰিব লাগিব।
>> আপোনাক এটা টোকেন নম্বৰ জেনেৰেট কৰি দিয়া হ’ব। আপুনি শুধৰণিৰ অনলাইন ফৰ্ম লাভ কৰিব ইয়াত।

https://tin.tin.nsdl.com/pan/correctiondsc.html

অফলাইন চাওক আধাৰ ষ্টেটাছ
সাধাৰণতে আধাৰ কাৰ্ড আবেদন কৰাৰ ৯০ দিনৰ পিছত জেনেৰেট হয়। কিন্তু আপুনি নিজৰ আধাৰ সম্পৰ্কে কেইবাটাও পদ্ধতিৰে পাব পাৰে। ফোন কৰিও জানিব পাৰে আপোনাৰ আধাৰ সম্পৰ্কে। আধাৰ হটলাইন নম্বৰ ১৯৪৭ত কল কৰি আপোনাৰ URN নম্বৰ দি নিজৰ আধাৰ সম্পৰ্কে জানিব পাৰিব। ইয়াৰ উপৰি আপুনি প’ষ্ট বক্স ১৯৪৭, জিপিঅ’ বেংগালুৰু ৫৬০০০১ ঠিকনালৈ পত্ৰযোগেও আধাৰ সম্পৰ্কে তথ্য জানিব পাৰে। ই–মেইলযোগেও আপুনি জানিব পাৰিব আপোনাৰ আধাৰৰ তথ্য। ই–মেইল আই ডি – help@uidai.gov.in
আৰু চাওক পৰৱৰ্তী বাতৰি