Blocked নম্বৰৰ পৰা কেতিয়া আহিছিল Call আৰু SMS? জানিব পাৰি সহজেই
News18-Assam Updated:September 4, 2019, 5:39 PM IST

ব্লক কৰা এজন মানুহে আপোনাক কেতিয়া কেতিয়া কল বা মেচেজ কৰিবলৈ চেষ্টা কৰিছিল সেয়া সহজেই জানিব পৰা যায়।
ব্লক কৰা এজন মানুহে আপোনাক কেতিয়া কেতিয়া কল বা মেচেজ কৰিবলৈ চেষ্টা কৰিছিল সেয়া সহজেই জানিব পৰা যায়।
- News18 Assam
- Last Updated: September 4, 2019, 5:39 PM IST
দৰাচলতে প্ৰতিটো ফোনত ইয়াৰ কাৰণে বেলেগ বেলেগ পদ্ধতি আছে। উদাহৰণস্বৰূপে ছিয়ামিৰ স্মাৰ্টফোন যদিহে আপুনি ব্যৱহাৰ কৰে তেনেহ’লে আপুনি প্ৰথমে Security Appত যাব লাগিব।

–ইয়াৰ পিছত ব্লকলিষ্ট অপচনত গৈ আপুনি দুটা অপচন দেখা পাব, কল আৰু এছএমএছ। ইয়াত যেতিয়া আপুনি কল অপচনত ক্লিক কৰিব তেতিয়া আপুনি কল লগ পাব যিবোৰ নম্বৰ আপুনি ব্লক কৰি থৈছে।
–ইয়াৰ লগতে যদিহে আপুনি কাৰোবাৰ নম্বৰ ব্লক কৰিব বিচাৰে তেনেহ’লে আপুনি এইধৰণে প্ৰথমে ছিকিউৰিটী এপত যাব লাগিব। ইয়াত ব্লক লিষ্টত টেপ কৰক। ইয়াৰ তলৰ ফালে আপুনি এড অপচনৰ লগতে ‘+’ দেখা পাব ইয়াত টেপ কৰি ব্লক কৰিব বিচৰা নম্বৰটো ভৰাই দিলে সেই নম্বৰটো নিজে নিজে ব্লক হৈ পৰিব।
উল্লেখযোগ্য যে আপুনি কেতিয়াবা কাৰোবাৰ নম্বৰ ব্লক কৰিলে সেই ব্যক্তিজনে আপোনাক ফোন কৰিবলৈ চেষ্টা কৰিলে বাকী নটিফিকেশ্যনৰ দৰে সেই সময়তে আপুনি নটিফিকেশ্যনছ লাভ কৰিব। নটিফিকেশ্যনছত সময়ত কিমান বাৰ কল কৰা হৈছে সেই কথাও জানিব পাৰিব।