২০০০, ৫০০ আৰু ২০০ টকীয়া নোট ছপাবলৈ কিমান খৰচ কৰে চৰকাৰে?

২০১৬ৰ নৱেম্বৰত ভাৰত চৰকাৰে ২০০০ টকীয়া নোট ছপোৱাৰ ঘোষণা কৰিছিল।

News18-Assam
Updated:July 10, 2019, 12:20 PM IST
২০০০, ৫০০ আৰু ২০০ টকীয়া নোট ছপাবলৈ কিমান খৰচ কৰে চৰকাৰে?
CREATOR: gd-jpeg v1.0 (using IJG JPEG v62), quality = 82
News18-Assam
Updated: July 10, 2019, 12:20 PM IST
আপুনি জানেনে ভাৰতত এখন ২০০০ টকীয়া নোট ছপাবলৈ কিমান খৰচ হয়? যদি নাজানে আমি জনাম ইয়াৰ তথ্য। মঙলবাৰে এই সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাত বিত্ত ৰাজ্য মন্ত্ৰী অনুৰাগ ঠাকুৰে কিছু তথ্য প্ৰকাশ কৰে। তেওঁৰ মতে, ২০১৮–১৯ত এখন ২০০০ টকীয়া নোট ছপোৱাৰ খৰচ ১৮.৪ শতাংশ হ্ৰাস পাইছে। চৰকাৰী তথ্য অনুসৰি, ২০১৭–১৮ বৰ্ষত এখন ২০০০ টকীয়া নোট ছপোৱাৰ খৰচ চলিত বিত্তীয় বৰ্ষতকৈ ৬৫ পইচা বেছি আছিল। ২০১৬ৰ নৱেম্বৰত ভাৰত চৰকাৰে ২০০০ টকীয়া নোট ছপোৱাৰ ঘোষণা কৰিছিল।

এখন ২০০০ টকীয়া নোট ছপাবলৈ কিমান খৰচ?
সংসদত দাখিল কৰা তথ্য অনুসৰি ২০১৮–১৯ বৰ্ষত এখন ২০০০ টকীয়া নোট ছপাবলৈ বি আৰ বি এন এম পি এলে খৰচ কৰিবলগীয়া হয় ৩.৫৩ টকা। ২০১৭–১৮ বিত্তীয় বৰ্ষত এই খৰচ আছিল ৪.১৮ টকা।



৫০০ টকীয়া নোট ছপাবলৈ কিমান খৰচ হয়?
সংসদত মন্ত্ৰী অনুৰাগ ঠাকুৰে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৮–১৯ বৰ্ষত এখন ৫০০ টকীয়া নোট ছপোৱাৰ বাবে খৰচ হয় ২.১৩ টকা। ২০১৭–১৮ বিত্তীয় বৰ্ষত এই খৰচ আছিল ২.৩৯ টকা।



২০০ টকীয়া নোট ছপাবলৈ কিমান খৰচ?
এখন ২০০ টকীয়া নোট ছপাবলৈ ২০১৮–১৯ বিত্তীয় বৰ্ষত খৰচ হয় ২.১৫ টকা। ২০১৭–১৮ত এই খৰচ আছিল ২.২৪ টকা।
আৰু চাওক পৰৱৰ্তী বাতৰি