১০ হাজাৰতকৈ কম মূল্যৰ শ্ৰেষ্ঠ ফোনৰ পুৰস্কাৰ পাইছে Honor 10 Lite-এ, কিন্তু কিয়?

আপুনি ফটো তোলাৰ সময়তে বেকগ্ৰাউণ্ড সলনি কৰিব পাৰিব- বিভিন্ন ইফেক্টৰ সৈতে ছবি আৰু ভিডিঅ’ তুলিব পাৰিব।

News18-Assam
Updated:September 26, 2019, 6:18 PM IST
১০ হাজাৰতকৈ কম মূল্যৰ শ্ৰেষ্ঠ ফোনৰ পুৰস্কাৰ পাইছে Honor 10 Lite-এ, কিন্তু কিয়?
আপুনি ফটো তোলাৰ সময়তে বেকগ্ৰাউণ্ড সলনি কৰিব পাৰিব- বিভিন্ন ইফেক্টৰ সৈতে ছবি আৰু ভিডিঅ’ তুলিব পাৰিব।
News18-Assam
Updated: September 26, 2019, 6:18 PM IST
আপোনালোকৰ যিসকলে দহহাজাৰ টকাৰ ভিতৰত এক উন্নত মানৰ স্মাৰ্টফোন বিচাৰি আছে, তেওঁলোকৰ বাবে সুখবৰ। Honor 10 Lite ফোনটোৱে ভাৰতবৰ্ষত বৰ ভাল প্ৰতিক্ৰিয়া লাভ কৰিছে, বিশেষকৈ ইয়াৰ সুন্দৰ লুকছ, গ্ৰেডিয়েন্ট বেক ডিজাইন আৰু ইয়াৰ অনন্য কেমেৰাৰ বিশেষত্ববোৰৰ বাবে- তাকো ইমান প্ৰতিযোগিতামূলকভাৱে কম মূল্যত। উছৱৰ এই দিনত, HONOR-য়ে ইয়াক সবাতোকৈ আকৰ্ষণীয় কৰি তুলিব। আপুনি যদি আপোনাৰ পুৰণি ফোনটো সলাব খুজিছে বা নতুন স্মাৰ্টফোন এটা উপহাৰ দিব খুজিছে, তেন্তে Honor 10 Lite-ত কি কি পোৱা যাব, সেইটো চাই লোৱাটো বুদ্ধিয়কৰ কাম হ’ব।

কেমেৰাৰ বিশেষত্বসমূহ :

এই ফোনটোৰ কেমেৰা নিশ্চিতৰূপত অনন্য, কাৰণ এক বহল f/1.8 এপাৰছাৰ লেন্সৰ সৈতে ইয়াৰ আছে 13MP + 2MP ৰিয়েৰ এ.আই. কেমেৰা, লগতে এক LED ফ্লেশ্ব আৰু ফেজ ডিটেকশ্যন অটোফকাছৰ সৈতে ই সুসজ্জিত। 24MP এ.আই. ছেলফি কেমেৰাই দিন আৰু নিশাৰ পোহৰত এক উচ্চখাপৰ ছেলফিৰ অভিজ্ঞতা প্ৰদান কৰে যিহেতু ই এক 4-ইন-1 লাইটিং ফিউজন আৰু এক্সপ’জাৰ ক্ষতিপূৰণৰ প্ৰযুক্তিৰ দ্বাৰা চালিত হয়। কিন্তু সবাতোকৈ মজাৰ কথা হৈছে, কম পোহৰ পৰা স্থানতো ব্যৱহাৰকৰ্তাই 4128 x 3096 পিক্সেলৰ উচ্চমানৰ ছবি আৰু ভিডিঅ’ লাভ কৰিব বুলি কথা দিয়া হৈছে। আপুনি যদি অন্যান্য বিশেষত্ব, যেনে ফেচ ডিটেকশ্যন, টাচ্চ টু ফকাচ আৰু ডিজিটেল জুম আদিৰ কথা বিবেচনা কৰে, তেন্তে সৰ্বাংগীন অভিজ্ঞতা অতি সন্তুষ্টিজনক।

অতিৰিক্তভাৱে, AR ম’ডটোৱে আপোনাৰ ফটোগ্ৰাফীৰ অভিজ্ঞতাত অধিক ফূৰ্তি নিশ্চয় যোগ কৰিব, কিয়নো আপুনি ফটো তোলাৰ সময়তে বেকগ্ৰাউণ্ড সলনি কৰিব পাৰিব- বিভিন্ন ইফেক্টৰ সৈতে ছবি আৰু ভিডিঅ’ তুলিব পাৰিব। আপুনি HONOR-ৰ বিশেষ “এ.আই. বিউটী” পৰিভাষাৰ দ্বাৰা আনন্দিত হ’ব, কিয়নো আপোনাৰ বয়স, লিংগ আৰু ছালৰ প্ৰকাৰৰ ভিত্তিত ই আপোনাক বিউটী ইফেক্টসমূহ কাষ্টমাইজ কৰিবলৈ দিয়ে। ইয়াৰ ফলত চালে চকু ৰোৱাকৈ মিহি ছাল, ছালৰ বৰণ মিলাই লোৱা, শালমইনা নোহোৱা কৰা আৰু চকু উজ্জ্বল কৰি তোলা আদি কাম কৰিব পাৰি।

ডিজাইন আৰু ডিছপ্লে

Honor 10 Lite টোত আছে ডিউড্ৰপ ন’চ্ছ ডিছপ্লে, যাৰ স্ক্ৰীণৰ আকাৰ হৈছে 15.77 cm (6.21 inches) আৰু 1080 x 2340 পিক্সেলৰ এক FHD+ স্ক্ৰীণ ৰিজল্যুশ্যন। এইবাবে ডিছপ্লেখন অধিক ইমাৰ্ছিভ যেন লাগে আৰু ইয়াৰ শ্ৰেয় দিব পাৰি বেজেল-বিহীন ডিজাইনক, যি দিয়ে 91% স্ক্ৰীণ-টু-বডীৰ অনুপাত। অন্য ব্ৰেণ্ড বিলাকত এক ব্লু লাইট ফিল্টাৰ থকাৰ পৰিৱৰ্তে HONOR-ৰ স্মাৰ্টফোনত আছে TUV Rheinland প্ৰমাণিত আই কেয়াৰ ম’ড। ইয়াৰ টাচ্চ স্ক্ৰীণখন ভিন্ন-স্পৰ্শৰ গুণাগুণৰ সৈতে প্ৰস্তুত। ফোনটোৰ প্ৰশংসনীয় ফীছাৰ হৈছে ইয়াৰ অনন্য লুক, যিটো এক ষ্টাইলিছ গ্ৰেডিয়েন্ট ডিজাইনত উপলব্ধ। অন্যধৰণেৰে ক’বলৈ হ’লে এইটো নিৰ্মাণ কৰা হৈছে ব্যৱহাৰকৰ্তাৰ হাতত উত্তম লাগিবলৈ।

Honor 10 Lite স্মাৰ্টফোনসমূহ মিডনাইট ব্লেক, ছেফায়াৰ ব্লু, স্কাই ব্লু কালাৰ আদি ভেৰিয়েন্টত উপলব্ধ। গ্লাছেৰে কৰ ফিনিশ্বিঙৰ সৈতে এই ফোনটো একেবাৰে শ্লীক আৰু অতি ষ্টাইলিছ যেন লাগে।

পাৰফৰ্মেন্স/ কৰ্মদক্ষতা
Honor 10 Lite হৈছে Kirin 710 অক্টা-ক’ৰ প্ৰছেছৰৰ দ্বাৰা সমৰ্থন প্ৰাপ্ত। অক্টা-ক’ৰ প্ৰছেছৰ শেহতীয়া Android 9 (Pie) আৰু EMUI 9.1 ক 4GB RAM-ৰ সৈতে আপডেট কৰি মসৃণ পাৰফৰ্মেন্স প্ৰদান কৰে, লগতে উন্নত GPU 3.0 গ্ৰাফিক্স প্ৰছেছিং আৰু অধিক গতিৰ উত্তম বৰ্দ্ধন প্ৰদান কৰে, বিশেষকৈ গেমিঙৰ সময়ত। আপুনি নিশ্চিত ৰূপত এক ষ্টাটাৰ-ফ্ৰি অভিজ্ঞতা আশা কৰিব পাৰে, য’ত কোনো লেগ আৰু হাই ফ্ৰেম ৰেট নাই।আমি আত্মবিশ্বাসেৰে ক’ব পাৰোঁ যে আমি কিছুমান হেভী গ্ৰাফিক থকা গেম যেনে PUBG, ASPHALT 9 আৰু Fortnite খেলি চালোঁ, আৰু ফোনটো নিঁখুতভাৱে চলিছিল।

HONOR 10 lite-ৰ শেহতীয়া EMUI 9.1 আপডেটটোৱে এক আকৰ্ষণীয় ফীছাৰ প্ৰদান কৰে, যিটোৰ দ্বাৰা ব্যৱহাৰ কৰোঁতাই আটাইবিলাক ইনকামিং কলৰ বাবে ভিডিঅ’ ৰিংট’ন হিচাপে ৰাখিব পাৰে আৰু HONOR-য়ে দাবী কৰা অনুসৰি ই বৰ্দ্ধিত এ.আই. ক্ষমতা যেনে এ.আই. বৰ্দ্ধিত কল, এ.আই. ভিশ্যন, এ.আই. ছিন ৰিকগনিশ্যন আদি প্ৰদান কৰে।

আকৰ্ষণীয় মূল্য
এতিয়া সকলোৰে মনত খু–দুৱাই থকা প্ৰশ্নটোৰ উত্তৰ- Honor 10 Lite স্মাৰ্টফোনৰ মূল্য। এই স্মাৰ্টফোনটো Amazon আৰু Flipkart-ৰ ফেষ্টিভ ছেলৰ সময়ত 3+32GB ভেৰিয়েন্টৰ বাবে INR 7,999, 4+64GB ভেৰিয়েন্টৰ বাবে INR 8,999 আৰু 6+64GB ভেৰিয়েন্টৰ বাবে INR 9,999 ত উপলব্ধ হ’ব, যিটো আপোনাৰ জেপৰ বাবে বেছি গধুৰ সমস্যা নহ’ব।

তেন্তে কি সিদ্ধান্ত ল’ব?
এই স্মাৰ্টফোনটো বাজেট স্মাৰ্টফোন আগ্ৰহী ব্যক্তিৰ অনুমোদনৰ সৈতে প্ৰস্তুত। ইমান কম মূল্যত অন্য কোনো বাজেট স্মাৰ্টফোনৰ তুলনাত Honor 10 Lite কিনাটো বুদ্ধিমানৰ কাম। এই ফোনটো আশ্চৰ্যজনকভাৱে দেখিবলৈ ভাল আৰু এক আনন্দদায়ক অভিজ্ঞতা প্ৰদান কৰে। এইটো হৈছে এতিয়া আপুনি বিনিয়োগ কৰিবলগীয়া শ্ৰেষ্ঠ স্মাৰ্টফোন।

 Flipkart ৰ জৰিয়তে এই ফোনটো আপুনি ক্ৰয় কৰিব পাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি