মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»কোনোবাই আপোনাৰ Facebook একাউণ্ট হেক কৰিছে নেকি! কেনেকৈ জানিব এই কথা?

কোনোবাই আপোনাৰ Facebook একাউণ্ট হেক কৰিছে নেকি! কেনেকৈ জানিব এই কথা?

News18 Assam | News18-Assam
Updated:August 5, 2021, 5:07 PM IST
কোনোবাই আপোনাৰ Facebook একাউণ্ট হেক কৰিছে নেকি! কেনেকৈ জানিব এই কথা?
এই অৱস্থাত কি কৰিব লাগে কি কৰিব নালাগে সেয়া বহুতে ভাবি নাপায়। সেইসকল ব্যৱহাৰকাৰীসকলৰ বাবে এই প্ৰতিবেদন।

এই অৱস্থাত কি কৰিব লাগে কি কৰিব নালাগে সেয়া বহুতে ভাবি নাপায়। সেইসকল ব্যৱহাৰকাৰীসকলৰ বাবে এই প্ৰতিবেদন।

  • Share this:
ইণ্টাৰনেটৰ যিদৰে ভাল দিশ আছে, সেইদৰে বহুত বেয়া দিশো আছে। ফলত বিপদত পৰিবলৈ বেছি সময় নালাগে। বিশ্বৰ অসংখ্য মানুহে জনপ্ৰিয় ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক ব্যৱহাৰ কৰে। এই ফেচবুকৰ মাধ্যমেৰে আমি বহু বন্ধু বনাব পাৰো। কিন্তু এই ফেচবুকতে চকুৰ পচাৰতে কিমান ভয়ংকৰ কাণ্ড হ’ব পাৰে সেয়া হয়তো আমি কল্পনাই কৰিব নোৱাৰো। ফেচবুক ব্যৱহাৰকাৰীসকলৰ আটাইতকৈ ভয়কৰ কাৰণ হ’ল একাউণ্ট হেকিং। বহু ফেচবুক ব্যৱহাৰকাৰীৰ একাউণ্ট জালিয়াতি, ফিছিং আৰু একাউণ্ট হেকিঙৰ দৰে সমস্যাৰ চিকাৰ হয়।

এই অৱস্থাত কি কৰিব লাগে কি কৰিব নালাগে সেয়া বহুতে ভাবি নাপায়। সেইসকল ব্যৱহাৰকাৰীসকলৰ বাবে এই প্ৰতিবেদন। বৰ্তমান আধুনিক প্ৰযুক্তিৰ সৌজন্যত বহু ছচিয়েল মিডিয়া প্লেটফৰ্ম আৰু অনলাইন সেৱা এতিয়া ব্যৱহাৰকাৰীসকলক দেখুৱায় যে তেওঁলোকৰ একাউণ্টত আন কোনোবাই লগইন কৰিছে নেকি। যদি সন্দেহ হয় যে কোনো অজ্ঞাত পৰিচয়ৰ ব্যক্তিয়ে ফেচবুক একাউণ্ট একছেছ কৰিছে, সেইক্ষেত্ৰত তেওঁলোকৰ ওচৰৰ পৰা নিজৰ একাউণ্ট সুৰক্ষিত ৰাখিব বিচাৰিলে এই পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰি।

আমাৰ অজানিতে ফেচবুক একাউণ্ট কোনোবাই লগইন কৰিছে নেকি সেয়া জানিবলৈ প্ৰথমে ডেস্কটপ ব্ৰাউজাৰৰ পৰা বা স্মাৰ্টফোনৰ এপৰ পৰা একাউণ্টত লগইন কৰিব লাগিব। ইয়াৰ পিছত ছেটিংছত গৈ Security and Logins অপচনত ক্লিক কৰি ‘Where you’re logged in’ অপচনটো বিচাৰিব লাগিব। ইয়াত ক্লিক কৰিলেই এই ডিভাইচসমূহৰ এখন তালিকা দেখিবলৈ পোৱা যাব যিসমূহত বৰ্তমান ফেচবুক একাউণ্টৰ আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি লগইন কৰা হৈছে। একাউণ্টটো ক’ৰ পৰা একছেছ কৰা হৈছিল, সেয়া যিদৰে জনা যাব, তাৰ লগতে ব্যৱহৃত ডিভাইচ সম্পৰ্কেও বিষদ তথ্য দেখা যাব।

যদি আন এন্ট্ৰী চিনাক্ত কৰা যায়, তেন্তে পৃথক ডিভাইচসমূহৰ পৰা লগআউট কৰিব পাৰো আমি। কেৱল নিৰ্দিষ্ট কেইটামান ডিভাইচত ফেচবুক ব্যৱহাৰ কৰাৰ বিষয়টোও এইক্ষেত্ৰত নিশ্চিত কৰা যায়, ইয়াৰ বাবে কেৱল ‘Log out of all sessions’ত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত 'two-factor authentication' আৰম্ভ কৰিব লাগিব। ইয়াৰ পিছত এটা স্ক্ৰল কৰি তলৰ ফালে আহিলে Use two-factor authentication অপচনত আহি Editত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত ফোনত এটা মেছেজ আহিব। এতিয়া নতুন পাছৱৰ্ড ছেট কৰি ল’লে সমস্যাৰ সমাধান হৈ যাব।
Published by: Sanjay Kumar Das
First published: August 5, 2021, 5:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি