সহজতে পাব চুৰি হোৱা মোবাইল ফোন, চৰকাৰে প্ৰস্তুত কৰিলে নতুন প্লেন
News18-Assam Updated:June 19, 2019, 3:09 PM IST

দূৰসংযোগ বিভাগে দেশৰ প্ৰতিটো মোবাইল ফোনৰ ডেটাবেছ প্ৰস্তুত কৰিছে। Central Equipment Identity Register নাম দিয়া হৈছে ইয়াক।
দূৰসংযোগ বিভাগে দেশৰ প্ৰতিটো মোবাইল ফোনৰ ডেটাবেছ প্ৰস্তুত কৰিছে। Central Equipment Identity Register নাম দিয়া হৈছে ইয়াক।
- News18 Assam
- Last Updated: June 19, 2019, 3:09 PM IST
দেশৰ প্ৰতিটো মোবাইল ফোনৰ বাবে প্ৰস্তুত কৰা হ’ব ডেটা বেছ
ইয়াৰ বাবে দূৰসংযোগ বিভাগে দেশৰ প্ৰতিটো মোবাইল ফোনৰ ডেটাবেছ প্ৰস্তুত কৰিছে। যাক নাম দিয়া হৈছে Central Equipment Identity Register । ইয়াত দেশৰ প্ৰতিটো মোবাইল ফোনৰ IMEI নম্বৰ ৰেজিষ্টাৰ কৰা হৈছে। যদি আপোনাৰ ফোন চুৰি হয় তেন্তে থানাত গোচৰ ৰুজু কৰাৰ পিছত ইয়াৰে পৰা আপোনাৰ ফোন ব্লক কৰি দিয়া হ’ব আৰু কোনোধৰণৰ অপেৰেটৰৰ নেটৱৰ্কে কামত নাহিব। এই ডেটাবেছৰ জৰিয়তে আৰক্ষীয়ে সহজতে বিচাৰি পাব আপোনাৰ ফোন। দেশৰ যিকোনো স্থানতে ফোন প্ৰয়োগ কৰা হয় যদি আৰক্ষীয়ে সহজতে বিচাৰি উলিয়াব।
সৰ্বপ্ৰথমে ইয়াৰ ট্ৰায়েল মহাৰাষ্ট্ৰ চাৰ্কলত কৰা হৈছিল, য’তে এই ব্যৱস্থা যথেষ্ট সফল হৈছিল। এই সফলতাৰ পিছতে দূৰসংযোগে এতিয়া সমগ্ৰ দেশত এই ব্যৱস্থা বলবৎ কৰাৰ কথা ভাবিবলৈ আৰম্ভ কৰিছে। দূৰসংযোগ কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ এসপ্তাহ বা দুসপ্তাহৰ ভিতৰত ভিতৰত ইয়াক উন্মোচন কৰাৰ সম্ভাৱনা। ইয়াৰ লগতে চৰকাৰে ফোনৰ IMEI সলনি কৰাত ৩ বছৰৰ শাস্তিৰো ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পিছতো যদি কোনো লোকে ফোনৰ IMEI সলনি কৰে তেন্তে সেইটোও ব্লক কৰি দিয়া হ’ব। মুঠতে যিকোনো প্ৰকাৰে চুৰি কৰা ফোনৰ গোচৰ ৰুজু কৰাৰ পিছত ব্যৱহাৰ কৰিব নোৱাৰিব।