এতিয়া সহজতে পাব আপোনাৰ চুৰি হোৱা ফোন, চৰকাৰৰ নতুন পৰিকল্পনা

News18-Assam
Updated:June 19, 2019, 8:03 AM IST
এতিয়া সহজতে পাব আপোনাৰ চুৰি হোৱা ফোন, চৰকাৰৰ নতুন পৰিকল্পনা
দূৰসংযোগ বিভাগে দেশৰ সকলো ম’বাইল ফোনৰ ডাটাবেছ প্ৰস্তুত কৰিছে যিটোক চেন্ট্রেল ইকুইপমেণ্ট আইডেণ্টিটী ৰেজিষ্টাৰ নাম দিয়া হৈছে।

দূৰসংযোগ বিভাগে দেশৰ সকলো ম’বাইল ফোনৰ ডাটাবেছ প্ৰস্তুত কৰিছে যিটোক চেন্ট্রেল ইকুইপমেণ্ট আইডেণ্টিটী ৰেজিষ্টাৰ নাম দিয়া হৈছে।

  • Share this:
ভিৰৰ মাজেৰে যোৱাৰ সময়ত প্ৰায়েই ম’বাইল চুৰি হয় বুলি ভয় থাকে। নিজৰ ফোনটো চুৰি হ’লে পইচাৰ কথাটো বাদে দিয়ক, আমাৰ বহু তথ্যও হেৰাই যায়। যাৰ ফলত বহু ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়। বহু সময়ত আৰক্ষীক অভিযোগ দিয়াৰ পিছতো চুৰি হোৱা ফোন ঘূৰাই পোৱা নাযায়। কিন্তু এতিয়া চৰকাৰে এনেকুৱা এক পদক্ষেপ লৈছে যাৰ জৰিয়তে চুৰি হোৱা ফোন সহজতে পোৱা যাব।

ইয়াৰ বাবে দেশৰ দূৰসংযোগ বিভাগে দেশৰ সকলো ম’বাইল ফোনৰ ডাটাবেছ প্ৰস্তুত কৰিছে যিটোক চেন্ট্রেল ইকুইপমেণ্ট আইডেণ্টিটী ৰেজিষ্টাৰ নাম দিয়া হৈছে। ইয়াত দেশৰ সকলো ম’বাইল ফোনৰ IMEI নম্বৰ পঞ্জীয়ন কৰা হৈছে। যদি আপোনাৰ ফোন চুৰি হয় তেন্তে আৰক্ষীক অভিযোগ দিয়াৰ পিছত ইয়াৰ পৰা আপোনাৰ ফোনটো ব্লক কৰি দিয়া হ’ব। তাৰ পিছত কোনো অপাৰেটৰৰ নেটৱৰ্কত কাম নকৰিব ফোনটোৱে। এই ডাটাবেছৰ বাবে আৰক্ষীয়েও আপোনাৰ ফোনটো বিচৰাত সহজ হ’ব। দেশৰ যিকোনো স্থানত ইয়াক ব্যৱহাৰ কৰিলে আৰক্ষীয়ে সহজতে বিচাৰি উলিয়াব পাৰিব।

প্ৰথমে ইয়াৰ পৰীক্ষণ মহাৰাষ্ট্ৰত কৰা হৈছে, যিটোত বহুখিনি সফলতা লাভ কৰা হৈছে। এতিয়া সমগ্ৰ দেশতে ইয়াৰ প্ৰয়োগক লৈ চিন্তা–চৰ্চা চলিছে। কেন্দ্ৰীয় দূৰসংযোগ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে এক দুই সপ্তাহৰ ভিতৰতে এই সেৱা মুকলি কৰিব পাৰে। ইয়াৰ লগতে চৰকাৰে ফোনৰ IMEI সলনি কৰিলে তিনি বছৰৰ শাস্তিৰ নিয়মো কৰি ৰাখিছে। ফলত কোনো লোকে যদি ফোনৰ IMEI সলনি কৰে তেন্তে সেইটোও ব্লক কৰি দিয়া হ’ব। মুঠৰ ওপৰত কোনোধৰণে চুৰি হোৱা ফোন ব্যৱহাৰ কৰিব নোৱাৰিব।
First published: June 19, 2019, 8:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading