এতিয়া সহজেই পাব আপোনাৰ হেৰুৱা বা চুৰি হোৱা ম’বাইল ফোন, কৰিব লাগিব এই কাম
News18 Updated:September 18, 2019, 7:01 AM IST

সাংকেতিক ফটো
ইয়াৰ দ্বাৰা সকলো হেৰুৱা ফোনৰ খবৰ ওলোৱাৰ প্ৰচেষ্টা কৰা হয়।
- News18
- Last Updated: September 18, 2019, 7:01 AM IST
এই প্ৰজেক্টৰ জৰিয়তে সকলো ম’বাইল নেটৱৰ্কত ৰিপ’ৰ্টেড বা হেৰুৱা ফোন বিচৰাৰ কাম হাতত লোৱা হৈছে। ইয়াৰ দ্বাৰা চুৰি হোৱা ফোনটো সকলো নেটৱৰ্কত ব্লক কৰি দিয়া হয়। উল্লেখযোগ্য যে, সকলো ফোনতে IMEI নম্বৰ থাকে। এই নম্বৰটো ৰি–প্ৰগাম কৰিব পৰা যায় কাৰণে চোৰে সাধাৰণতে এইটো জালিয়াতিৰে ৰি–প্ৰগাম কৰি দিয়ে। ইয়াৰ দ্বাৰা IMEIৰ ক্লনিং হৈ যায় আৰু এটা IMEIতে চোৰে কেইবাটাও ফোন ব্যৱহাৰ কৰিব পাৰে।
যদিহে চুৰি হোৱাৰ পিছতে IMEI ব্লক কৰি দিয়া হয় তেনেহ’লে বহু প্ৰকৃত গ্ৰাহকৰ কাৰণেও সমস্যাৰ উদ্ভৱ হ’ব পাৰে। সেইকাৰণে ডুপলিকেট বা নকল IMEI ফোনৰ পৰা নিস্তাৰ পোৱাটো জৰুৰী। এই সমস্যাৰ সৈতে যুঁজিবলৈ CEIR ৱেবছাইট প্ৰজেক্ট আৰম্ভ কৰা হৈছে। ইয়াৰ বাহিৰেও ইয়াৰ দ্বাৰা ছিকিউৰিটী, চুৰি বা অন্য সমস্যাৰ ক্ষেত্ৰতো সহায় পোৱা যাব।
–ম’বাইল ফোন চুৰি কাৰ্যক নিৰুৎসাহ কৰিবলৈ হেৰুৱা বা চুৰি হোৱা ফোন সকলো নেটৱৰ্কত ব্লক কৰা।
–হেৰুৱা বা চুৰি হোৱা ম’বাইল ফোনৰ ঠিকনাৰ খবৰ কৰাৰ সুবিধা।
–নেটৱৰ্কত ডুপলিকেট আৰু নকল IMEI যুক্ত ম’বাইল ফোন বাধা দিয়া।
–চুৰি হোৱা ম’বাইলৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰাৰ লগতে ব্যৱহাৰকাৰীৰ স্বাস্থ্যজনিত বিপদ হ্ৰাস কৰা।
–চুৰি হোৱা ম’বাইল ব্যৱহাৰ কৰা কাৰ্য হ্ৰাস কৰিবলৈ কোৱালিটী অৱ চাৰ্ভিছ ভাল কৰা আৰু কল ড্ৰপ কম কৰোৱা।
এনেকৈ অভিযোগ কৰিব পাৰে...
যদি আপোনাৰ ফোন হেৰাইছে বা চুৰি হৈছে তেনেহ’লে আপুনি আৰক্ষী থানাত এখন এফআইআৰ দাখিল কৰিব লাগিব। হেল্পলাইন নম্বৰ ১৪৪২২ত ফোন কৰি টেলিকমিউনিকেশ্যনছ ডিপাৰ্টমেণ্টক ইয়াৰ তথ্য দিব লাগিব। বিভাগে ইয়াৰ পিছতে ভেৰিফাই কৰি ফোনটো ব্লেকলিষ্ট কৰি দিব যাৰ ফলত চুৰি হোৱা ফোনটো আৰু ব্যৱহাৰ কৰিব পৰা নাযায়। ইয়াৰ লগতে যদিহে কোনোবাই বেলেগ ছীম কাৰ্ড লগাই ফোনটো ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে তেনেহ’লে চাৰ্ভিছ প্ৰভাইডাৰে নতুন ব্যৱহাৰকাৰী চিনাক্ত কৰিব আৰু আৰক্ষীক অৱগত কৰিব।
অৱশ্যে এই সুবিধা পাইলট প্ৰজেক্টৰূপে মহাৰাষ্ট্ৰত আৰম্ভ কৰা হৈছে।