TikTokক প্ৰত্যাহ্বান জনাবলৈ আহি আছে Googleৰ Firework! কেতিয়ালৈ Fireworkত বনাব পাৰিব ভিডিঅ’

টিকটকত ব্যৱহাৰকাৰীয়ে ১৫ ছেকেণ্ডৰ চুটি ভিডিঅ’ বনাব পাৰে, কিন্তু ফায়াৰৱৰ্কত ৩০ ছেকেণ্ডৰ ভিডিঅ’ বনোৱাৰ অনুমতি দিয়া হয়।

News18-Assam
Updated:October 8, 2019, 1:41 PM IST
TikTokক প্ৰত্যাহ্বান জনাবলৈ আহি আছে Googleৰ Firework! কেতিয়ালৈ Fireworkত বনাব পাৰিব ভিডিঅ’
টিকটকত ব্যৱহাৰকাৰীয়ে ১৫ ছেকেণ্ডৰ চুটি ভিডিঅ’ বনাব পাৰে, কিন্তু ফায়াৰৱৰ্কত ৩০ ছেকেণ্ডৰ ভিডিঅ’ বনোৱাৰ অনুমতি দিয়া হয়।
News18-Assam
Updated: October 8, 2019, 1:41 PM IST
গুগলে আমেৰিকাৰ ছচিয়েল ভিডিঅ’ এপ ফায়াৰৱৰ্ক কিনাৰ পৰিকল্পনা কৰিছে। খবৰ অনুসৰি, এই এপটোৰ জৰিয়তে TikTokৰ দৰে ব্যৱহাৰকাৰীক সৰু ভিডিঅ’ প্ৰস্তুত কৰিব পাৰি।

ৱাল ষ্ট্ৰীট জাৰ্নেলৰ খবৰ অনুসৰি, চাইনীজ মাইক্ৰ’–ব্লগিং প্লেটফৰ্ম Weibo–এও ফায়াৰৱৰ্ক কিনাৰ আগ্ৰহ প্ৰকাশ কৰিছে, কিন্তু গুগলৰ সৈতে কথা–বতৰা অব্যাহত আছে।

কেলিফৰ্ণিয়াৰ ৰেডউড চিটীস্থিত ফায়াৰৱৰ্কে বিগত মাহত ভাৰতত প্ৰৱেশ কৰিছিল। এই বৰ্ষত কোম্পানীটোৰ মূল্য ১০ কোটি ডলাৰ (১০০ মিলিয়ন)তকৈ অধিক বুলি কোৱা হৈছে। TikTokৰ স্বত্বদিকাৰী কোম্পানী বেইজিংস্থিত বাইটডান্সৰ মূল্য ৭৫ আৰব ডলাৰ।

টিকটকত ব্যৱহাৰকাৰীয়ে ১৫ ছেকেণ্ডৰ চুটি ভিডিঅ’ বনাব পাৰে, কিন্তু ফায়াৰৱৰ্কত ৩০ ছেকেণ্ডৰ ভিডিঅ’ বনোৱাৰ অনুমতি দিয়া হয়। এই এপটো বৰ্তমান আই অ’ এছ আৰু এনড্ৰইড স্মাৰ্টফোন দুয়োটাতে উপলব্ধ। যদি গুগলে কিনে তেন্তে এয়া অধিক জনপ্ৰিয় হৈ পৰিব। টিকটকৰ বাবেও ই প্ৰত্যাহ্বান হ’ব বুলি আশা কৰা হৈছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি