ভুলতো Googleত Search নকৰিব এইকেইটা কথা, বিপদত পৰিব পাৰে আপুনি

আমি কেতিয়াও নাভাৱো যে যিসমূহ তথ্য আমাক গুগলে যোগান ধৰে সেই তথ্যসমূহ গুগলে প্ৰস্তুত নকৰে, এয়া কেৱল এক অনলাইন প্লেটফৰ্ম।

News18-Assam
Updated:September 18, 2019, 6:59 PM IST
ভুলতো Googleত Search নকৰিব এইকেইটা কথা, বিপদত পৰিব পাৰে আপুনি
আমি কেতিয়াও নাভাৱো যে যিসমূহ তথ্য আমাক গুগলে যোগান ধৰে সেই তথ্যসমূহ গুগলে প্ৰস্তুত নকৰে, এয়া কেৱল এক অনলাইন প্লেটফৰ্ম।
News18-Assam
Updated: September 18, 2019, 6:59 PM IST
আমি যিকোনো বিষয়ে জানিবলৈ সাধাৰণতে গুগল ব্যৱহাৰ কৰো। কোনো কথা নাজানিলে বা কোনো তথ্যৰ প্ৰয়োজন হ’লে আমি চিধাই গুগলত ছাৰ্চ কৰাটো এক অভ্যাসত পৰিণত হৈছে। কিন্তু আমি কেতিয়াও নাভাৱো যে যিসমূহ তথ্য আমাক গুগলে যোগান ধৰে সেই তথ্যসমূহ গুগলে প্ৰস্তুত নকৰে, এয়া কেৱল এক অনলাইন প্লেটফৰ্ম। ইয়াত ব্যৱহাৰকাৰীয়ে বিচৰা ধৰণে বিভিন্ন ৱেবছাইটৰ লিংক দেখা যায়। গতিকে আপুনি গুগলত যি ছাৰ্চ কৰে সেই সকলো তথ্য শুদ্ধ নহ’বও পাৰে। আজি আমি আপোনাক এনেকুৱা ১০টা বিষয়ে জনাম, যিসমূহ গুগলত ছাৰ্চ কৰাৰ পৰা আঁতৰত থাকক আপুনি।

বেংকৰ অনলাইন ৱেবছাইট : কেতিয়াও আপুনি গুগলত বেংকৰ অনলাইন বেংকিং ৱেবছাইট ছাৰ্চ নকৰিব। যদি আপুনি ইয়াৰ সঠিক URL নাজানে তেতিয়াহে গুগলত ছাৰ্চ কৰক। আপুনি অফিচিয়েল ৱেবছাইটৰ ঠাইত নিজৰ বেংকৰ লগইন পাছৱৰ্ড কোনো ভুৱা ৱেবছাইটত যাতে নিদিয়ে, যাৰ দ্বাৰা হেকাৰে আপোনাৰ বেংকৰ তথ্যৰ অপব্যৱহাৰ কৰিব পাৰে, তাৰ বাবে এই কাম কৰোতে সাৱধান হওক।

কোনো কোম্পানীৰ কাষ্ট’মাৰ কেয়াৰ নম্বৰ : প্ৰৱঞ্চকে ভুৱা ব্যৱসায়ৰ তথ্য আৰু ভুৱা কাষ্ট’মাৰ কেয়াৰ নম্বৰ বনাই ব্যৱহাৰকাৰীক প্ৰৱঞ্চনাৰ জালত পেলায়। গুগলত কাষ্ট’মাৰ কেয়াৰ নম্বৰ বিচৰাটো আটাইতকৈ সাধাৰণ প্ৰৱঞ্চনাৰ উপায়।

এপ্ছ আৰু ছফ্টৱেৰ ডাউনলোড : ম’বাইল এপৰ বাবে সদায় অফিচিয়েল এপ ষ্ট’ৰ Google Play বা এপ ষ্ট’ৰ ব্যৱহাৰ কৰা উচিত। গুগলত এপ্চ আৰু ছফ্টৱেৰ ছাৰ্চ কৰিলে মেলৱে’ৰৰ চিকাৰ হ’ব পাৰে।

ঔষধ বা বেমাৰৰ লক্ষণ : বেমাৰ হ’লে কেতিয়াও চিকিৎসক এৰি গুগলৰ সহায় নল’ব। কেতিয়াও গুগলৰ বেমাৰ সম্বন্ধীয় তথ্যৰ আধাৰত ঔষধ নিকিনব।

চাওকঃ  ৰাজপথত ছানী লিয়নীৰ আকৰ্ষণীয় ৰূপ! নতুন ৰূপেৰে সকলোকে কৰিলে মোহিত

পাৰ্ছনেল ফাইনেন্স আৰু ষ্টক মাৰ্কেটৰ পৰামৰ্শ : গুগলত কেতিয়াও পাৰ্ছনেল ফাইনেন্স আৰু ষ্টক মাৰ্কেটৰ পৰামৰ্শ লোৱা উচিত নহয়। গুগল ছাৰ্চ কৰিলে আমি কোনো নিৰ্ভৰযোগ্য উৎস নাপাওঁ। ফলত আমাৰ লেন–দেন সম্পৰ্কীয় কামত বিপদে দেখা দিব পাৰে।

চৰকাৰী ৱেবছাইট : প্ৰৱঞ্চকে আটাইতকৈ বেছি চৰকাৰী ৱেবছাইট, যেনে বেংকিং, হাস্পতাল আদিৰ ৱেবছাইটক লক্ষ্য কৰি লয়। সেয়েহে প্ৰকৃত ৱেবছাইট চিনাক্ত কৰাটো কঠিন হৈ পৰে।

ছচিয়েল মিডিয়া লগইন পেজ : ছচিয়েল মিডিয়া উপলব্ধৰ বাবে পোনপটীয়াকৈ তাৰ URL লিখক। গুগলত কোনো ছচিয়েল মিডিয়াৰ Login পেজ ছাৰ্চ কৰাটো বিপজ্জনক হ’ব পাৰে।

ই–কমাৰ্চ ৱেবছাইট অফাৰ : গুগলত ই–কমাৰ্চ ৱেবছাইটৰ অফাৰৰ ভুৱা পেজেৰে ভৰি আছে। প্ৰৱঞ্চকে এনেধৰণৰ ৱেবছাইটৰ জৰিয়তে ব্যৱহাৰকাৰীৰ বেংকৰ তথ্য চুৰি কৰে।

বিনামূলীয়া এণ্টি–ভাইৰাছ : গুগলত এণ্টী–ভাইৰাছ এপ্ছ আৰু ছফ্টৱেৰ ছাৰ্চ কৰাৰ পৰা বিৰত থাকক। গুগলত ছাৰ্চ কৰিলে প্ৰকৃত এপ্ছ বা ছফ্টৱেৰ চিনাক্ত কৰাটো কঠিন হয় আৰু ইয়াৰ দ্বাৰা আপোনাৰ ডিভাইচত ভাইৰাছ অহাৰ সম্ভাৱনা থাকে।

কুপন কোড : কেতিয়াও গুগলত কুপন কোড ছাৰ্চ নকৰিব। কাৰণ ভুৱা ৱেবছাইটে কম মূল্যত কুপন বিক্ৰী কৰি আপোনাক প্ৰলোভিত কৰিব পাৰে। ইয়াৰ জৰিয়তে আপোনাৰ বেংকৰ তথ্য চুৰি হোৱাৰো ভয় থাকে।

 

লগতে চাওকঃ দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত নাম প্ৰসংগ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই!

এয়াও চাওক : স্বামীক অচেতন কৰি আন পুৰুষৰ সৈতে বেডৰুমত পত্নী, হঠাৎ চেতনা ঘূৰি আহিল স্বামীৰ, তাৰ পিছত...

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি