মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»নতুন ডিজিটেল নিয়ম অনুসৰি নিজৰ বেৱছাইট আপডেট গুগল–ফেচবুকৰ

নতুন ডিজিটেল নিয়ম অনুসৰি নিজৰ বেৱছাইট আপডেট গুগল–ফেচবুকৰ

News18 Assam | News18-Assam
Updated:May 30, 2021, 4:20 PM IST
নতুন ডিজিটেল নিয়ম অনুসৰি নিজৰ বেৱছাইট আপডেট গুগল–ফেচবুকৰ
দুয়োটা কোম্পানীয়ে কেন্দ্ৰৰ নিৰ্দেশনা মৰ্মে নতুন আই টি নিয়ম অনুসৰণ কৰিব পৰাকৈ বেৱছাইট আপডেট কৰে

দুয়োটা কোম্পানীয়ে কেন্দ্ৰৰ নিৰ্দেশনা মৰ্মে নতুন আই টি নিয়ম অনুসৰণ কৰিব পৰাকৈ বেৱছাইট আপডেট কৰে

  • Share this:

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি নতুন ডিজিটেল নীতিক লৈ নিজৰ অৱস্থান স্পষ্ট কৰিলে  বৃহৎ ছ'চিয়েল মিডিয়া কোম্পানী গুগল আৰু ফেচবুকে। দুয়োটা কোম্পানীয়ে কেন্দ্ৰৰ নিৰ্দেশনা মৰ্মে নতুন আই টি নিয়ম অনুসৰণ কৰিব পৰাকৈ বেৱছাইট আপডেট কৰে।


গুগল, ফেচবুক, হোৱাটছএপ, শ্বেয়াৰচেট, টেলিগ্ৰাম আৰু লিংকডইনকে ধৰি গুৰুত্বপূৰ্ণ ছ'চিয়েল মিডিয়া মধ্যস্থতাকাৰীসকলে এই সপ্তাহৰ আৰম্ভণিতে কাৰ্যকৰী হোৱা তথ্য প্ৰযুক্তিৰ নিয়মৰ প্ৰয়োজনীয়তা অনুসৰি মন্ত্ৰালয়ৰ সৈতে তথ্য–বিৱৰণো ভাগ বতৰা কৰিছিল। এতিয়া  নিজৰ বেৱছাইটো এই মৰ্মে  আপডেট কৰা আৰম্ভ কৰিছে।


উল্লেখ্য, ২৬ মে'ৰ পৰা কেন্দ্ৰৰ নতুন ডিজিটেল নীতি কাৰ্যকৰী হৈছিল। কেন্দ্ৰৰ নতুন আই টি নিয়ম অনুযায়ী  এনে কোম্পানীসমূহে  অভিযোগ নিষ্পত্তি বিষয়া, নোডেল বিষয়া আৰু মুখ্য সঞ্চালন বিষয়া নিয়োগ কৰিব লাগিব। এই বিষয়াসকলক ভাৰতত নিযুক্তি দিয়া তথা তেওঁলোক ভাৰতৰে বাসিন্দা হোৱাটো বাঞ্ছনীয় আছিল।



অৱশ্যে, টুইটাৰে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ লগত সহযোগিতাত অহা নাই। সন্দেহ কৰা মতে, টুলকিট–কাণ্ড আৰু ইয়াকে লৈ ভাৰতস্থিত টুইটাৰৰ কাৰ্যালয়ত তালাচী অভিযানৰ বাবে টুইটাৰে কেন্দ্ৰৰ নীতিত তাত্ক্ষণিক তত্পৰতা দেখুওৱা নাই।

Published by: Gautam Barman
First published: May 30, 2021, 4:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি