Googleৰ কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশনা, কাৰ্যালয়ত কৰিব নোৱাৰিব এই কাম

অপ্ৰয়োজনীয় আলোচনাৰে সময় নষ্ট কৰাটো নিবিচাৰে গুগলে।

News18-Assam
Updated:August 25, 2019, 5:50 PM IST
Googleৰ কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশনা, কাৰ্যালয়ত কৰিব নোৱাৰিব এই কাম
অপ্ৰয়োজনীয় আলোচনাৰে সময় নষ্ট কৰাটো নিবিচাৰে গুগলে।
News18-Assam
Updated: August 25, 2019, 5:50 PM IST
গুগলে নিজৰ কৰ্মচাৰীসকলৰ বাবে বান্ধি দিছে নতুন নীতি–নিৰ্দেশনা। বাকী নীতি–নিৰ্দেশনাৰ লগতে কৰ্মচাৰীসকলে কাৰ্যালয়ত কি কি কাম কৰিব নোৱাৰিব সেয়াও কোৱা হৈছে। গুগলে নিজৰ অফিচিয়েল ব্লগত লিখিছে যে গুগলৰ কৰ্মচাৰীসকলে কাৰ্যালয়ত ৰাজনীতি আৰু শেহতীয়া খবৰক লৈ আলোচনা কৰিব নোৱাৰিব। নিৰ্দেশনাত লিখা হৈছে যে কৰ্মচাৰীসকলে সেইসমূহ কামহে কৰক, যিসমূহৰ বাবে তেওঁলোকক নিয়োগ কৰা হৈছে। অপ্ৰয়োজনীয় আলোচনাৰে সময় নষ্ট কৰাটো নিবিচাৰে গুগলে। গুগলে কয় যে কৰ্মচাৰীসকলৰ মাজত হোৱা আলোচনাৰ পৰা তেওঁলোকৰ মন্তব্য ৰাজহুৱা হ’ব, যাৰ ফলত কোম্পানীক দোষী সাব্যস্ত কৰা হ’ব পাৰে আৰু ইয়াৰ বেয়া প্ৰভাৱ পৰিব পাৰে।

ব্লগত গুগলে লিখিছে যে গুগলৰ সৈতে কাম কৰাৰ সুবিধা এক প্ৰত্যাহ্বান। বিশ্বজুৰি কোটি কোটি লোকে গুগলৰ মান, ভৰসাযুক্ত তথ্যৰ ওপৰত বিশ্বাস কৰে। সেয়েহে আমি মানুহৰ বিশ্বাসক সন্মান কৰা উচিত আৰু আমাৰ প্ৰডাক্ট আৰু সেৱাৰ অখণ্ডতা বজাই ৰখা প্ৰয়োজন। গুগলে কয় যে আপুনি যি কয় সেয়া গুৰুত্বপূৰ্ণ আৰু আপোনাৰ শব্দৰ বাবে আপুনিয়েই জবাবদিহী হ’ব।

ইয়াৰ উপৰি গুগলে লিখিছে যে কৰ্মচাৰীসকলে ট্ৰ’লিঙক লৈ সচেতন হোৱা উচিত। কোনো লোকক লৈ কোনো ধৰণৰ ট্ৰ’ল নকৰিব, কোনো লোকক লক্ষ্য কৰি প্ৰস্তুত কৰা বিজ্ঞাপনৰ অংশ নহ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি