দেশৰ প্ৰতিগৰাকী নাগৰিকক ইণ্টাৰনেট আৰু স্মাৰ্টফোন ব্যৱহাৰৰ আওতালৈ অনাৰ লক্ষ্যৰে মুকলি কৰা হৈছিল জিঅ'ফোন। দেশৰ সাম্প্ৰতিক কোভিড মহামাৰীৰ পৰিস্থিতিৰ মাজতো যাতে গ্ৰাহকে যোগাযোগ ৰক্ষাৰ স্বাৰ্থত ফোন ৰিচাৰ্জ কৰাৰ সংকটত নপৰে তাৰ বাবে ৰিলায়েন্স জিঅ'ই লৈছে নতুন উদ্যোগ।
কোৰোণাৰ এই সময়ত ৰিলায়েন্স জিঅ'ই প্ৰতি মাহে ৩০০ মিনিটৰ (এদিনত ১০ মিনিটৰ) বাবে জিঅ'ফোন ব্যৱহাৰকাৰীসকলক বিনামূলীয়াকৈ ভইচ কল প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে৷ প্ৰতিমাহৰ বাবে এই ৩০০ মিনিটৰ বিনামূলীয়া আউটগ'য়িং কলৰ সুবিধা কোৰোণা মহামাৰীৰ সময়লৈ উপলব্ধ হ'ব। এই অতিৰিক্ত সুবিধাৰ উপৰি কোম্পানীটোৱে জিঅ' ফোন ব্যৱহাৰকাৰীসকলৰ বাবে বাই-ৱান-গেট-ৱান ৰিচাৰ্জ প্লেন ঘোষণা কৰিছে। অৰ্থাৎ, ৰিচাৰ্জ হোৱাৰ পিছত, জিঅ' ফোন ব্যৱহাৰকাৰীসকলে বিনামূলীয়াকৈ একে মূল্যৰ আন এটা ৰিচাৰ্জ পেকৰ সুবিধা পাব।
উদাহৰণস্বৰূপে, কোনো জিঅ'ফোন ব্যৱহাৰকাৰীয়ে যদি ৭৫ টকাৰ প্লেন ৰিচাৰ্জ কৰে, তেন্তে তেওঁ ৭৫ টকাৰ অতিৰিক্ত ৰিচাৰ্জ পেক লাভ কৰিব। কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰাহকক অতিৰিক্ত সুবিধা প্ৰদানেৰে গ্ৰাহকৰ স্বাৰ্থত থিয় দিব বিচাৰিছে ৰিলায়েন্স জিঅ'ই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|