• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • এতিয়া আপোনাৰ স্মাৰ্টফোনত ইণ্টাৰনেট নোহোৱাকৈ ব্যৱহাৰ কৰিব পাৰিব WhatsApp, কেনেকৈ সম্ভৱ হ'ব এয়া ?

এতিয়া আপোনাৰ স্মাৰ্টফোনত ইণ্টাৰনেট নোহোৱাকৈ ব্যৱহাৰ কৰিব পাৰিব WhatsApp, কেনেকৈ সম্ভৱ হ'ব এয়া ?

নতুন সুবিধা মুকলি হোৱাৰ পিছত ব্যৱহাৰকাৰীসকলে ফোনৰ ইণ্টাৰনেট অন নকৰাকৈ WhatsAppৰ ৱেব সংস্কৰণ ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব।

নতুন সুবিধা মুকলি হোৱাৰ পিছত ব্যৱহাৰকাৰীসকলে ফোনৰ ইণ্টাৰনেট অন নকৰাকৈ WhatsAppৰ ৱেব সংস্কৰণ ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব।

নতুন সুবিধা মুকলি হোৱাৰ পিছত ব্যৱহাৰকাৰীসকলে ফোনৰ ইণ্টাৰনেট অন নকৰাকৈ WhatsAppৰ ৱেব সংস্কৰণ ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব।

  • Share this:
হোৱাটছএপ (WhatsApp) হৈছে পৃথিৱীৰ আটাইতকৈ বেছি ব্যৱহৃত ইনষ্টেণ্ট মেচেজিং এপ (Instant Messaging App)। ফেচবুকে ক্ৰয় কৰাৰ পিছত আমি হোৱাটছএপত বহুতো পৰিৱৰ্তন দেখিবলৈ পাইছোঁ। হোৱাটছএপে এতিয়া এনে এটা সুবিধা মুকলি কৰবলৈ গৈ আছে যিটো ব্যৱহাৰকাৰীয়ে দীৰ্ঘদিনৰ পৰা অপেক্ষা কৰি আছিল।

ইনষ্টেণ্ট মেচেজিং এপটোৱে নিৰন্তৰ নতুন সুবিধা যোগ কৰি আছে আৰু কেইবাটাও নতুন সুবিধাৰ ওপৰত কাম চলি আছে। বৰ্তমান সময়ত ব্যৱহাৰকাৰীসকলে ফোনৰ লগতে ৱেব সংস্কৰণ (WhatsApp web)তো হোৱাটছএপ ব্যৱহাৰ কৰে। হোৱাটছএপ ৱেব সংস্কৰণ ব্যৱহাৰ কৰিলে, ব্যৱহাৰকাৰীয়ে সদায় ফোনত ইণ্টাৰনেট অন ৰাখিবলগীয়া হয়। এই নতুন সুবিধা মুকলি হোৱাৰ পিছত ব্যৱহাৰকাৰীসকলে ফোনৰ ইণ্টাৰনেট অন নকৰাকৈ ইয়াৰ ৱেব সংস্কৰণ ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব।

HackReadৰ এক প্ৰতিবেদন অনুসৰি, হোৱাটছএপৰ ৱেব সংস্কৰণত ব্যৱহাৰকাৰীয়ে QR কোড স্কেন কৰাৰ প্ৰয়োজন নহ'ব। কোম্পানীটোৱে হোৱাটছএপ ৱেব সংস্কৰণৰ বাবে সক্ৰিয় ম'বাইল সংযোগৰ প্ৰয়োজনীয়তা নোহোৱা কৰিবলৈ গৈ আছে।
অৱশ্যে, ব্যৱহাৰকাৰীসকলে হোৱাটছএপ চলাই থকা ডেস্কটপত ইণ্টাৰনেট বাধ্যতামূলক হ'ব। হোৱাটছএপে বৰ্তমান এই সুবিধাটো পৰীক্ষা কৰি আছে, যাক ব্যৱহাৰকাৰীসকলে শীঘ্ৰেই ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব।
প্ৰতিবেদন অনুসৰি, এই সুবিধাটো পৰীক্ষা কৰাত অংশগ্ৰহণ কৰা লোকসকলে এতিয়াও এটা মেছেজ দেখা পায়। এই মেছেজটোৱে সূচিত কৰে যে ডেস্কটপ এপ বা ৱেব সংস্কৰণত হোৱাটছএপ ব্যৱহাৰ কৰিবলৈ আপুনি ফোন এটা সংযোগ কৰাৰ প্ৰয়োজন নাই। এই সুবিধাটো একেটা সময়ত সৰ্বাধিক ৪ টা ডিভাইচত ব্যৱহাৰ কৰিব পাৰি।

এই সুবিধাসমূহ মাল্টি-ডিভাইচৰ অংশ হ'ব পাৰে
বিশেষজ্ঞসকলে বিশ্বাস কৰে যে হোৱাটছএপৰ এই নতুন সুবিধাটো মাল্টি-ডিভাইচ সুবিধাৰ অংশ হ'ব পাৰে। মাল্টি-ডিভাইচ সুবিধাত, ব্যৱহাৰকাৰীসকলে একে সময়তে চাৰিটা ডিভাইচত এটা হোৱাটছএপ একাউণ্ট ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব। মাল্টি-ডিভাইচ সুবিধাটোৰ বাবে মুখ্য ডিভাইচত ইণ্টাৰনেট সংযোগৰ প্ৰয়োজন নহ'ব। হোৱাটছএপে এই সুবিধাটো এতিয়াও পৰীক্ষা কৰি আছে।
Published by:Kokil Sarma
First published: