চাৰি সপ্তাহৰ ভিতৰত চতুৰ্থটো বিদেশী বিনিয়োগ! জিঅ’ত ৬৫৯৮.৩৮ কোটি বিনিয়োগ কৰাৰ কথা ঘোষণা General Atlanticৰ

News18 Assam | News18-Assam
Updated:May 17, 2020, 8:13 PM IST
চাৰি সপ্তাহৰ ভিতৰত চতুৰ্থটো বিদেশী বিনিয়োগ! জিঅ’ত ৬৫৯৮.৩৮ কোটি বিনিয়োগ কৰাৰ কথা ঘোষণা General Atlanticৰ
ল’ক ডাউনৰ মাজতে আহিছে ভাল খবৰ

ল’ক ডাউনৰ মাজতে আহিছে ভাল খবৰ

  • Share this:
এতিয়া কোৰোণাক প্ৰতিৰোধ কৰিবলৈ সৰ্বত্ৰ ল’ক ডাউন। ল’ক ডাউনৰ ফলত স্থৱিৰ হৈ পৰিছে দেশৰ ব্যৱসায় বাণিজ্য। কিন্তু তাৰ মাজতে ৰিলায়েন্স জিঅ’ৰ বাবে আহিছে ইটোৰ পিছত সিটো ভাল খবৰ।

ৰিলায়েন্স জিঅ’ত ৬৫৯৮.৩৮ কোটি বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে General Atlanticএ। ইয়াৰ জৰিয়তে ৰিলায়েন্স জিঅ’ত মাত্ৰ চাৰি সপ্তাহৰ ভিতৰতে চতুৰ্থটো বিদেশী কোম্পানীয়ে বিনিয়োগ কৰিলে।



এই পৰ্যন্ত ৬৭,১৯৪.৭৫ কোটি টকাৰ বিদেশী বিনিয়োগ অনাত সফল হৈছে জিঅ’। ফেচবুক, চিলভাৰ লেক পাৰ্টনাৰ্ছ আৰু ভিস্তা ইক্যুয়িটী পাৰ্টনাৰ্ছৰ পিছত এইবাৰ জিঅ’ত ধন বিনিয়োগ কৰিলে বিশ্বৰ অন্যতম সেৱা প্ৰযুক্তি ব্যৱসায় বিনিয়োগকাৰী সংস্থা জেনেৰেল আটলাণ্টিকে। দেওবাৰে জিঅ’ত ১.৩৪ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিবলৈ ৬৫৯৮.৩৮ কোটি বিনিয়োগ কৰিলে মাৰ্কিন প্ৰাইভেট ইক্যুয়িটী ফাৰ্মে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading