এতিয়া বিমানযাত্ৰাৰ সময়ত যাত্ৰীয়ে লাভ কৰিব WiFiৰ সুবিধা, চলাব পাৰিব ফোন–লেপটপ

News18 Assam | News18-Assam
Updated:March 3, 2020, 10:56 AM IST
এতিয়া বিমানযাত্ৰাৰ সময়ত যাত্ৰীয়ে লাভ কৰিব WiFiৰ সুবিধা, চলাব পাৰিব ফোন–লেপটপ
বিমানৰ সকলো দুৱাৰ বন্ধ হোৱাৰ পিছত যেতিয়া বিমানখন যাত্ৰা আৰম্ভ কৰিব তেতিয়াহে এই সুবিধা উপলব্ধ হ’ব।

বিমানৰ সকলো দুৱাৰ বন্ধ হোৱাৰ পিছত যেতিয়া বিমানখন যাত্ৰা আৰম্ভ কৰিব তেতিয়াহে এই সুবিধা উপলব্ধ হ’ব।

  • Share this:
বিমানযাত্ৰীসকলে শীঘ্ৰে লাভ কৰিব WiFiৰ সুবিধা। In-flight wifi সেৱাত অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। এতিয়া বিমান যাত্ৰাৰ সময়ত যাত্ৰীয়ে ল’ব পাৰিব Wi-Fiৰ সুবিধা। এই সেৱা উপলব্ধ হোৱাৰ পিছত যাত্ৰীয়ে বিমানত নিজৰ স্মাৰ্টফোন, লেপটপ, টেবলেট, ই–ৰিডাৰ্ছ আৰু স্মাৰ্ট ঘড়ী আদি ব্যৱহাৰ কৰিব পাৰিব।

সোমবাৰে এক চৰকাৰী অধিসূচনা জাৰি কৰি কয় যে পাইলট–ইন–কমাণ্ডৰ অনুমতিৰ লগতে যাত্ৰীক ইণ্টাৰনেট সেৱাৰ সুবিধা দিব পৰা যায়। এই সুবিধা এয়ৰপ্লেন বা ফ্লাইট ম’ডত পাব। বিমানৰ সকলো দুৱাৰ বন্ধ হোৱাৰ পিছত যেতিয়া বিমানখন যাত্ৰা আৰম্ভ কৰিব তেতিয়াহে এই সুবিধা উপলব্ধ হ’ব।

উল্লেখযোগ্য যে ২০১৮ চনত চৰকাৰে ইণ্টাৰনেচনেল আৰু ভাৰতীয় বিমানৰ বাবে Maritime Communications (IFMC) আৰু ইন–ফ্লাইট ৱাই–ফাই লাইচেঞ্চ দিয়াৰ প্ৰস্তাৱ ঘোষণা কৰিছিল। এই প্ৰস্তাৱ সৰ্বপ্ৰথমে TRAI–এ দিছিল।

ইয়াৰ পূৰ্বে প্ৰথমে ভিষ্টাৰা এয়াৰলাইছে বিমানত ৱাই–ফাই সেৱা দিয়াৰ কথা ঘোষণা কৰিছিল। ভিষ্টাৰাই দাবী কৰিছে যে ভাৰতত এই সেৱা প্ৰদান কৰা প্ৰথম এয়াৰলাইন। টেলিকম টকৰ খবৰ অনুসৰি, ভিষ্টাৰাই মাৰ্চৰ শেষভাগলৈ নিজৰ একাংশ ইণ্টাৰনেচনেল বিমানত ৱাই–ফাইৰ সুবিধা প্ৰদান কৰিব।
Published by: Sanjay Kumar Das
First published: March 3, 2020, 10:56 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি