৯ঘণ্টা বন্ধ হৈ থাকিল ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম, অশান্তিত ৪০০কোটি মানুহ

বিগত ৫মাহত ছচিয়েল মিডিয়া তৃতীয়বাৰলৈ এনেকৈ ডাউন হৈছে। 

News18-Assam
Updated:July 4, 2019, 1:01 PM IST
৯ঘণ্টা বন্ধ হৈ থাকিল ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম, অশান্তিত ৪০০কোটি মানুহ
বিগত ৫মাহত ছচিয়েল মিডিয়া তৃতীয়বাৰলৈ এনেকৈ ডাউন হৈছে। 
News18-Assam
Updated: July 4, 2019, 1:01 PM IST
বুধবাৰে নিশা ৮বজাৰ পৰা বৃহস্পতিবাৰে পুৱা ৫.৩০বজালৈ ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম ডাউন হৈ থকাৰ ফলত বিশ্বৰ কোটি কোটি মানুহে অস্বস্তি প্ৰকাশ কৰে। বিগত ৫মাহত ছচিয়েল মিডিয়া তৃতীয়বাৰলৈ এনেকৈ ডাউন হৈছে।

ভাৰত, আমেৰিকা সহ কেইবাখনো দেশত প্ৰায় চাৰে ৯ঘণ্টা পৰ্যন্ত ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম ডাউন হৈ থকাৰ পিছত স্বাভাৱিক অৱস্থালৈ ঘুৰি আহে। ফেচবুকে বৃহস্পতিবাৰে পুৱা চাৰে পাঁচ বজাত টুইট কৰে যে মানুহে আমাৰ প্লেটফৰ্ম আৰু এপত ফটো পঠিওৱা আৰু ভিডিঅ’ আপলোড কৰাত অসুবিধা পাইছিল, এই সমস্যা এতিয়া সমাধান কৰা হৈছে। এই অসুবিধাৰ কাৰণে খেদ প্ৰকাশ কৰিছো। বুধবাৰে নিশা ৮বজাৰ পৰা তিনিওটা প্লেটফৰ্ম স্তব্ধ হৈ পৰিছিল।



ফটো–‍ভিডিঅ’ পঠিওৱাত সমস্যাৰ সৃষ্টি হৈছিল

ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম ডাউন হৈ পৰাৰ ফলত বিশ্বৰ ৪০০কোটিৰো অধিক ইউজাৰে অশান্তি পায়। টুইটাৰে কাম কৰি আছিল আৰু সেই কাৰণে ইউজাৰসকলে সমস্যা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰি আছিল।



নিশা ৯বাজি ৪৮মিনিটত ফেচবুকে টুইট কৰে–আমি এই সমস্যাৰ বিষয়ে অৱগত আৰু ইয়াক অতি শীঘ্ৰে সমাধান কৰাৰ চেষ্টা কৰা হৈছে। বিগত ৫মাহত এয়া তৃতীয়বাৰলৈ এনে হৈছে। তিনিওটা প্লেটফৰ্মত একেধৰনে সমস্যা ইয়াৰ আগতেও হৈছিল। ইয়াৰ পূৰ্বে চলিত বছৰৰ মাৰ্চ আৰু এপ্ৰিলত এই সমস্যাৰ সৃষ্টি হৈছিল।

ইউজাৰসকলে অভিযোগ কৰে

এজন ইউজাৰে লিখে, যেতিয়াৰ পৰা ছাৰ জাদেজাই মাঞ্জেৰকাৰক টুইট কৰিছে তেতিয়াৰ পৰা এফবি, ইনষ্টা আৰু হোৱাটছএপত লোডিং বন্ধ হৈ পৰিছে। আন এগৰাকী ইউজাৰ আঁচলে লিখে, মই নিজৰ ৱাই ফাই ২৫বাৰ অন অফ কৰিলো। টুইটাৰ খোলোতে গম পাইছো যে প্ৰত্যেকবাৰ নিজৰ ৱাই ফাইক দোষ দিয়াটো উচিত নহয়।

৭৫লাখ অভিযোগ

কাৰিকৰী সমস্যাক ডিটেক্ট কৰা ৱেবছাইট ডাউন ডিটেক্টৰৰ সহ প্ৰতিষ্ঠাপক টম চেণ্ডৰ্ছে কয় যে ২
০১২চনত যেতিয়া ডাউন ডিটেক্টৰ লন্স হৈছিল তেতিয়াও এনেধৰনৰ সমস্যা হৈছিল। কিন্তু এতিয়া সমস্যা সময়ৰ ব্যৱধানৰ হিচাপত যথেষ্ট বৃহৎ। আমাৰ ছিষ্টেমে ৭৫লাখ অভিযোগ এই পৰ্যন্ত লাভ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি