শীঘ্ৰে Facebookত বন্ধ হ’ব আপোনাৰ পছন্দৰ এই ফিচাৰ!

ছচিয়েল নেটৱৰ্কিং ছাইটৰ এজন মুখপাত্ৰই মঙলবাৰে কয় যে আমি ফেচবুকৰ পৰা ‘লাইক’ৰ সংখ্যা অদৃশ্য কৰাক লৈ চিন্তা–চৰ্চা কৰি আছো।

News18-Assam
Updated:September 4, 2019, 12:05 PM IST
শীঘ্ৰে Facebookত বন্ধ হ’ব আপোনাৰ পছন্দৰ এই ফিচাৰ!
ছচিয়েল নেটৱৰ্কিং ছাইটৰ এজন মুখপাত্ৰই মঙলবাৰে কয় যে আমি ফেচবুকৰ পৰা ‘লাইক’ৰ সংখ্যা অদৃশ্য কৰাক লৈ চিন্তা–চৰ্চা কৰি আছো।
News18-Assam
Updated: September 4, 2019, 12:05 PM IST
ছচিয়েল মিডিয়াত আপুনি নিশ্চয় আপোনাৰ ফটো শ্বেয়াৰ কৰি ভাল পায়। ফেচবুকত ফটো বা আন পোষ্ট শ্বেয়াৰ কৰাৰ পিছত আপুনি নিশ্চয় আগ্ৰহেৰে বাট চায় ‘লাইক’ৰ বাবে। কিমানে লাইক কৰিছে, কিমানে কমেণ্ট কৰিছে তাক লৈ ব্যস্ত হৈ পৰে আপুনি। প্ৰতিটো ‘লাইক’, প্ৰতিটো কমেণ্টে আপোনাক দিয়ে পৰম আনন্দ, ভাললগা অনুভৱ।

কিন্তু আপোনাৰ এই আনন্দ আৰু বেছিদিন নাথাকিব। কাৰণ শীঘ্ৰে ফেচবুকে বন্ধ কৰিব ব্যৱহাৰকাৰীৰ অতি পছন্দৰ এই ফিচাৰ। নিজৰ প্লেটফৰ্মৰ পৰা Like Count আঁতৰোৱাৰ সিদ্ধান্ত লৈছে ফেচবুকে। মঙলবাৰে ফেচবুকে এই কথা প্ৰকাশ কৰে যে শীঘ্ৰে আপোনাৰ পোষ্টত লাভ কৰা ‘লাইক’ৰ সংখ্যা আপোনাৰ বন্ধু আৰু আন ব্যৱহাৰকাৰীয়ে দেখা নাপাব। কেৱল আপুনি নিজেহে দেখা পাব এই সংখ্যা।

ফেচবুকৰ এই সালসলনিয়ে ফটো, ভিডিঅ’ বা কমেণ্টত লাভ কৰা ‘লাইক’ৰ সংখ্যাৰ বাবে লাভ কৰা আনন্দ ম্লান কৰিব আৰু মানুহে পোষ্টৰ মূল কথাত গুৰুত্ব প্ৰদান কৰিব পাৰিব।

টেক ব্লগাৰ জেন মনচুন অঙে টুইটাৰযোগে প্ৰথমে এই ফিচাৰৰ সালসলনিক লৈ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে স্ক্ৰীণশ্বট। স্ক্ৰীণশ্বট প্ৰত্যক্ষ কৰিলে দেখা গৈছে যে ইয়াত থকা ফটোত কিমান ‘লাইক’ কৰা হৈছে সেয়া দেখা যোৱা নাই।

ছচিয়েল নেটৱৰ্কিং ছাইটৰ এজন মুখপাত্ৰই মঙলবাৰে কয় যে আমি ফেচবুকৰ পৰা ‘লাইক’ৰ সংখ্যা অদৃশ্য কৰাক লৈ চিন্তা–চৰ্চা কৰি আছো।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি