আপুনি যি ভাৱিব, সেয়া নিজে নিজে টাইপ হ’ব ফেচবুকত!

এই পৰিকল্পনাৰ কথা কোম্পানীয়ে প্ৰথমবাৰ ২০১৭ত ডেভেল’পাৰ কনফাৰেন্সত উত্থাপন কৰিছিল।

News18-Assam
Updated:August 2, 2019, 1:28 PM IST
আপুনি যি ভাৱিব, সেয়া নিজে নিজে টাইপ হ’ব ফেচবুকত!
এই পৰিকল্পনাৰ কথা কোম্পানীয়ে প্ৰথমবাৰ ২০১৭ত ডেভেল’পাৰ কনফাৰেন্সত উত্থাপন কৰিছিল।
News18-Assam
Updated: August 2, 2019, 1:28 PM IST
ফেচবুকে শীঘ্ৰে ব্ৰেইন–ৰিডিং কম্পিউটাৰ বিশ্বৰ সন্মুখলৈ আনিব। এই পৰিকল্পনাৰ কথা কোম্পানীয়ে প্ৰথমবাৰ ২০১৭ত ডেভেল’পাৰ কনফাৰেন্সত উত্থাপন কৰিছিল। ইফালে, এতিয়া কোম্পানীটোৱে মন্তব্য কৰিছে যে তেওঁলোকে এই পৰিকল্পনাৰ ওপৰত কেইবাটাও কাম কৰিছে আৰু এটা ভিয়ৰেবল ডিভাইচ ডেভেল’প কৰা হ’ব, যিটোৰ সহায়ত মানুহে যি ভাৱে সেয়া টাইপ হ’ব।

ফেচবুকৰ ৰিয়েলিটী লেব্ছ–এ টেকন’লজীৰ ওপৰত ইউনিভাৰ্ছিটী অৱ কেলিফৰ্নিয়া, ছানফ্ৰান্সিস্ক’ৰ গৱেষকৰ সৈতে মিলি কাম কৰি আছে। নেচাৰ কমিউনিকেচন নামৰ জাৰ্নেলত প্ৰকাশ পোৱা এক অধ্যয়নত পোহৰলৈ আহিছে যে কিদৰে গৱেষকে ব্ৰেইন–কম্পিউটাৰ ইণ্টাৰফেচ ব্যৱহাৰ কৰি মানুহৰ মগজুৰ পৰা পোনে পোনে স্পীচ স্ক্ৰীণত ডিক’ড কৰি আছে। এই অধ্যয়নৰ বাবে গৱেষকৰ দলে তিনিজন ৰোগীৰ সৈতে পৰীক্ষা–নিৰীক্ষা চলাই আছে। এই প্ৰযুক্তিৰ পৰীক্ষাৰ বাবে গৱেষকসকলক এবছৰৰ সময় প্ৰয়োজন।

ফেচবুকৰৰ AT/VRৰ উপাধ্যক্ষ বাছৱৰ্থে কয় যে আজি আমি নন–ইনভেছিভ ভিয়ৰেবল ডিভাইচৰ ওপৰত কৰা নিজৰ কামৰ আপডেট শ্বেয়াৰ কৰিম, যিয়ে মানুহে যি ভাৱে সেয়াই টাইপ কৰাৰ সুবিধা প্ৰদান কৰিব। অৱশ্যে ফেচবুকে স্পষ্ট কৰি দিছে যে গ্ৰাহকে এই প্ৰযুক্তিৰ বাবে অপেক্ষা কৰিব লাগিব। ইয়াক লৈ বহু কাম কৰিবলগীয়া আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি