আপোনাৰ হাতত আছে নেকি এইটো স্মাৰ্টফোন? ৩০ এপ্ৰিলৰ পিছত নচলিব ফেচবুক

৩০ এপ্ৰিলৰ পিছত এই স্মাৰ্ট ফোনটোত চলাব নোৱাৰিব ফেচবুক, মেছেঞ্জাৰ, ইনষ্টাগ্ৰাম

news18assam
Updated:April 16, 2019, 4:32 PM IST
আপোনাৰ হাতত আছে নেকি এইটো স্মাৰ্টফোন? ৩০ এপ্ৰিলৰ পিছত নচলিব ফেচবুক
৩০ এপ্ৰিলৰ পিছত এই স্মাৰ্ট ফোনটোত চলাব নোৱাৰিব ফেচবুক, মেছেঞ্জাৰ, ইনষ্টাগ্ৰাম
news18assam
Updated: April 16, 2019, 4:32 PM IST
ফেচবুকে নিজৰ এপ্ছ উইনড’জ প্লেটফৰ্মৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লৈছে। ফেচবুক, ইনষ্টাগ্ৰাম, আৰু মেছেঞ্জাৰ এপ্লিকেচন ৩০ এপ্ৰিলৰ পিছত চিৰদিনলৈ বন্ধ হৈ যাব উইনড’জ স্মাৰ্ট ফোনত।

মাইক্ৰ’ছফ্টৰ প্ৰবক্তাই এই কথা জনাইছে যে ফেচবুকে নিজৰ এপ ফেচবুক, ইনষ্টাগ্ৰাম আৰু মেছেঞ্জাৰ এইমাহৰ পিছত উইনড’জ ফোনৰ পৰা আঁতৰাই পেলাব। অৱশ্যে উইনড’জ ফোনৰ ব্যৱহাৰকাৰীসকলে থাৰ্ড পাৰ্টী এপ আৰু ম’বাইল ভাৰ্ছনৰ সহায়ত এই সকলোবোৰ সেৱা ব্যৱহাৰ কৰিব পাৰিব।

ইয়াৰ পূৰ্বে WhatsAppৰ ছাপ’ৰ্ট উইনড’জৰ কেইবাটাও ফোনৰ পৰা আঁতৰোৱা হৈছে। অৱশ্যে উইনড’জ ৮.১ আৰু ১০ত ফেচবুক, ইনষ্টাগ্ৰাম আৰু মেছেঞ্জাৰৰ ৱেব ভাৰ্ছনে কাম কৰিব। কোম্পানীয়ে WhatsAppৰ ছাপ’ৰ্টৰ বিষয়ে এতিয়াও কোনো তথ্য সদৰি কৰা নাই।

উইনড’জ চেন্ট্রেলে প্ৰথমে প্ৰকাশ কৰিছে এই তথ্য। ইয়াত কোৱা হৈছে যে ইনষ্টাগ্ৰামে উইনড’জ ফোন ব্যৱহাৰকাৰীলৈ ন’টিফিকেচন পঠিয়াইছে। ইফালে, একাংশ ৰেডিট ব্যৱহাৰকাৰীলও নটিফিকেচন আহিছে যে ৩০ এপ্ৰিলৰ পূৰ্বে এই এপ্ছসমূহ আঁতৰোৱা হ’ব।

ছফ্টৱেৰ জইণ্টে উইনড’জ ফোনৰ ব্যৱসায় ২০১৬চনৰ পৰা আনুষ্ঠানিকভাৱে বন্ধ কৰি দিছিল। ইফালে কোম্পানীৰ ছিকিউৰিটী আৰু ছফ্টৱেৰ আপডেটো বন্ধ কৰি দিয়া হৈছে। WhatsApp কেৱল উইনড’জ ফোন ৮.১ আৰু ১০ ম’বাইলতহে কাম কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি