মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Facebook–এ মুকলি কৰিলে নতুন সেৱা ‘Libra’, কি এই ‘Libra’?

Facebook–এ মুকলি কৰিলে নতুন সেৱা ‘Libra’, কি এই ‘Libra’?

News18-Assam
Updated:June 19, 2019, 4:36 PM IST
Facebook–এ মুকলি কৰিলে নতুন সেৱা ‘Libra’, কি এই ‘Libra’?
লিব্ৰা ক্ৰিপ্ট’কাৰেঞ্চী অহাৰ পিছত সহজতে কোনো চাৰ্জ নভৰাকৈ আন দেশলৈ ধন প্ৰেৰণ কৰিব পাৰিব।

লিব্ৰা ক্ৰিপ্ট’কাৰেঞ্চী অহাৰ পিছত সহজতে কোনো চাৰ্জ নভৰাকৈ আন দেশলৈ ধন প্ৰেৰণ কৰিব পাৰিব।

  • Share this:
অৱশেষত ফেচবুকে ৰাজহুৱা কৰিলে নিজৰ ক্ৰিপ্ট’কাৰেঞ্চীৰ তথ্য। কোম্পানীৰ এই কাৰেঞ্চীৰ নাম ‘Libra’, যাৰ জৰিয়তে কোনো অতিৰিক্ত চাৰ্জ নোহোৱাকৈ ধন লেনদেন কৰিব পাৰিব। এয়া এক ধৰণৰ লেনদেন ব্যৱস্থা যিটো অহা বৰ্ষত ব্যৱহাৰকাৰীয়ে লাভ কৰিব। ফেচবুকে ২০২০ চনত লিব্ৰা ক্ৰিপ্ট’কাৰেঞ্চীৰ লগতে ‘Calibra’ ডিজিটেল ৱালেটো মুকলি কৰিব।

Libraৰ ওপৰত কেৱল মাত্ৰ ফেচবুকৰ নিয়ন্ত্ৰণ নাথাকিব। কাৰণ এই ক্ৰিপ্ট’কাৰেঞ্চী প্ৰজেক্টৰ বাবে মাষ্টাৰ কাৰ্ড, PayPal, Visa, স্পাটিফাই আৰু ষ্ট্ৰাইপৰ দৰে কোম্পানীয়ে পূৰ্বৰে পৰাই ফেচবুকক ১০ মিলিয়ন ডলাৰ আগবঢ়াইছে, যাতে ফেচবুক তেওঁলোকে নিজৰ নেটৱৰ্কত অন্তৰ্ভুক্ত কৰিব পাৰে। এই কোম্পানীসমূহৰ সকলো প্লেটফৰ্মত ক্ৰিপ্ট’কাৰেঞ্চী স্বীকৃত হ’ব আৰু ব্যৱহাৰকাৰীয়ে সহজতে ম’বাইল ৰিচাৰ্জ, টেক্সী পে’মেণ্ট আৰু বিল পে’মেণ্ট কৰিব পাৰিব।



কোম্পানীৰ বিষয়া ডেভিদ মাৰ্কেছে কয় যে কেলিব্ৰাৰ দ্বাৰা বিশ্বৰ বিলিয়নৰ হিচাপত লোকলৈ অপেন ফাইনেঞ্চিয়েল ইক’ছিষ্টেম উপলব্ধ কৰোৱাৰ সম্ভাৱনা আছে। এই মাধ্যমৰ জৰিয়তে ফেচবুকে নিজৰ গ্ৰাহকক বেংক একাউণ্ট নথকাকৈয়ে অনলাইন ধন সংগ্ৰহ কৰাৰ সুবিধা প্ৰদান কৰিব।

ফেচবুকৰ মতে, বৰ্তমান বিশ্বত কোটি কোটি লোকে নিজৰ দেশৰ বাহিৰত থাকি উপাৰ্জন কৰে আৰু নিজৰ ঘৰলৈ পইচা প্ৰেৰণ কৰে। এখন দেশৰ পৰা আন এখন দেশলৈ পইচা পঠিয়াবলৈ এতিয়া ২৫ আৰব ডলাৰ কৰ পৃথককৈ ভৰিব লাগে। কিন্তু লিব্ৰা ক্ৰিপ্ট’কাৰেঞ্চী অহাৰ পিছত সহজতে কোনো চাৰ্জ নভৰাকৈ আন দেশলৈ ধন প্ৰেৰণ কৰিব পাৰিব।
First published: June 19, 2019, 4:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি