உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Explained: ১০ ছেপ্টেম্বৰত আহিব ৰিলায়েঞ্চৰ JioPhone Next, কি আছে এই ফোনত, কিয় গুৰুত্বপূৰ্ণ এই ফোন?

    Explained: ১০ ছেপ্টেম্বৰত আহিব ৰিলায়েঞ্চৰ JioPhone Next, কি আছে এই ফোনত, কিয় গুৰুত্বপূৰ্ণ এই ফোন?

    সম্ভৱপৰ সকলো ফিচাৰ্ছ দিবলৈ চেষ্টা কৰা এই ফোনটো অকল ভাৰতেই নহয় বিশ্বৰে কম মূল্যৰ স্মাৰ্টফোন ৰূপে পৰিচিত হোৱাৰ আশা কৰা হৈছে।

    সম্ভৱপৰ সকলো ফিচাৰ্ছ দিবলৈ চেষ্টা কৰা এই ফোনটো অকল ভাৰতেই নহয় বিশ্বৰে কম মূল্যৰ স্মাৰ্টফোন ৰূপে পৰিচিত হোৱাৰ আশা কৰা হৈছে।

    সম্ভৱপৰ সকলো ফিচাৰ্ছ দিবলৈ চেষ্টা কৰা এই ফোনটো অকল ভাৰতেই নহয় বিশ্বৰে কম মূল্যৰ স্মাৰ্টফোন ৰূপে পৰিচিত হোৱাৰ আশা কৰা হৈছে।

    • Share this:

    ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ (RIL) অধ্যক্ষ মুকেশ আম্বানিয়ে বৃহস্পতিবাৰে কোম্পানীৰ বাৰ্ষিক সাধাৰণ সভাত নতুন মোবাইল ফোন জিঅ' ফোন নেক্সট (JioPhone Next)ৰ বিষয়ে ঘোষণা কৰে। গুগলৰ সৈতে নিৰ্মাণ কৰা এই ফোনটো এই বৰ্ষৰ ১০ ছেপ্টেম্বৰৰ গণেশ চতুৰ্থীৰ দিনা মুকলি কৰাৰ কথা ঘোষণা কৰিছে আম্বানিয়ে। সাধাৰণ লোকৰ জোখাৰে নিৰ্মাণ কৰা এই ফোনটো কম খৰচী হোৱা বাবে এয়া ভাৰতীয় নাগৰিকৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।


    ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ এই ঘোষণা কিয় গুৰুত্বপূৰ্ণ?


    জিঅ' ফোন নেক্সট কি? 


    এটা স্মাৰ্টফোনৰ দৰে সকলো সুবিধা প্ৰাপ্ত হ'ব এই ফোনত। এণ্ড্ৰইড বেচড এই ফোনটোৰ অপেৰেটিং ছিষ্টেম জিঅ' আৰু গুগলে মিলি প্ৰস্তুত কৰিছে। ফোনৰ বেক পেনেলত দিয়া আছে ফিংগাৰপ্ৰিণ্ট ছেন্সৰ। আছে শক্তিশালী কেমেৰা। ৪–জি সক্ষম স্মাৰ্টফোনটোত গুগল প্লে ষ্টোৰৰ পৰা এপছ ডাউনলোড কৰিবলৈ সক্ষম হ'ব। সম্ভৱপৰ সকলো ফিচাৰ্ছ দিবলৈ চেষ্টা কৰা এই ফোনটো অকল ভাৰতেই নহয় বিশ্বৰে কম মূল্যৰ স্মাৰ্টফোন ৰূপে পৰিচিত হোৱাৰ আশা কৰা হৈছে।


    জিঅ' ফোন নেক্সটৰ মূল্য কিমান হ'ব?


    জিঅ'ই ফোনটোৰ মূল্য প্ৰকাশ কৰা নাই। এইটো মুকলিৰ সময়ত জানিব পৰা যাব। ভাৰতৰ বজাৰত সুলভ ৪–জি স্মাৰ্টফোন আছে আৰু জিঅ' ফোন নেক্সটৰ মূল্য কেনে হয় সেয়া আজি মুকেশ আম্বানিয়ে ঘোষণা কৰা অনুযায়ী ক'ব পাৰি ই যথেষ্টখিনি কম খৰচত ক্ৰয় কৰিব পৰা যাব। আনহাতে এই ফোনটো জিঅ'ৰ কিছুমান বিশেষ ডাটা প্লেনৰ সৈতে আহিব বুলি অনুমান কৰা হৈছে।


    জিঅ' ফোন নেক্সটৰ কেনে ছফটৱেৰ সুবিধা আছে?


    ব্যৱহাৰকাৰীসকলে ইয়াত কেৱল এটা বুটাম টিপিয়ে ভাষা সলনি কৰাৰ বিকল্প পাব। ইয়াৰ অপাৰেটিং ছিষ্টেম কোনো ভাষা পঢ়াই শুনোৱাৰ লগতে অনুবাদ কৰিব পৰা সুবিধাজনক কৰা হৈছে। যিসকল ইউজাৰে বিভিন্ন প্ৰকাৰৰ ভাষাৰ বাধাৰ বাবে স্মাৰ্টফোন ব্যৱহাৰ কৰিবলৈ অসুবিধা পায়, তেওঁলোকক এই ফোনে সেৱা আগবঢ়াব। গুগলৰ মতে, জিঅ' ফোন নেক্সট স্ক্ৰীনত যিকোনো টেক্সৰ সৈতে কাম কৰিব পৰা যাব, য'ত ৱেব পেজ, এপছ, মেছেজৰ লগতে ফটোও সংলগ্ন আছে। টেক্স উপভোক্তা স্থানীয় ভাষাত অনুবাদ কৰিব পৰা যাব আৰু ইয়াক ডাঙৰকৈ পঢ়াই শুনাব পৰা যাব।


    ইয়াৰ উপৰি ইয়াত অন্য ফিচাৰ এপ এক্সন আছে, য'ত গুগল এচিছটেণ্টে জিঅ' এপচৰ সৈতে কাম কৰিব। সেয়ে ব্যৱহাৰকাৰীয়ে গুগল এছিষ্টেণ্টৰ জৰিয়তে মিউজিক শুনা, মাই জিঅ' এপত একাউণ্ট বেলেঞ্চ চেক কৰিব পাৰিব। ইয়াত কাষ্টম কেমেৰা ছফটৱেৰো পাব। গুগলে দাবী কৰা অনুসৰি এক শক্তিশালী কেমেৰা এই ফোনত পাব, যিটো সাধাৰণতে কম খৰচী ফোনত পোৱা নাযায়। গুগলৰ মতে, কম পোহৰ আৰু নিশাও স্পষ্ট ফটো সুনিশ্চিত কৰাৰ বাবে কেমেৰা ছফটৱেৰক ফোনৰ কেমেৰা মডিউলৰ সৈতে পৰীক্ষা কৰি হৈছে। কেমেৰাটো এইচডিআৰ মোডৰ, যাক সাধাৰণ বাজেটত ফোনত সঘনাই দেখা নাযায়। গুগলে ফোনৰ কেমেৰা এপৰ ভাৰতীয় বৈশিষ্ট্যৰ স্নেপচেট লেন্স ব্যৱহাৰ কৰাৰ বাবে স্নেপচেটৰ মূল কোম্পানী স্নেপৰো সহায় লৈছে। এই ফিচাৰ আপডেট হৈ থাকিব। গুগলেও জিঅ' ফোন নেক্সটৰ বাবে সুৰক্ষিত আপডেটৰ প্ৰতিশ্ৰুতি দিছে।


    এইটো কিয় গুৰুত্বপূৰ্ণ?


    এতিয়ালৈকে জিঅ'ৰ সকলোবোৰ সামগ্ৰীয়ে ভাৰতীয় গ্ৰাহকসকলৰ অন্তৰ জয় কৰিছে। গতিকে জিঅ' ফোন নেক্সটেও গুণ আৰু মূল্যৰ দিশৰ পৰা সফল হ'ব বুলি আশা কৰা হৈছে।

    Published by:Gautam Barman
    First published: