এতিয়াৰ পৰা বিনামূলীয়া হৈ নাথাকিব WhatsApp! ব্যৱহাৰৰ বাবদ ভৰিব লাগিব ধন

News18 Assam | News18-Assam
Updated:October 24, 2020, 5:48 PM IST
এতিয়াৰ পৰা বিনামূলীয়া হৈ নাথাকিব WhatsApp! ব্যৱহাৰৰ বাবদ ভৰিব লাগিব ধন
কিছুদিন পূৰ্বে WhatsApp এ বিজনেছ একাউণ্ট এণ্ড্ৰইড য়ুজাৰ্ছৰ বাবে ৰোল আউট কৰিছিল।

কিছুদিন পূৰ্বে WhatsApp এ বিজনেছ একাউণ্ট এণ্ড্ৰইড য়ুজাৰ্ছৰ বাবে ৰোল আউট কৰিছিল।

  • Share this:
WhatsApp! বৰ্তমান সময়ত এক অন্যতম জনপ্ৰিয় মেছেজিং এপ। সমগ্ৰ বিশ্বৰ বৃহত্‍ সংখ্যক লোকে ব্যৱহাৰ কৰে WhatsApp। পিছে WhatsApp ব্যৱহাৰকাৰীসকলৰ বাবে আছে এটা বেয়া খবৰ। এতিয়াৰ পৰা আৰু বিনামূলীয়া হৈ নাথাকিব জনপ্ৰিয় মেছেজিং এপ! WhatsApp ব্যৱহাৰৰ বাবদত গ্ৰাহকে ভৰিব লাগিব ধন। যোৱা শুকুৰবাৰে এটা ব্লগ পোষ্টৰ জৰিয়তে এই কথা জানিবলৈ দিছে WhatsApp কৰ্তৃপক্ষই।

WhatsAppৰ বিভিন্ন সেৱাৰ ক্ষেত্ৰত এতিয়া আৰোপ কৰা হৈছে কৰ। বিভিন্ন সুবিধাৰ বাবে গ্ৰাহকে ভৰিব লাগিব ধন। অৱশ্যে সাধাৰণ WhatsApp ব্যৱহাৰকাৰীয়ে ভৰিব নালাগে কোনো ধৰণৰ ধন। কেৱল মাত্ৰ বিজনেছ চাট ব্যৱহাৰকাৰী সকলৰ বাবেহে এই কৰ আৰোপ কৰা হৈছে। উল্লেখ্য যে, ভাৰতবৰ্ষৰ প্ৰায় ৫ কোটি লোকে ব্যৱহাৰ কৰে WhatsAppৰ বিজনেছ চাট চাৰ্ভিচ।

জানিব পৰা মতে,  কিছুদিন পূৰ্বে WhatsApp এ বিজনেছ একাউণ্ট এণ্ড্ৰইড য়ুজাৰ্ছৰ বাবে ৰোল আউট কৰিছিল। ইয়াৰ বাবে মুকলি কৰিছিল পে টু মেছেজ অপচন। যাৰ সহায়ত এণ্ড টু এণ্ড এনক্ৰিপ্টেড টেক্সট, ভিডিঅ’কলিংৰ সুবিধা লাভ কৰিব গ্ৰাহকে।
Published by: Himangshu Bhuyan
First published: October 24, 2020, 5:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading