অসমৰ বানৰ ফটো সংগ্ৰহ কৰিছে চীন দেশৰ উপগ্ৰহই

পোন প্ৰথমে চীন দেশৰ উপগ্ৰহই ফটো সংগ্ৰহ কৰি প্ৰেৰণ কৰিছে ভাৰতলৈ

News18-Assam
Updated:July 27, 2019, 3:23 PM IST
অসমৰ বানৰ ফটো সংগ্ৰহ কৰিছে চীন দেশৰ উপগ্ৰহই
পোন প্ৰথমে চীন দেশৰ উপগ্ৰহই ফটো সংগ্ৰহ কৰি প্ৰেৰণ কৰিছে ভাৰতলৈ
News18-Assam
Updated: July 27, 2019, 3:23 PM IST
বান বিধ্বস্ত অসমৰ ফটো সংগ্ৰহ কৰিছে সমগ্ৰ বিশ্বৰে কৃত্ৰিম উপগ্ৰহই । পোন প্ৰথমে চীন দেশৰ উপগ্ৰহই ফটো সংগ্ৰহ কৰি প্ৰেৰণ কৰিছে ভাৰতলৈ । যোৱা  ১৮ জুলাই ৰঙা চীনৰ গাওফেন - ২ নামৰ উপগ্ৰহটোৱে অসমৰ বান বিধ্বস্ত জিলাৰ সমূহৰ ফটো প্ৰেৰণ কৰিছিল। তাৰ পাছত কোৰিয়া, কানাডা, বহু কেইখন ইউৰোপৰ দেশ আৰু ৰাছিয়াৰ কৃত্ৰিম উপগ্ৰহই অসমৰ high resolution satellite image সংগ্ৰহ কৰি ISRO লৈ প্ৰেৰণ কৰে । ভাৰতৰ Cartosat -1 নামৰ উপগ্ৰহটোৱেও অসমৰ বান পৰিস্থিতিৰ ছবি সংগ্ৰহ কৰিছে।

ISRO ৰ অনুৰোধত বিদেশী মহাকাশ প্ৰতিষ্ঠান সমূহে অসম আৰু বিহাৰৰ ফটো প্ৰেৰণ কৰিছে। যোৱা জুলাই ১৭ তাৰিখে ISRO ই আনুষ্ঠানিক ভাৱে এই বিষয়ে জনাইছিল অনুৰোধ  । তাৰ এদিন পাছতে চীনে অনুৰোধ ৰক্ষা কৰে। এনে তথ্য সংগ্ৰহ কৰা উপগ্ৰহৰ অত্যাধিক গতিবেগ হোৱাৰ ফলত এটা স্থানৰ ওপৰত এক চেকেণ্ড মান সময় হে থাকে আৰু নিজৰ কক্ষপথত এটা পৰিভ্ৰমণ সমাপ্ত কৰি পুনৰ সেই স্থান পাবলৈ কেইবা ঘণ্টাও লাগে ।

কিন্তু এটা বিশেষ স্থানত বিভিন্ন সময়ত বিশ্বৰ বিভিন্ন উপগ্ৰহ থাকে। সেয়ে দুৰ্যোগৰ ফটো/তথ্য সংগ্ৰহৰ উদ্দেশ্যৰে বিশ্বৰ বহু কেইখন দেশৰ মহাকাশ প্ৰতিষ্ঠান সমূহে এখন উমৈহতীয়া প্লেটফর্ম গঠন কৰিছে । International Charter, Space for Major Disaster নামৰএই প্লেটফর্মৰ ISRO ও অন্যতম সদস্য। প্লেটফর্মৰ প্ৰতিখন সদস্য দেশ অনুৰোধ সাপেক্ষে তেনে ফটো আৰু তথ্য যোগান ধৰাৰ দিশত দায়বদ্ধ ।

ফটো প্ৰেৰণ কৰাৰ পাছত চীনৰ ভাৰতত নৱ নিযুক্ত ৰাষ্ট্ৰদূত চোন ৱেইডংএ এনেদৰে কয় - ISRO ৰ আন্তৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰসমন সহায়ৰ দিশত অহা অনুৰোধ ৰক্ষা চীনে ভাৰতক বান বিধস্ত অঞ্চল সমূহৰ উপগ্ৰহীয় তথ্যৰ যোগান ধৰিছে । এইয়া ভাৰতৰ বান সাহায্য প্ৰদান প্ৰক্ৰিয়াত সহায়ৰ হাত । আশা কৰোঁ সকলো অতি শীঘ্ৰেই ঠিক হব ।

 



নতুন দিল্লীৰ পৰা পাৰ্থ জ্যোতি  বৰাৰ প্ৰতিবেদন
আৰু চাওক পৰৱৰ্তী বাতৰি