ইতিহাস ৰচনা কৰি আজি নিশা চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান–২, শ্বাসৰুদ্ধকৰ হ’ব অন্তিম ১৫ মিনিট

অৱতৰণৰ অন্তিম ১৫ মিনিট চন্দ্ৰযান–২ৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।

News18-Assam
Updated:September 6, 2019, 9:29 AM IST
ইতিহাস ৰচনা কৰি আজি নিশা চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান–২, শ্বাসৰুদ্ধকৰ হ’ব অন্তিম ১৫ মিনিট
অৱতৰণৰ অন্তিম ১৫ মিনিট চন্দ্ৰযান–২ৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।
News18-Assam
Updated: September 6, 2019, 9:29 AM IST
প্ৰায় ডেৰ মাহ পূৰ্বে জোনবাইৰ দেশলৈ যাত্ৰা কৰা চন্দ্ৰযান ২–এ আজি নিশা ৰচিব ইতিহাস। আজি নিশা চন্দ্ৰযান–২ৰ লেণ্ডাৰ ‘বিক্ৰম’ অৱতৰণ কৰিব চন্দ্ৰপৃষ্ঠত। সেই ঐতিহাসিক মুহূৰ্তটোলৈ বাট চাইছে সমগ্ৰ বিশ্বই। কিন্তু অৱতৰণৰ অন্তিম মুহূৰ্তখিনি ইছৰ’ৰ বিজ্ঞানী তথা দেশবাসীৰ বাবে হ’ব এক শ্বাসৰুদ্ধকৰ সময়।

অৱতৰণৰ অন্তিম ১৫ মিনিট চন্দ্ৰযান–২ৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। লেণ্ডাৰ ‘বিক্ৰম’ৰ অৱতৰণৰ পিছতে এই অভিযান সফল হিচাপে পৰিগণিত হ’ব। কিন্তু কি হ’ব অন্তিম ১৫ মিনিটত?

>> আজি নিশা ডেৰ বজাৰ পিছত লেণ্ডাৰ ‘বিক্ৰম’ৰ গতি প্ৰায় ৬ কিলোমিটাৰ হ’ব প্ৰতি ছেকেণ্ডত। অৰ্থাৎ ২১৬০০ কিলোমিটাৰ প্ৰতিঘণ্টাত। এখন বাণিজ্যিক বিমানৰ গতিতকৈ ৩০–৪০ গুণ বেছি।

>> অৱতৰণৰ অন্তিম ১৫ মিনিটত লেণ্ডাৰ ‘বিক্ৰম’ৰ গতি একেবাৰে কম কৰিব লাগিব। ৬ কিলোমিটাৰৰ পৰা হ্ৰাস কৰি প্ৰতি ছেকেণ্ডত ২ মিটাৰ কৰিব লাগিব ইয়াৰ গতি। অৰ্থাৎ প্ৰতিঘণ্টাত ৭ কিলোমিটাৰ। হঠাৎ এইধৰণে গতি হ্ৰাস কৰাটো বিজ্ঞানীসকলৰ বাবে এক প্ৰত্যাহ্বান।

>> মহাকাশত লেণ্ডাৰ ‘বিক্ৰম’ৰ গতি হ্ৰাস কৰাৰ বাবে থ্ৰাষ্টাৰৰ ব্যৱহাৰ কৰা হ’ব। ইয়াৰ দ্বাৰা মহাকাশ যানৰ গতি বৃদ্ধি কৰা হয়। কিন্তু ওলোটাকৈ ইয়াৰ ব্যৱহাৰৰ ফলত মহাকাশ যানৰ গতি হ্ৰাস হয়।
>> কি স্থানত অৱতৰণ কৰিব সেয়া নজৰ ৰাখিব লাগিব লেণ্ডাৰ ‘বিক্ৰম’–এ। অৰ্থাৎ সেই স্থান সমতল হয়নে নহয় তাৰ ওপৰত ৰাখিব লাগিব নজৰ।
>> লেণ্ডাৰ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ প্ৰায় ৩ ঘণ্টা পিছত বাহিৰলৈ আহিব ৰ’ভাৰ ‘প্ৰজ্ঞান’।
>> ইছৰ’ৰ মুৰব্বী কে ছিভনে কয় যে এই মুহূৰ্তখিনি হ’ব এক শ্বাসৰুদ্ধকৰ সময়, কাৰণ ইছৰ’ৱে এয়া পূৰ্বে কেতিয়াও কৰা নাই।
>> ইছৰ’ৰ বিজ্ঞানীসকল এইকাৰণেই কিছু শংকিত, কাৰণ চলিত বৰ্ষৰ এপ্ৰিলত ইজৰাইলৰ এক অভিযান ব্যৰ্থ হৈছিল। বিজ্ঞানীয়ে লেণ্ডাৰৰ গতি হ্ৰাস কৰাত সফল নোহোৱাৰ ফলত চন্দ্ৰপৃষ্ঠত ক্ৰেছ লেণ্ডিং হৈছিল।
>> উল্লেখযোগ্য যে, এতিয়ালৈ ১০৯টা চন্দ্ৰ অভিযানৰ ভিতৰত ৪১টা বিফল হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি