বিপজ্জনক স্থানত আবদ্ধ চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰম! ইউৰোপিয়ান মহাকাশ সংস্থাৰ ৰিপ’ৰ্টত চাঞ্চল্যকৰ তথ্য

News18-Assam
Updated:September 10, 2019, 3:22 PM IST
বিপজ্জনক স্থানত আবদ্ধ চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰম! ইউৰোপিয়ান মহাকাশ সংস্থাৰ ৰিপ’ৰ্টত চাঞ্চল্যকৰ তথ্য
ৰিপ’ৰ্ট অনুসৰি, লেণ্ডাৰ বিক্ৰমে অৱতৰণ কৰা চন্দ্ৰৰ দক্ষিণ মেৰুৰ সেই স্থান অত্যন্ত বিপজ্জনক।

ৰিপ’ৰ্ট অনুসৰি, লেণ্ডাৰ বিক্ৰমে অৱতৰণ কৰা চন্দ্ৰৰ দক্ষিণ মেৰুৰ সেই স্থান অত্যন্ত বিপজ্জনক।

  • News18 Assam
  • Last Updated: September 10, 2019, 3:22 PM IST
  • Share this:
চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ আছে ISROৰ। লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ স্থাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ISROৰ বিজ্ঞানীসকলে। অৰ্বিটাৰে প্ৰেৰণ কৰা আলোকচিত্ৰৰ দ্বাৰা লেণ্ডাৰৰ অৱস্থান সম্পৰ্কে জানিব পৰা হৈছে। ইয়াৰ মাজতে ইউৰোপিয়ান মহাকাশ সংস্থাই প্ৰকাশ কৰিছে এক প্ৰতিবেদন। ৰিপ’ৰ্ট অনুসৰি, লেণ্ডাৰ বিক্ৰমে অৱতৰণ কৰা চন্দ্ৰৰ দক্ষিণ মেৰুৰ সেই স্থান অত্যন্ত বিপজ্জনক। ইউৰোপিয়ান মহাকাশ সংস্থাৰো উক্ত স্থানত লেণ্ডিং কৰাৰ পৰিকল্পনা আছিল, যিটো সফল নহ’ল। এই সম্পৰ্কে সংস্থাটোৱে এক প্ৰতিবেদন প্ৰস্তুত কৰিছে, য’ত বহু গুৰুত্বপূৰ্ণ তথ্য উপলব্ধ।

ইউৰোপিয়ান মহাকাশ সংস্থাই চন্দ্ৰযানৰ দৰেই লুণাৰ লেণ্ডাৰ নামেৰে এক মিছনৰ আৰম্ভণি কৰিছিল। এই অভিযান অনুসৰি ২০১৮ চনত লুণাৰ লেণ্ডাৰ চন্দ্ৰত অৱতৰণ কৰোৱাৰ কথা আছিল। বাজেটৰ অভাৱৰ বাবে এই অভিযান স্থগিত ৰখা হৈছিল। এই অভিযানৰ বিষয়ে পৰিকল্পনা কৰাৰ পূৰ্বে চন্দ্ৰৰ দক্ষিণ মেৰুত লেণ্ডিং সম্পৰ্কীয় বিপদক লৈ এক ৰিপ’ৰ্ট প্ৰস্তুত কৰা হৈছিল। এই ৰিপ’ৰ্ট অনুসৰি, চন্দ্ৰপৃষ্ঠৰ এই স্থানৰ পৰিৱেশ অত্যন্ত জটিল।

ৰিপ’ৰ্ট অনুসৰি লেণ্ডাৰৰ অংশসমূহত চন্দ্ৰৰ ধুলি পৰাৰ ফলত মেচিন বিকল হ’ব পাৰে। ছ’লাৰ পেনেল ধুলিয়ে ঢাকি পেলাব পাৰে আৰু ইয়াৰ উপকৰণসমূহে কাম কৰা বন্ধ কৰি দিব পাৰে। অৱতৰণৰ সময়ত লেণ্ডাৰে এনেকুৱা কিছুমান ছায়াৰ ওপৰত নজৰ ৰাখিব লাগে যিয়ে সৌৰশক্তি আহৰণত প্ৰভাৱ পেলায়। লগতে চেষ্টা কৰিব লাগিব যাতে লেণ্ডিং কম হেলনীয়া স্থানত কৰা হয়। বৰ্তমান ই এছ এই কানাডা আৰু জাপানৰ মহাকাশ সংস্থাৰ সৈতে মিলি হেৰকল্ছ ৰব’টিক মিছনৰ প্ৰস্তুতি চলাই আছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি