শীঘ্ৰে আপোনাৰ ম’বাইলৰ পৰা ডিলিট কৰক এই দুটা জনপ্ৰিয় এপ, ধন ঘটাৰ লগতে শুনি আছে আপোনাৰ গোপন কথা

এই দুয়োটা এপে পপ–আপ বিজ্ঞাপনৰ জৰিয়তে মানুহৰ পৰা পইচা উপাৰ্জন কৰি আছিল।

News18-Assam
Updated:September 23, 2019, 6:59 PM IST
শীঘ্ৰে আপোনাৰ ম’বাইলৰ পৰা ডিলিট কৰক এই দুটা জনপ্ৰিয় এপ, ধন ঘটাৰ লগতে শুনি আছে আপোনাৰ গোপন কথা
এই দুয়োটা এপে পপ–আপ বিজ্ঞাপনৰ জৰিয়তে মানুহৰ পৰা পইচা উপাৰ্জন কৰি আছিল।
News18-Assam
Updated: September 23, 2019, 6:59 PM IST
গুগল প্লে’ ষ্টোৰত ভুৱা এপক লৈ বহু ঘটনা পোহৰলৈ আহিছে। এতিয়া এই প্লেটফৰ্মৰ পৰা দুটা এপ আঁতৰোৱাৰ খবৰ আহিছে। গুগলে নিজৰ ষ্ট’ৰৰ পৰা দুটা ফটো এপ আঁতৰাই পেলাইছে। ম’বাইল ছিকিউৰিটী ফাৰ্ম ৱাণ্ডেৰাৰ গৱেষকে Sun Pro Beauty আৰু Funny Sweet Beauty
Selfie Camera নামৰ এপ দুটাত adware ধৰা পেলাইছে। এই দুয়োটা এপ গুগল প্লে’ ষ্ট’ৰত অতি জনপ্ৰিয় আৰু ১৫ লাখতকৈ অধিকবাৰ ডাউনলোড কৰা হৈছে।

গুগলৰ মতে, এই দুয়োটা এপে পপ–আপ বিজ্ঞাপনৰ জৰিয়তে মানুহৰ পৰা পইচা উপাৰ্জন কৰি আছিল। বেকগ্ৰাউণ্ডত এড চলি থাকে আৰু ব্যৱহাৰকাৰীয়ে অসুবিধা পাইছিল। লগতে ফোনৰ বেটাৰীৰ চাৰ্জো সোনকালে শেষ হৈছিল।

গুগলে সকলো ব্যৱহাৰকাৰীকে এই এপ দুটা ডিলিট কৰিবলৈ পৰামৰ্শ দিছে। ৱাণ্ডেৰাৰ দাবী যে দুয়োটা এপতে অপ্ৰয়োজনীয় বিজ্ঞাপনৰ উপৰি অডিঅ’ ৰেকৰ্ডিঙৰ অনুমতিৰ লগতে আন বহুতো অনুমতিও বিচাৰিছিল।



জনপ্ৰিয় এপ Camscannerত শেহতীয়াকৈ Malware ধৰা পৰিছিল, যাৰ পিছতে ইয়াক প্লে’ ষ্ট’ৰৰ পৰা আঁতৰাই পেলোৱা হৈছিল। কিন্তু এতিয়া এনড্ৰইড ব্যৱহাৰকাৰীয়ে ইয়াক বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰে। CamScannerৰ ডেভেল’পাৰে টুইটাৰৰ জৰিয়তে এই এপটো পুনৰ উভতি অহাৰ কথা জানিবলৈ দিছে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি