ভোডাফোন–আইডিয়াৰ পিছত ভাৰতীয় এয়াৰটেলেও প্ৰিপেইড গ্ৰাহকৰ বাবে কল আৰু ডাটা প্লেন ৩ ডিচেম্বৰৰ পৰা বৃদ্ধি কৰিব। ভাৰতীয় এয়াৰটেলে দেওবাৰে এক বিজ্ঞপ্তিযোগে কয় – ভাৰতীয় এয়াৰটেলে ম’বাইল গ্ৰাহকৰ বাবে কল ৰেট ঘোষণা কৰিছে। নতুন কল ৰেট ৩ ডিচেম্বৰ ২০১৯ৰ পৰা কাৰ্যকৰী হ’ব। কোম্পানীটোৱে কয় যে নতুন প্লেন পূৰ্বৰ তুলনাত ৪২ শতাংশ খৰচী হ’ব। এতিয়া আতাইতকৈ কম মূল্যৰ প্লেন হ’ব ৪৯ টকা।
কোম্পানীটোৱে কয় – এয়াৰটেলৰ নতুন প্লেন অনুসৰি, টেৰিফত ৫০ পইচাৰ পৰা ২.৫০ টকা প্ৰতিদিনে বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি এয়াৰটেল থেংকছ প্লেটফৰ্মৰ জৰিয়তে গ্ৰাহকলৈ আগবঢ়াব এক্সক্লুছিভ অফাৰ। এইপ্লেটফৰ্মৰ জৰিয়তে গ্ৰাহকে এয়াৰটেল এক্সট্ৰিম এপত প্ৰিমিয়াম কনটেণ্ট লাভ কৰিব পাৰিব। ইয়াত গ্ৰাহকে ১০,০০০ ছবি, এক্সক্লুছিভ শ্ব’, ৪০০ টিভি চেনেল, মিউজিক, এণ্টি ভাইৰাছৰ লগতে ডিভাইচ প্ৰটেকশ্যনৰ সুবিধা পাব।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|