• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বিশ্ব অনুবাদ দিৱসৰ দিনাই Microsoft-এ নিজৰ অনুবাদ প্ৰযুক্তিত অন্তৰ্ভুক্ত কৰিলে অসমীয়া ভাষা

বিশ্ব অনুবাদ দিৱসৰ দিনাই Microsoft-এ নিজৰ অনুবাদ প্ৰযুক্তিত অন্তৰ্ভুক্ত কৰিলে অসমীয়া ভাষা

মোবাইল ফোনত অসমীয়া ভাষা লিখা সকলে Playstore বা Appstoreৰ পৰা Microsoft Translator appটো ডাউনলোড কৰি এই সেৱা গ্ৰহণ কৰিব পাৰে।

মোবাইল ফোনত অসমীয়া ভাষা লিখা সকলে Playstore বা Appstoreৰ পৰা Microsoft Translator appটো ডাউনলোড কৰি এই সেৱা গ্ৰহণ কৰিব পাৰে।

মোবাইল ফোনত অসমীয়া ভাষা লিখা সকলে Playstore বা Appstoreৰ পৰা Microsoft Translator appটো ডাউনলোড কৰি এই সেৱা গ্ৰহণ কৰিব পাৰে।

  • Share this:
ইণ্টাৰনেটত অসমীয়া ভাষাত লিখোতে সততে বানান ভুল হোৱা বা ইংৰাজী শব্দ এটাৰ অসমীয়াত ভাবানুবাদ কি হ’ব বিচাৰি হাবাথুৰি খাই থকাসকলৰ কাৰণে ভাল খবৰ। বিশ্ব অনুবাদ দিৱসৰ দিনাই Microsoft Translatorত অন্তৰ্ভুক্ত হ’ল অসমীয়া ভাষা। এতিয়া ব্যৱহাৰকাৰীয়ে এই অনুবাদ সেৱা ব্যৱহাৰৰ কৰি যিকোনো কথা লিখি বা মুখৰে কৈ অনুবাদ কৰিব পাৰিব। লগতে অসমীয়াৰ পৰা আন ভাষালৈ অনুবাদো কৰিব পাৰিব।

বিশ্বৰ অন্যতম বৃহৎ এই Software প্ৰতিষ্ঠানটোৱে জনোৱা মতে, ভাৰতত অসমীয়া ভাষাৰ আদিৰ পৰা অন্তলৈ অনুবাদৰ সকলো সেৱা প্ৰদান কৰাৰ উদ্দেশ্যৰে এই কাম আৰম্ভ কৰা হৈছে। অসমীয়াকে ধৰি Microsoft Translator–এ ১২তা ভাৰতীয় ভাষাত এই সেৱা প্ৰদান কৰে।

মোবাইল ফোনত অসমীয়া ভাষা লিখা সকলে Playstore বা Appstoreৰ পৰা Microsoft Translator appটো ডাউনলোড কৰি এই সেৱা গ্ৰহণ কৰিব পাৰে। Azure Cognitive  Service Speechৰ যোগেদি মৌখিক আৰু লিখিত কথা ‘Real Time'ত আন ভাষাৰ পৰা অসমীয়াত লাভ কৰিব পৰা যাব।

কোম্পানীটোৰ Artificial Intelligenceৰ মূৰব্বী সুন্দৰ শ্ৰীনিবাসনে Microsoft Translatorত অসমীয়া ভাষা মুকলি কৰি কয় – ভাৰতত ভাষাৰ পৰিধি ভাঙি নাগৰিকক তথ্যৰ দিশত শক্তিশালী কৰাৰ উদ্দেশ্যৰ আগত ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
Published by:Sanjay Kumar Das
First published: