உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • শীঘ্ৰেই অসমত চলিব বিদ্যুৎ চালিত যাত্ৰীবাহী ৰে'ল! প্ৰথমবাৰৰ বাবে চলিল ইলেকট্ৰিক মালবাহী বাণিজ্যিক ৰে'ল ।

    শীঘ্ৰেই অসমত চলিব বিদ্যুৎ চালিত যাত্ৰীবাহী ৰে'ল! প্ৰথমবাৰৰ বাবে চলিল ইলেকট্ৰিক মালবাহী বাণিজ্যিক ৰে'ল ।

    উত্তৰ পূৱ সীমান্ত ৰে'লৱেত নতুন ইতিহাস। প্ৰথমবাৰৰ বাবে চলিল ইলেকট্ৰিক মালবাহী বাণিজ্যিক ট্ৰেইন।

    উত্তৰ পূৱ সীমান্ত ৰে'লৱেত নতুন ইতিহাস। প্ৰথমবাৰৰ বাবে চলিল ইলেকট্ৰিক মালবাহী বাণিজ্যিক ট্ৰেইন।

    উত্তৰ পূৱ সীমান্ত ৰে'লৱেত নতুন ইতিহাস। প্ৰথমবাৰৰ বাবে চলিল ইলেকট্ৰিক মালবাহী বাণিজ্যিক ট্ৰেইন।

    • Share this:
      উত্তৰ পূৱ সীমান্ত ৰে'লৱেত নতুন ইতিহাস । প্ৰথমবাৰৰ বাবে চলিল ইলেকট্ৰিক মালবাহী  বাণিজ্যিক ট্ৰেইন । বঙাইগাঁৱৰ পৰা নিশা ৯.৩০ বজাত ৰঙিয়া ৰে'ল ষ্টেচন পায়হি মালবাহী ৰে'লখন । ৰঙিয়াত আদৰণি জনালে ৰে'ল বিভাগৰ শীৰ্ষ বিষয়াই । উপস্থিত থাকে ৰঙিয়া ৰে'লৱে মাণ্ডলিক ৰে'ল প্ৰৱন্ধক ভি এ মালেগাওকাৰ ।

      অতি শীঘ্ৰে অসমত চলিব বিদ্যুৎ চালিত যাত্ৰীবাহী ৰে'ল । ইয়াৰ পূৰ্বে এনেদৰে মালবাহী ৰে'ল চলোৱা হৈছে । শব্দ আৰু বায়ু প্ৰদুষণ মুক্ত বৈদ্যুতিক ৰে'লেৰে যাতায়াত কৰিলে পূৰ্বৰ তুলনাত অতি কম সময়ৰ ভিতৰত নিজৰ গন্তব্য স্থানলৈ গতি কৰিব পাৰিব যাত্ৰীসকলে । উল্লেখ্য যে শ্ৰীৰামপুৰৰ পৰা কামাখ্যা ষ্টেচনলৈকে বিদ্যুৎ চালিত ৰে'ল চলোৱাৰ বাবে ইতিমধ্যে ৰে'লপথ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে । ইয়াৰ পিছত পৰৱৰ্তী সময়ত সমগ্ৰ অসমতে ৰে'লপথ সমূহ বৈদ্যুতিকৰণ কৰা হ'ব ।
      Published by:Kokil Sarma
      First published: