உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • কোনোধৰণৰ পলম নোহোৱাকৈ Amazon-Flipkartৰ বিৰুদ্ধে আৰম্ভ কৰক তদন্ত , কেন্দ্ৰীয় চৰকাৰক আহ্বান CAITৰ

    কোনোধৰণৰ পলম নোহোৱাকৈ Amazon-Flipkartৰ বিৰুদ্ধে আৰম্ভ কৰক তদন্ত , কেন্দ্ৰীয় চৰকাৰক আহ্বান CAITৰ

    কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেললৈ আৱেদন CAITৰ- "কোনোধৰণৰ পলম নকৰাকৈ তদন্ত আৰম্ভ কৰিবলৈ দিয়ক CCIক ।"

    কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেললৈ আৱেদন CAITৰ- "কোনোধৰণৰ পলম নকৰাকৈ তদন্ত আৰম্ভ কৰিবলৈ দিয়ক CCIক ।"

    কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেললৈ আৱেদন CAITৰ- "কোনোধৰণৰ পলম নকৰাকৈ তদন্ত আৰম্ভ কৰিবলৈ দিয়ক CCIক ।"

    • Share this:
    Amazon আৰু Flipkartয়ে চলাই অহা অসাধু ব্যৱসায়ৰ তদন্তৰ ক্ষেত্ৰত শুনানি গ্ৰহণ কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে ইতিমধ্যে কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (Confederation of All India Traders) চমুকৈ CAIT পক্ষত ৰায় প্ৰদান কৰিছে । দেশৰ বানিজ্যিক নীতি উলংঘা কৰি কিদৰে Amazon আৰু Flipkartদৰে ই-কমাৰ্চ কোম্পানীয়ে মুনাফা অৰ্জন কৰি আহিছে, যাৰ ফলত কিদৰে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় ক্ষতিগ্ৰস্ত হৈছে , সেই সম্পৰ্কে সংস্থাটোৱে গোচৰ ৰুজু কৰিছিল । ইয়াৰ পিছতেই আমাজনৰ তেওঁলোকৰ বাণিজ্যিক নীতিৰ ওপৰত তদন্ত কৰিবলৈ একো নাই আৰু বিৰোধীৰ দাবীৰ কোনো যুক্তি নাই বুলি কৰ্ণাটক উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন ।

    কিন্তু কৰ্ণাটক উচ্চ ন্যায়ালয়ে এই ই-কৰ্মাচ কোম্পানীৰ আবেদন খাৰিজ কৰি স্পষ্ট কৰি দিয়ে যে কম্পিটিছন কমিছন অফ ইণ্ডিয়া (Competition Commission of India) চমুকৈ CCIয়ে Amazon আৰু Flipkartৰ অসাধু বাণিজ্য নীতিৰ বিষয়ত তদন্ত আৰম্ভ কৰিব পাৰে। এই ৰায়দানৰ পিছতে এতিয়া কোম্পানী দুটাৰ বিৰুদ্ধে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেললৈ পত্ৰ প্ৰেৰণ কৰিছে CAITএ ।

    লক্ষ্যণীয় যে, ভাৰতৰ বাণিজ্য নীতিৰ অধীনত ই-কমাৰ্চ কোম্পানী দুটাই বৈদ্যুতিক সামগ্ৰী বিশেষকৈ স্মাৰ্টফোনৰ বিক্ৰীৰ ক্ষেত্ৰত উলংঘা কৰি আহিছে আইন । কেৱল সেয়াই নহয় একে সময়তে তেওঁলোকে কেইবাটাও সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে হ্ৰাস কৰাৰ ফলত দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলৰ বাবে তেওঁলোকৰ সৈতে প্ৰতিযোগিতা কৰাটো অসম্ভৱ হৈ পৰিছে । ই-কমাৰ্চ প্লেটফৰ্মত বিক্ৰেতাৰ দ্বাৰা আইন উলংঘন কৰাৰ ঘটনাও আছে। কোনো বিদেশী কোম্পানীক কোনো ভাৰতীয় ৰিটেইলাৰৰ সৈতে চুক্তিবদ্ধ হ'বলৈ আৰু ইয়াৰ প্লেটফৰ্মৰ জৰিয়তে ঘৰুৱা বজাৰত তেওঁলোকৰ সামগ্ৰী অনলাইন বিক্ৰী কৰিবলৈ অনুমতি দিয়া নহয়। । কিন্তু Amazonএ বিশেষকৈ এই নীতিৰ উলংঘন কৰি আহিছে ।

    সেয়েহে এই সন্দৰ্ভত, CAITএ কেন্দ্ৰীয় মন্ত্ৰী গোৱেলক আহ্বান জনায় এনেদৰে, " Amazon আৰু Flipkartএ অসাধু বাণিজ্যিক নীতিৰে মুনাফা অৰ্জন কৰি আছে, আৰু দেশৰ ব্যৱসায়ীসকলক পদপথলৈ লৈ আহিছে ! এনেস্থলত বাণিজ্যিক নীতিৰ সুৰঙা থকা আইনসমূহো তৎক্ষণাৎ সংশোধন কৰা উচিত, যাতে এনে অসাধু ব্যৱসায়ৰ পৰা পৰিত্ৰাণ পাব পাৰি । বৰ্তমানৰ বাবে, দেশৰ ই-কমাৰ্চ প্লেটফৰ্মবোৰে প্ৰেছ নোট ২ পালন কৰিবলৈ বাধ্য হৈছে। CAITএ কেন্দ্ৰীয় মন্ত্ৰী গোৱেলক নিয়ম আমূল পৰিৱৰ্তন বিচাৰি এখন নতুন প্ৰেছ নোট ঘোষণা কৰিবলৈও আহ্বান জনাইছে। ইয়াৰোপৰি সংগঠনটোৱে চলিত ১৪-২১ লৈ ই-কমাৰ্চ বিশুদ্ধিকৰণ সপ্তাহ হিচাপে উদযাপন কৰি আছে আৰু সপ্তাহজুৰি তেওঁলোকে Amazon আৰু Flipkartৰ অসৎ বাণিজ্যিক নীতিৰ ওপৰত আলোকপাত কৰি থাকিব।
    First published: