সীমান্ত সুৰক্ষা দিব ৰবটে! থৰকাছুটি হেৰাইছে সন্ত্ৰাসবাদীৰ!

অতি সোনকালে ভাৰতবৰ্ষত যুদ্ধ টেংক আৰু যুদ্ধ বিমান চলাব অত্যাধুনীক প্ৰযুক্তিৰ ৰবটে !

News18-Assam
Updated:May 29, 2019, 10:18 AM IST
সীমান্ত সুৰক্ষা দিব ৰবটে! থৰকাছুটি হেৰাইছে সন্ত্ৰাসবাদীৰ!
অতি সোনকালে ভাৰতবৰ্ষত যুদ্ধ টেংক আৰু যুদ্ধ বিমান চলাব অত্যাধুনীক প্ৰযুক্তিৰ ৰবটে !
News18-Assam
Updated: May 29, 2019, 10:18 AM IST
কাশ্মীৰ সীমান্তত প্ৰতিদিনাই বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ। উগ্ৰপন্থীৰ গুলীত নিহত হৈছে দেশৰ বীৰ জোৱান সকল। সীমান্তত এনেধৰণৰ হিংসাত্মক ঘটনা নাইকীয়া কৰিবলৈ এতিয়া তৎপৰ হৈছে ভাৰতীয় সেনা। সন্ত্ৰাসবাদীক নিধন আৰু সীমান্তত হোৱা শীলাবৰ্ষণ ৰোধ কৰিবলৈ ভাৰতীয় সেনাই নিৰ্মাণ কৰি উলিয়াব অত্যাধুনীক প্ৰযুক্তি সম্পন্ন ৰবট। এনে ৰবটে সহজে উগ্ৰপন্থীক দমন কৰিব পাৰিব লগতে সীমান্তত চলা শীলাবৰ্ষণৰ বিৰুদ্ধেও যুজিব পাৰিব। ইতিমধ্যে ৫০০ টা এনে ধৰণৰ ৰবট নিৰ্মাণ কৰিবলৈ সাজু হৈছে ভাৰতীয় সেনা।


গ্ৰেটাৰ কাশ্মীৰত প্ৰকাশিত তথ্য অনুসৰি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সন্ত্ৰাসবাদী বিৰোধী অভিযান আৰু সীমান্তত সংঘটিত হোৱা অন্য ধৰণৰ হিংসাত্মক কাৰ্যকলাপ ৰোধৰ বাবে এতিয়া ৰবটিক্স অস্ত্ৰ ব্যৱহাৰত গুৰুত্ব দিছে। দৰাচলতে উগ্ৰপন্থীয়ে সেনাৰ ঘাটিত কৰা আক্ৰমণ ৰোধ কৰিবলৈ এই ব্যৱস্থা হাতত লৈছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে।



 

বিগত দুবছৰ ধৰি  DRDOএ  কৰি আছে ৰবট নিৰ্মাণৰ প্ৰাৰম্ভিক কাম কাজ। DRDO ত ইতিমধ্যে ভাৰতীয় সেনাৰ বাবে বিভিন্ন ধৰণৰ ৰবটিক অস্ত্ৰ নিৰ্মাণ কৰি থকা হৈছে,যাৰ ফলত সহজে শত্ৰু পক্ষক যোগ্য প্ৰত্যুত্তৰ দিব পাৰিব ভাৰতীয় সেনাই। এনে প্ৰযুক্তি মুকলি কৰাৰ পিছত কাশ্মীৰ সীমান্তৰ ছবিয়েই সলনি হৈ যাব বুলি আশা কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি