মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»পূৰ্বতকৈ কিমান পৃথক Apple iPhone 13 Pro আৰু iPhone 13 Pro Max, জানক সবিশেষ

পূৰ্বতকৈ কিমান পৃথক Apple iPhone 13 Pro আৰু iPhone 13 Pro Max, জানক সবিশেষ

News18 Assam | News18-Assam
Updated:September 15, 2021, 4:50 PM IST
পূৰ্বতকৈ কিমান পৃথক Apple iPhone 13 Pro আৰু iPhone 13 Pro Max, জানক সবিশেষ
Photo: iPhone 13 Pro/Apple.

এপলে নিজৰ সকলো কেমেৰাত নাইট মোড দিছে, আৰু আইফোন ১৩ প্ৰ’ আৰু আইফোন ১৩ প্ৰ’ মেক্স মডেলত মেক্ৰ’ মোডো উপলব্ধ কৰাইছে।

  • News18 Assam
  • Last Updated: September 15, 2021, 4:50 PM IST
  • Share this:
এপলে (Apple)এ আইফোন ১৩ প্ৰ’ (iPhone 13 Pro) আৰু আইফোন ১৩ প্ৰ’ মেক্স (iPhone 13 Pro Max)ৰ বহু নতুন আপগ্ৰেডৰ সৈতে লৈ আহিছে। দুয়োটা ফোন কোম্পানীৰ iPhone 13 আৰু iPhone 13 Mini মডেলৰ পৰা প্ৰিমিয়ামৰ ৰূপত আহিছে। এইবাৰ কোম্পানীটোৱে আইফোনত প্ৰথমবাৰলৈ 120Hz Pro মোচন ডিচপ্লে সংলগ্ন কৰিছে। এপলে iPhone 12 ছিৰিজত 60Hz ডিছপ্লে দিছিল। ইভেণ্টত কোম্পানীয়ে আইফোন ১৩, আইফোন ১৩ মিনিও আগবঢ়াইছে। লগতে নতুন আইপেড আৰু নতুন এপল ৱাচ ছিৰিজ ৭ গ্ৰহকলৈ আগবঢ়াইছে।

এপলে কয় যে আইফোন ১৩ প্ৰ’ মডেল নতুন কেমেৰা আপগ্ৰেডৰ সৈতে আহিছে, য’ত 3x অপ্টিকেল জুমৰ সৈতে টেলিফটো লেঞ্চ, উন্নত ল’ লাইট ফটোগ্ৰাফীৰ বাবে ডাঙৰ ছেঞ্চৰৰ সৈতে এক আলট্ৰা ৱাইড কেমেৰা দিয়া হৈছে।

এপলে নিজৰ সকলো কেমেৰাত নাইট মোড দিছে, আৰু আইফোন ১৩ প্ৰ’ আৰু আইফোন ১৩ প্ৰ’ মেক্স মডেলত মেক্ৰ’ মোডো উপলব্ধ কৰাইছে।

কোম্পানীয়ে ফটোগ্ৰাফিক ষ্টাইলো শ্ব’কেছ কৰিছে, যিয়ে ৰিয়েল টাইম এডিটিঙৰ সুবিধা প্ৰদান কৰে। আহক জানো কিমান দাম iPhone 13 Pro আৰু iPhone 13 Pro Maxৰ।

iPhone 13 Proৰ দাম

এপলে এই ডিভাইচক চাৰিটা ষ্ট’ৰেজ অপচনত মুকলি কৰিছে। ভাৰতত iPhone 13 Proৰ 128GB বেছ মডেলৰ দাম ১,১৯,৯০০ টকা ধাৰ্য কৰা হৈছে। আনহাতে, ইয়াৰ 256GB মডেলৰ দাম ১,২৯,৯০০ টকা, 512GBৰ দাম ১,৪৯,৯০০ টকা আৰু 1TB ষ্ট’ৰেজ ভেৰিয়েণ্টৰ দাম ১,৬৯,৯০০ টকা। ফোনটো চাৰিটা ৰং গ্ৰেফাইট, গ’ল্ড, ছিলভাৰ আৰু নীলা ৰঙত উপলব্ধ হ’ব।

iPhone 13 Pro Maxৰ দাম

ভাৰতত iPhone 13 Pro Maxৰ দাম 128GBৰ বেছ ষ্ট’ৰেজ অপচনৰ বাবে ১,২৯,৯০০ টকাৰ পৰা আৰম্ভ। ইয়াৰ 256GB, 512GB আৰু 1TB ষ্ট’ৰেজ অপচনো উপলব্ধ হ’ব। ইয়াৰ 256GBৰ দাম ১,৩৯,৯০ টকা, 512GBৰ দাম ১,৫৯,৯০০ টকা আৰু 1TB ষ্টৰেজৰ দাম ১,৭৯,৯০০ টকা। এই ফোনটো গ্ৰেফাইট, গ’ল্ড, ছিলভাৰ আৰু  Sierra, এই চাৰিটা ৰঙত উপলব্ধ হ’ব।
Published by: Sanjay Kumar Das
First published: September 15, 2021, 4:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি