Apple Event 2020: এপলে 5G সংযোগৰ সৈতে মুকলি কৰিলে iPhone 12 চিৰিজৰ চাৰিটা ম’বাইল ফোন, চাওক মূল্য

News18 Assam | News18-Assam
Updated:October 14, 2020, 9:44 AM IST
Apple Event 2020: এপলে 5G সংযোগৰ সৈতে মুকলি কৰিলে iPhone 12 চিৰিজৰ চাৰিটা ম’বাইল ফোন, চাওক মূল্য

  • Share this:
কেলিফোৰ্নিয়াঃ Appleৰ নতুন আইফোন লন্স হ’ল। ক্ৰেতাৰ দীঘলীয়া প্ৰতীক্ষাৰ পিছত এপলে নিজৰ আইফোন 12 চিৰিজৰ পৰা পৰ্দা টানিলে। মঙলবাৰে নিশা কোম্পানীয়ে কেলিফোৰ্নিয়াৰ ক্যুপৰ্টিনো স্থিত এপল হেডকোৱাৰ্টাৰত অনুষ্ঠিত ‘হাই স্পীড’ ইভেণ্টত iPhone 12, iPhone 12 Mini, iPhone 12 Pro আৰু iPhone 12 Pro Max লন্স কৰে। ইভেণ্টত কোম্পানীয়ে স্মাৰ্ট হোম পড স্পীকাৰো লন্স কৰে। কোম্পানীৰ মতে, আইফোন 12 মিনী বিশ্বৰ সকলোতকৈ খীন আৰু পাতল 5G স্মাৰ্টফোন। উল্লেখ্য যে, এই ইভেণ্টৰ আৰম্ভনি কোম্পানীৰ চিইঅ’ টীম কুকে কৰে। iPhone 12 Mini ত 5.4 ইঞ্চিৰ ডিচপ্লে পাব যিটো এই চিৰিজৰ সকলোতকৈ সৰু আইফোন হয়। আনহাত iPhone 12 Pro Maxত সকলোতকৈ ডাঙৰ অৰ্থাৎ 6.7 ইঞ্চিৰ ডিচপ্লে দিয়া গৈছে।

আইফোন 12 চিৰিজৰ মূল্যঃ
iPhone 12 Mini 64GB: ₹69,900 128GB: ₹74,900 256GB: ₹84,900

iPhone 12 64GB: ₹79,900 128GB: ₹84,900 256GB: ₹94,900
iPhone 12 Pro 128GB: ₹1,19,900 256GB: ₹1,29,900 512GB: ₹1,49,900
iPhone 12 Pro Max 128GB: ₹1,29,900 256GB: ₹1,39,900 512GB: ₹1,59,900

আইফোন 12ৰ লগত পাব এ-14 বায়’নিক প্ৰচেচৰ। এই প্ৰচেচৰ বিশ্বৰ সকলোতকৈ দ্ৰুত প্ৰচেচৰ বুলি দাবী কৰা হৈছে। এ-13ৰ তুলনাত এই প্ৰচেচৰ মূল্য ৫০শতাংশ অধিক বুলি দাবী কৰা হৈছে। iPhone 12ৰ কেমেৰাৰ সৈতে আল্ট্ৰা ৱাইড মোড, নাইট মোডৰ দৰে ফীচাৰ্চ লাভ কৰিব। বিশেষ কথা এইটোৱে যে আইফোন 12ৰ সকলো মডেলত নাইট মোড পাব। ইয়াৰ পূৰ্বৰ আইফোন 11ৰ সকলো মডেলত নাইট মোড নাছিল। নাইট মোডতো টাইম লেপছ পাব। ফোনৰ লগত 50 ৱাট পৰ্যন্ত ৱায়াৰলেছ ফাষ্ট চাৰ্জিঙৰ চাপ’ৰ্ট লাভ কৰিব। উন্নত ৱায়াৰলেছ চাৰ্জিঙৰ কাৰণে আইফোন 12ত মেগচেফ টেকন’লজী দিয়া হৈছে। একেটা চাৰ্জাৰেৰে আইফোন 12 আৰু এপল ৱাচ চাৰ্জ কৰিব পাৰিব।

আইফোন 12 মিনি লন্স

ইয়াত আছে 5.4 ইঞ্চিৰ ডিচপ্লে। বিশ্বৰ সকলোতকৈ খীন আৰু পাতল 5জি স্মাৰ্টফোন এইটো। ইয়াত আইফোন 12ৰ সকলো ফীচাৰ্চ পাব। ডুৱেল ৰিয়েৰ কেমেৰা, নাইট মোড লাভ কৰিব। আইফোন 12 মিনিৰ মূল্য 699 ডলাৰ আৰু আইফোন 12ৰ মূল্য 799 ডলাৰ। iPhone 12 proত পাব ত্ৰিপল ৰিয়েৰ কেমেৰা। ইয়াত প্ৰ’ ডিজাইন পাব। ইয়াৰ বডী ষ্টেইনলেছ ষ্টীল আৰু গ্লাছৰ হয়। ইয়ে আই পি টেষ্টিঙত 68 ৰেটিং পাইছে অৰ্থাৎ এই ফোনটো ছয় মিটাৰ গভীৰ পানীত ৩০ মিনিট পৰ্যন্ত থাকিব পাৰে। ইয়াত 6.7 ইঞ্চিৰ ডিচপ্লে পাব। ইয়াত চুপাৰ ৰেটিনা এক্স ডি আৰ ডিচপ্লে আছে। ইয়াত এ-14 প্ৰচেচৰো পাব। কেমেৰাৰ লগতে ডিপ ফিউজন পাব। ইয়াত 12 মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড এংগল কেমেৰা পাব।

12 মেগাপিক্সেলৰ টেলিফটো লেন্সো পাব। iPhone 12 PRO Maxতো পাব ত্ৰিপল ৰিয়েৰ কেমেৰা। সকলো লেন্স 12 মেগাপিক্সেলৰ হ’ব। কেমেৰাৰ লগতে পাব এচডিআৰ ভিডিও ৰেকৰ্ডিং। 60 ফ্ৰেম প্ৰতি ছেকেণ্ডৰ হিচাপত ভিডিও ৰেকৰ্ডিঙো পাব। Lidar চেন্সৰৰ দ্বাৰা লেচ হয় আইফোন। এই চেন্সৰৰ সহায়ত আপুনি যিকোনো সামগ্ৰী স্কেন কৰিব পাৰে। এইটো যথেষ্ট পৰিমাণে এক্সৰেৰ দৰেই হ’ব। ইয়াৰ লগতে ল’ লাইটতো অট’ ফকাচ লাভ কৰিব। আইফোন 12 প্ৰ’ৰ মূল্য 999 ডলাৰ আৰু আইফোন 12 প্ৰ’ মেক্সৰ মূল্য 1099 ডলাৰ। নতুন আইফোন মুকলি কৰাৰ লগে লগে পুৰণি আইফোনৰ মূল্য কৰ্তন কৰা হৈছে।
First published: October 14, 2020, 9:44 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading