Amazonত আকৰ্ষণীয় অফাৰ, ৰেহাই মূল্যত কিনক পছন্দৰ স্মাৰ্টফোন

এই বিক্ৰীৰ জৰিয়তে স্মাৰ্ট ফোন, টিভি, ঘৰুৱা সামগ্ৰী, ফেশ্বন, গ্ৰোচাৰী, প্ৰসাধন আদি সামগ্ৰীত পাব আকৰ্ষণী ৰেহাই।

News18-Assam
Updated:September 29, 2019, 12:25 PM IST
Amazonত আকৰ্ষণীয় অফাৰ, ৰেহাই মূল্যত কিনক পছন্দৰ স্মাৰ্টফোন
এই বিক্ৰীৰ জৰিয়তে স্মাৰ্ট ফোন, টিভি, ঘৰুৱা সামগ্ৰী, ফেশ্বন, গ্ৰোচাৰী, প্ৰসাধন আদি সামগ্ৰীত পাব আকৰ্ষণী ৰেহাই।
News18-Assam
Updated: September 29, 2019, 12:25 PM IST
এমেজনৰ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল ছেলৰ আৰম্ভ আজিৰে পৰা আৰম্ভ হৈছে। গ্ৰাহকে ৪ অক্টোবৰলৈ গ্ৰহণ কৰিব পাৰিব এই সুবিধা। এই বিক্ৰীৰ জৰিয়তে স্মাৰ্ট ফোন, টিভি, ঘৰুৱা সামগ্ৰী, ফেশ্বন, গ্ৰোচাৰী, প্ৰসাধন আদি সামগ্ৰীত পাব আকৰ্ষণী ৰেহাই। আহক জানো স্মাৰ্টফোনৰ ৰেহাই সম্পৰ্কে :

Redmi 7A: শ্বিয়’মীৰ এই বাজেট ফোনটো Amazon ছেলত ৫,৪৯৯ টকাত লাভ কৰিব গ্ৰাহকে। এই দামত এমেজন পে’ বেলেঞ্চত ৫০০ টকাৰ কেছবেকো অন্তৰ্ভুক্ত হৈ আছে।

Samsung Galaxy M30: ১০ হাজাৰতকৈও কম মূল্যৰ এয়া এক আকৰ্ষণীয় স্মাৰ্টফোন। Amazonৰ গ্ৰেট ইণ্ডিয়ান ছেলত এই ফোনটো উপলব্ধ হ’ব ৯,৯৯৯ টকাত।

Oppo Reno 2 : যদি আপুনি Oppo Reno 2 ফোন কিনিব বিচাৰে তেন্তে পাব ৮ শতাংশ ৰেহাই। ইমানেই নহয়, এই মোবাইল ফোনত আপুনি লাভ কৰিব ন’ কষ্ট EMIৰ উপৰি এডিশ্যনেল এক্সচেঞ্জ অফাৰো।

Redmi 7: শ্বিয়’মীৰ এই স্মাৰ্টফোনটোত আছে আকৰ্ষণীয় ৰেহাই। গ্ৰাহকে ৫,৯৯৯ টকাত লাভ কৰিব এই ফোনটো। ইয়াৰ ভিতৰত আছে ১০০০ টকাৰ এমেজন পে’ কেছবেক।

Samsung Galaxy Note 9: এমেজনৰ গ্ৰেট ইণ্ডিয়ান ছেলত এই স্মাৰ্টফোনটো ৪২,৯৯৯ টকাত উপলব্ধ হ’ব।

Samsung Galaxy Note 10: যদি আপুনি শেহতীয়া মডেলৰ এই ফোনটো কিনিব বিচাৰে তেন্তে এমেজন ছেলে আগবঢ়াইছে সুবিধা। এই ফোনটোত ৭ শতাংশ ৰেহাইৰ লগতে কেইবাটাও অফাৰ আছে। এই ফোনটোত পাব ন’ কষ্ট EMIৰ এডিশ্যনেল এক্সচেঞ্জৰ অফাৰো।

SBI কাৰ্ডত অফাৰ
Amazon গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেলৰ বাবে এমেজনে ভাৰতীয় ষ্টেট বেংকৰ সৈতে বুজাপৰা কৰিচে। সেমৰ্মে যদি আপুনি SBI ডেবিট কাৰ্ড ব্যৱহাৰ কৰে তেন্তে ১০ শতাংশ অতিৰিক্ত ৰেহাই লাভ কৰিব।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি