সংযোগ স্থাপন কৰিব পৰা যাবনে চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে? কি ক’লে ISROই?

ISRO–এ সোমবাৰে মন্তব্য কৰিছিল যে চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰমৰ হাৰ্ড লেণ্ডিং হৈছিল যদিও কোনো ক্ষয়–ক্ষতি হোৱা নাই।

News18-Assam
Updated:September 10, 2019, 2:33 PM IST
সংযোগ স্থাপন কৰিব পৰা যাবনে চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে? কি ক’লে ISROই?
ISRO–এ সোমবাৰে মন্তব্য কৰিছিল যে চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰমৰ হাৰ্ড লেণ্ডিং হৈছিল যদিও কোনো ক্ষয়–ক্ষতি হোৱা নাই।
News18-Assam
Updated: September 10, 2019, 2:33 PM IST
সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া নিবদ্ধ আছে ভাৰতৰ চন্দ্ৰযান–২ মিছনৰ ওপৰত। লেণ্ডাৰ বিক্ৰমৰ সৈতে সম্পন্ন বিচ্ছিন্ন হোৱাৰ পিছত আশাহত হৈ পৰিছিল ভাৰতবাসী। কিন্তু তাৰ পিছত লেণ্ডাৰ বিক্ৰম অক্ষত অৱস্থাত থকা বুলি ISRO–এ কৰা ঘোষণাত পুনৰবাৰ দেশবাসীৰ আশা সজীৱ হৈ পৰিছে। ISRO–এ জনাইছে যে লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ স্থাপনৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰখা হৈছে।

ISRO–এ সোমবাৰে মন্তব্য কৰিছিল যে চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰমৰ হাৰ্ড লেণ্ডিং হৈছিল যদিও কোনো ক্ষয়–ক্ষতি হোৱা নাই। অৰ্থাৎ অক্ষত অৱস্থাত আছে লেণ্ডাৰ বিক্ৰম। ISRO–এ পুনৰ সংযোগ স্থাপনৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে বিগত শুকুৰবাৰে নিশা চন্দ্ৰপৃষ্ঠত অৱতৰণৰ প্ৰাকমুহূৰ্তত ISROৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল লেণ্ডাৰ বিক্ৰমৰ। লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ স্থাপনৰ বাবে এতিয়া ISROৰ হাতত আছে ১২ দিন সময়। এই কেইদিনত সংযোগ স্থাপন কৰিব নোৱাৰিলে শেষ হ’ব পাৰে ‘মিছন চন্দ্ৰ’ৰ আশা।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি