• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • অৱশেষত পোহৰলৈ আহিল লাখ লাখ মানুহে বছৰ বছৰ ধৰি শুনা Alexaৰ কণ্ঠস্বৰৰ আঁৰৰ মহিলাগৰাকীৰ পৰিচয়...

অৱশেষত পোহৰলৈ আহিল লাখ লাখ মানুহে বছৰ বছৰ ধৰি শুনা Alexaৰ কণ্ঠস্বৰৰ আঁৰৰ মহিলাগৰাকীৰ পৰিচয়...

অৱশেষত লাখ লাখ মানুহে বছৰ বছৰ ধৰি শুনি অহা alexaৰ কণ্ঠস্বৰটো কলৰাডোৰ ভইচ এক্ট্ৰেছ আৰু গায়িকা (Voice actress and singer) Nina Rolleৰ বুলি জানিব পৰা গৈছে।

অৱশেষত লাখ লাখ মানুহে বছৰ বছৰ ধৰি শুনি অহা alexaৰ কণ্ঠস্বৰটো কলৰাডোৰ ভইচ এক্ট্ৰেছ আৰু গায়িকা (Voice actress and singer) Nina Rolleৰ বুলি জানিব পৰা গৈছে।

অৱশেষত লাখ লাখ মানুহে বছৰ বছৰ ধৰি শুনি অহা alexaৰ কণ্ঠস্বৰটো কলৰাডোৰ ভইচ এক্ট্ৰেছ আৰু গায়িকা (Voice actress and singer) Nina Rolleৰ বুলি জানিব পৰা গৈছে।

  • Share this:
বিশ্বব্যাপী ১০০ নিযুতৰো অধিক ব্যৱহাৰকাৰীয়ে এমাজন (Amazon) ভইচ-এচিষ্টেণ্ট এলেক্সা (Voice Assistant Alexa) ভাল পায় আৰু তেওঁলোকে ইয়াৰ আঁৰৰ কণ্ঠস্বৰ (Voice behind Alexa) কোন মহিলাৰ সেয়া জানিবলৈ আগ্ৰহী। কিন্তু এমাজনে এতিয়ালৈকে এই ৰহস্যটো মুকলি কৰা নাছিল।

এতিয়া অৱশেষত লাখ লাখ মানুহে বছৰ বছৰ ধৰি শুনি অহা কণ্ঠস্বৰটো কলৰাডোৰ ভইচ এক্ট্ৰেছ আৰু গায়িকা (Voice actress and singer) Nina Rolleৰ বুলি জানিব পৰা গৈছে। কিতাপখন লিখা এজন সাংবাদিক ব্ৰেড ষ্ট'নে (Journalist Brad Stone) প্ৰকাশ কৰিছিল যে এমাজনৰ প্ৰতিষ্ঠাপকক এলেক্সাৰ বাবে বহুকেইটা কণ্ঠস্বৰৰ প্ৰয়োজন আছিল।
অৱশ্যে, অভিযন্তাসকলে এইটো ভাল পোৱা নাছিল কিয়নো সকলোৱে এনে এটা মাত থকাটো বিচাৰিছিল যি পোনপটীয়াকৈ গুগল আৰু এপলক প্ৰচণ্ড আঘাট কৰিব পাৰে। যি কি নহওক, বজাৰত স্মাৰ্ট হোম ডিভাইচ আৰু স্পীকাৰৰ ওপৰত যথেষ্ট প্ৰতিযোগিতা দেখা গৈছে।
যদিও সকলো iOS ডিভাইচত চিৰিৰ কণ্ঠস্বৰ চিনাক্ত কৰিব পাৰি, গুগল আৰু এলেক্সাৰ নিজা পৰিচয় আছে। এলেক্সাৰ কাৰণে মাহিলী মাচুল পৰিশোধ কৰিব নালাগে। ই ইণ্টাৰনেট সংযোগেৰে কাম কৰে। যদি আপোনাৰ এমাজন প্ৰাইম একাউণ্ট মেম্বাৰশ্বিপ আছে তেন্তে ই আপোনাৰ বাবে আৰু অধিক লাভজনক হ'ব পাৰে।

এলেক্সাই ২০১৪ চনত আত্মপ্ৰকাশ কৰিছিল
এলেক্সাই ২০১৪ চনত আত্মপ্ৰকাশ কৰিছিল। এলেক্সা প্ৰথমে এমাজন ইকো স্মাৰ্ট স্পীকাৰ আৰু এমাজন ডটত ব্যৱহাৰ কৰা হৈছিল। আজি এই ভইচটো সমগ্ৰ বিশ্বৰ ২০,০০০ ডিভাইচত ব্যৱহাৰ কৰা হয়। কিতাপখনে প্ৰকাশ কৰিছে যে, এমাজনে এই কণ্ঠস্বৰৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে। এলেক্সা দলটোৱে ইয়াৰ বাবে কেইবাটাও তথ্য সংগ্ৰহ কৰিছিল আৰু তাৰ পিছত এচিষ্টেণ্টৰ বাবে এটা মাত বাছনি কৰিছিল।
Rolleএ হোণ্ডা, চেজ, লকহিড মাৰ্টিন, জেনি ক্ৰেজ, টাৰ্ণাৰ ক্লাছিক মুভিজৰ বাবেও কণ্ঠ দান কৰিছে। এলেক্সা এক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ সেৱা বুলি জনা যায়, আনহাতে ইকো হৈছে এলেক্সাৰ সৈতে সংযোগ কৰিবলৈ ব্যৱহৃত এক ফিজিজেল ডিভাইচ। উদাহৰণ স্বৰূপে এলেক্সা হৈছে এক ইণ্টাৰনেট সেৱা আৰু ইকো আপোনাৰ কম্পিউটাৰ আৰু লেপটপৰ দৰে।

Amazon Alexa কি, ই কেনেকৈ আৰু কি কাম কৰে?
এলেক্সা (Alexa) হৈছে এমাজন (Amazon)ৰ ডিজিটেল ভইচ এচিষ্টেণ্ট (Digital Voice Assistant)। এমাজন এলেক্সা পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় ডিজিটেল ভইচ এচিষ্টেণ্টৰ মাজৰ এটা। আপুনি ইয়াক আপোনাৰ স্মাৰ্টফোন আৰু এমাজনৰ ইকো প্ৰডাক্টছ (Echo Product)ত ব্যৱহাৰ কৰিব পাৰে। ই হৈছে এক প্ৰকাৰৰ উচ্চ-প্ৰযুক্তিৰ সামগ্ৰী যি আপোনাৰ স্মাৰ্ট হোম গেজেটবোৰো নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ জৰিয়তে আপুনি দুৱাৰখন বন্ধ কৰিব পাৰে, লাইটবোৰ ডিম কৰিব পাৰে আৰু থাৰ্মোষ্টেটটো সুশৃংখল কৰিব পাৰে। আপুনি ইয়াক আপোনাৰ কাৰিকৰী সেৱক বুলিও ক'ব পাৰে। এলেক্সাত, আপুনি গান শুনা, সূচনা দিয়া, ইমেইল পঢ়া, বতৰৰ তথ্য, কিছুমান খেলৰ স্ক’ৰ, কল কৰিবলৈ, স্মাৰ্টফোন নিয়ন্ত্ৰণ কৰাৰ দৰে বিনামূলীয়া সুবিধা লাভ কৰিব পাৰে।
Published by:Kokil Sarma
First published: